--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ  বৰ্তমান সময়ত সৰ্বাধিক চৰ্চাত থকা এটা নাম.. নূপুৰ শৰ্মা। নুপূৰ শৰ্মাই কৰা এটা মন্তব্যত জ্বলিছে দেশ। যি জুই বিয়পি পৰিছে বিদেশতো। হজৰত মহম্মদকলৈ বিতৰ্কিত মন্তব্য কৰি দলৰ পৰা নিলম্বিত হ’ল বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মা।নূপুৰ শৰ্মাই এটা টেলিভিছন টকশ্বত হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছতে কানপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। এই হিংসাত্মক ঘটনাৰ জুই ক্ৰমে দেশে-বিদেশে বিয়পি পৰিছে। হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ পিছত বিজেপিয়ে তাৎক্ষণিক ভাৱে দলটোৰ মুখপাত্ৰ নূপুৰ শৰ্মাক দলৰ প্ৰাথমিক সদস্যপদৰ পৰা নিলম্বন কৰে। বিশ্বৰ ইছলামধৰ্মী দেশসমূহত নূপুৰ শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ। 

হজৰত মহম্মদ সম্পৰ্কত নূপুৰ শৰ্মাই অতি বিতৰ্কিত মন্তব্য কৰাৰ পাছতে কাটাৰ, কুৱেইট,  ইউএই, পাকিস্তান, মালদ্বীপ, ইণ্ডোনেছিয়া আদি ইছলামধৰ্মী দেশৰ ৰোষৰ বলি হৈছিল ভাৰত। বিজেপিয়ে পৰিস্থিতিৰ শাম কটাবলৈ নূপুৰ শৰ্মাক নিলম্বিত কৰিছে আৰু ভৱিষ্যতে যাতে এনে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন দল তথা চৰকাৰ হ’বলগীয়া নহয় তাৰ বাবে বিজেপিয়ে সতৰ্কতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে। হজৰত মহম্মদক লৈ কৰা নূপুৰ শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি শুকুৰবৰীয়া নামাজৰ পাছত দেশৰ কেইবাটাও ঠাইত প্ৰতিবাদত নামি পৰিছে সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোক৷ 

একেটা বিষয়ক লৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, প্ৰয়াগৰাজ, দেওবন্দ আৰু মোৰাদাবাদত শুকুৰবৰীয়া নামাজৰ পিছত প্ৰতিবাদ অনুষ্ঠিত হৈছিল। চাহাৰনপুৰত  আন্দোলন ইমানেই উত্তেজনাপূৰ্ণ হৈ পৰিছিল যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয়। দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিম বংগৰ কিছু অংশ, ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী, মুম্বাই আৰু আন ঠাইত হজৰত মহম্মদৰ বিৰুদ্ধে বিজেপি কৰ্মকৰ্তাসকলে দিয়া সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে দেশৰ কেইবাটাও ঠাইত আজি শুকুৰবৰীয়া নামাজৰ পাছতেই প্ৰতিবাদত নামি পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল৷ 

ঘৃণনীয় মন্তব্যৰে দেশ-বিদেশ জ্বলোৱা নুপূৰ শৰ্মা প্ৰকৃততে কোন? ১৯৮৫ চনৰ ২৩ এপ্ৰিলত দিল্লীত এটা সুশিক্ষিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিলে নূপুৰে। পঢ়ি থকা অৱস্থাৰ পৰাই ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈছিল নুপূৰ শৰ্মা। দিল্লীৰ ল’ কলেজৰ পৰা পঢ়া-শুনা কৰাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল।দিল্লীৰ হিন্দু মহাবিদ্যালয়ৰ পৰাও তেওঁ পঢ়া-শুনা কৰিছিল আৰু তাৰপিছত Law Faculty College পৰা আইন বিষয়ত অধ্যয়ন কৰিছিল। 

অধিক পঢ়া-শুনা কৰিবলৈ নূপুৰে ২০১১ চনত লণ্ডন স্কুল অৱ ইকনমিক্স (এল এছ ই)ৰ পৰা এলএলএম সম্পূৰ্ণ কৰে। কলেজীয়া দিনৰ পৰাই ৰাজনীতিৰ লগত জড়িত হৈ আছে নূপুৰ শৰ্মা। তেওঁ ২০০৯ চনৰ জুলাই মাহৰ পৰা ২০১০ চনৰ জুন মাহলৈকে টিচ ফৰ ইণ্ডিয়াৰ এম্বেছাদৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অষ্ট্ৰেলিয়া-ভাৰত যুৱ সংলাপৰ তথ্য অনুসৰি ২০০৮ চনত দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা নুপুৰ শৰ্মাৰ ৰাজনৈতিক জীৱন তেতিয়াই আৰম্ভণি হৈছিল। ইয়াৰ পিছতে তেওঁ বিজেপিৰ যুৱ শাখাৰ সৈতে কাম কৰিছিল। 

দলৰ  প্ৰবীণ নেতা অৰবিন্দ প্ৰধান, অৰুণ জেটলী আৰু অমিত শ্বাহৰ সৈতেও কাম কৰিছে নূপুৰে। ২০১৫ চনত মাত্ৰ ৩০ বছৰ বয়সতে ২০১৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট দিয়া হৈছিল। কিন্তু অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে  কঠোৰ যুঁজ দিয়াৰ পাছতো তেওঁ ৩১ হাজাৰ ভোটত পৰাজিত হয়। কিছুদিনৰ পাছত অভিনেতা-নেতা মনোজ তিৱাৰীৰ নেতৃত্বত বিজেপিৰ দিল্লী ইউনিটৰ আনুষ্ঠানিক মুখপাত্ৰ হিচাপে নুপুৰক নিযুক্তি দিয়া হয়। ২০২০ চনত জে.পি. নাড্ডাৰ অধ্যক্ষতাত নূপুৰ শৰ্মাক বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছিল। 

তেওঁৰ শক্তিশালী ভাৱমূৰ্তি, জাতীয় বিষয়সমূহৰ ওপৰত ভাল জ্ঞান আৰু দক্ষতাৰ বাবে তেওঁক প্ৰায়ে টিভিৰ শ্বসমূহৰ বাবে পঠোৱা হৈছিল। বিজেপি নেতাসকলৰ মতে তেওঁক আৰম্ভণিৰে পৰাই এগৰাকী শক্তিশালী আৰু দক্ষতাপূৰ্ণ নেত্ৰী হিচাপে দেখা গৈছিল। উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত সংবাদ মাধ্যমৰ সমন্বয়কে ধৰি বহু গুৰুত্বপূৰ্ণ কাম নূপুৰ শৰ্মাক অৰ্পণ কৰি আহিছে দলটোৱে। শেহতীয়াকৈ তেওঁ বিজেপিৰ মহিলা শাখাৰ প্ৰশিক্ষণ শিবিৰতো সংবাদ মাধ্যম আৰু যোগাযোগ বিষয়ত ভাষণ দি আহিছে। 

উল্লেখ্য যে দলত শক্তিশালী ভূমিকা পালন কৰি থকাৰ পাছতো হজৰত মহম্মদ আৰু মুছলমান সমাজৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা বাবেই তেওঁক ৬ বছৰলৈ বিজেপিৰ পৰা নিলম্বন কৰা হৈছে। বিজেপিয়ে কয় যে বিজেপিয়ে প্ৰতিটো ধৰ্মক সন্মান কৰে আৰু তেওঁলোকৰ কোনো সদস্যকে এনেধৰণৰ বক্তব্য দিবলৈ অনুমতি দিয়া নহয়। এনে বক্তব্য দিলেই প্ৰতিজনেই দলৰ শাস্তিৰ সন্মুখীন হোৱাটো অৱধাৰিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে