--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ইতিহাসত আটাইতকৈ বিৰল প্ৰচণ্ড শীত আৰু হিমপাতে দেশখনৰ জনজীৱন বিপৰ্যস্ত কৰি তুলিছে৷ বিৰল শীতকালীন ধুমুহাই সমগ্ৰ দক্ষিণ আমেৰিকাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ টেক্সাছৰ পৰা ফ্লৰিডালৈকে ১৫০০ মাইলতকৈ অধিক দূৰত্বলৈকে বিপজ্জনক শীতৰ ধুমুহাৰ গ্ৰাসত পৰিছে৷ দেশখনত শীতৰ ইমান ভয়াৱহ ৰূপ কেইবাটাও প্ৰজন্মৰ লোকে দেখা পোৱা নাছিল৷ 

শীতৰ ধুমুহাই কেৱল দক্ষিণৰ ৰাজ্যসমূহৰ তাপমাত্ৰা হ্ৰাস কৰাই নহয়, দেশখনৰ অধিকাংশকে প্ৰচণ্ড শীতৰ কবলত পেলাইছে৷ দেশখনত এতিয়ালৈকে দহজনতকৈ অধিক লোকৰ মৃত্যু হৈছে৷ ইয়াৰ লগতে আজি টেক্সাছ, লুইছিয়ানা, আলাবামা, জৰ্জিয়া আৰু ফ্লৰিডাৰ ডেৰ লাখতকৈ অধিক ঘৰৰ বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে৷ পথৰ পৰা বৰফ আঁতৰোৱাৰ কাম চলি আছে৷ জনসাধাৰণক বৰফেৰে আবৃত পথলৈ ওলাই নাহিবলৈ পৰামৰ্শ দিয়া হৈছে৷ বতৰৰ আগলি বতৰা অনুসৰি কাইলৈও তাপমাত্ৰা শূন্যৰ তলতে থাকিব৷ প্ৰচণ্ড হিমপাত আৰু শীতৰ কাৰণে ২১০০খনতকৈ অধিক বিমানৰ উৰণ বাতিল কৰা হৈছে৷ 

মিছিছিপি, আলবামা, ফ্লৰিডা, জৰ্জিয়া আৰু লুইছিয়ানাকে ধৰি ১১খন ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে৷ এই ৰাজ্যসমূহত হিমপাত বন্ধ হোৱাৰ পাছতো কেইবা দিনৰ পাছতহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ উভতি আহিব৷ উত্তৰ মেৰুৰ পৰা অহা বৰফৰ ধুমুহাৰ ফলত হাউষ্টনত ৪ ইঞ্চি, নিউ অৰ্লিয়েন্সত প্ৰায় ১০ ইঞ্চি, ফ্লৰিডাকে ধৰি আন কিছুমান অঞ্চলত ৫-১২ ইঞ্চি বৰফ পৰিছে৷ 

হাউষ্টনৰ মহানগৰীয় অঞ্চলত বৰফৰ ডাঠ তৰপ পৰিছে আৰু ইয়াৰ ফলত তাপমাত্ৰা মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছ হৈছে৷ আনহাতে, কালি লুইছিয়ানাত হিমপাতে সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰে৷ কালি প্ৰতি ঘণ্টাত এক ইঞ্চি হিমপাত হয়৷ অৰ্লিয়েন্সত বৰফৰ ধুমুহা অব্যাহত থাকিব বুলি কোৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক