--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ইতিহাসত আটাইতকৈ বিৰল প্ৰচণ্ড শীত আৰু হিমপাতে দেশখনৰ জনজীৱন বিপৰ্যস্ত কৰি তুলিছে৷ বিৰল শীতকালীন ধুমুহাই সমগ্ৰ দক্ষিণ আমেৰিকাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ টেক্সাছৰ পৰা ফ্লৰিডালৈকে ১৫০০ মাইলতকৈ অধিক দূৰত্বলৈকে বিপজ্জনক শীতৰ ধুমুহাৰ গ্ৰাসত পৰিছে৷ দেশখনত শীতৰ ইমান ভয়াৱহ ৰূপ কেইবাটাও প্ৰজন্মৰ লোকে দেখা পোৱা নাছিল৷ 

শীতৰ ধুমুহাই কেৱল দক্ষিণৰ ৰাজ্যসমূহৰ তাপমাত্ৰা হ্ৰাস কৰাই নহয়, দেশখনৰ অধিকাংশকে প্ৰচণ্ড শীতৰ কবলত পেলাইছে৷ দেশখনত এতিয়ালৈকে দহজনতকৈ অধিক লোকৰ মৃত্যু হৈছে৷ ইয়াৰ লগতে আজি টেক্সাছ, লুইছিয়ানা, আলাবামা, জৰ্জিয়া আৰু ফ্লৰিডাৰ ডেৰ লাখতকৈ অধিক ঘৰৰ বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে৷ পথৰ পৰা বৰফ আঁতৰোৱাৰ কাম চলি আছে৷ জনসাধাৰণক বৰফেৰে আবৃত পথলৈ ওলাই নাহিবলৈ পৰামৰ্শ দিয়া হৈছে৷ বতৰৰ আগলি বতৰা অনুসৰি কাইলৈও তাপমাত্ৰা শূন্যৰ তলতে থাকিব৷ প্ৰচণ্ড হিমপাত আৰু শীতৰ কাৰণে ২১০০খনতকৈ অধিক বিমানৰ উৰণ বাতিল কৰা হৈছে৷ 

মিছিছিপি, আলবামা, ফ্লৰিডা, জৰ্জিয়া আৰু লুইছিয়ানাকে ধৰি ১১খন ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে৷ এই ৰাজ্যসমূহত হিমপাত বন্ধ হোৱাৰ পাছতো কেইবা দিনৰ পাছতহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ উভতি আহিব৷ উত্তৰ মেৰুৰ পৰা অহা বৰফৰ ধুমুহাৰ ফলত হাউষ্টনত ৪ ইঞ্চি, নিউ অৰ্লিয়েন্সত প্ৰায় ১০ ইঞ্চি, ফ্লৰিডাকে ধৰি আন কিছুমান অঞ্চলত ৫-১২ ইঞ্চি বৰফ পৰিছে৷ 

হাউষ্টনৰ মহানগৰীয় অঞ্চলত বৰফৰ ডাঠ তৰপ পৰিছে আৰু ইয়াৰ ফলত তাপমাত্ৰা মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছ হৈছে৷ আনহাতে, কালি লুইছিয়ানাত হিমপাতে সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰে৷ কালি প্ৰতি ঘণ্টাত এক ইঞ্চি হিমপাত হয়৷ অৰ্লিয়েন্সত বৰফৰ ধুমুহা অব্যাহত থাকিব বুলি কোৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন