--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পিছতে বিদেশীৰ বিতাড়ন আৰু অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে আমেৰিকা-মেক্সিকো সীমান্তত সৈন্য নিয়োগ কৰিছে। ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপে বহু ভাৰতীয় প্ৰব্ৰজনকাৰীক শংকিত কৰি তুলিছে৷ সেয়ে ভাৰতে, অবৈধ প্ৰব্ৰজনৰ বিষয়টোত সহযোগিতা কৰি ট্ৰাম্প প্ৰশাসনে ছাত্ৰ ভিছা আৰু দক্ষ শ্ৰমিকৰ বাবে এইচ-১বি ভিছা প্ৰক্ৰিয়া সুৰক্ষিত কৰি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি আশা কৰিছে।

উল্লেখ্য যে, আমেৰিকাই ভাৰতৰ অধিকাংশ দক্ষ শ্ৰমিকৰ বাবে এইচ-১বি ভিছা প্ৰদান কৰে আৰু প্ৰায় ৩ লাখ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আমেৰিকাত অধ্যয় কৰি আছে। আমেৰিকাত বাস কৰা বিদেশীলোকসকলৰ ভিতৰত ভাৰতৰ সংখ্যাই সৰ্বাধিক। আমেৰিকাৰ ট্ৰাম্প চৰকাৰে অনুপ্ৰৱেশৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত ২০ হাজাৰৰো অধিক ভাৰতীয়ৰ জীৱনলৈ বিপদ নামি আহিব পাৰে।

যদিহে ট্ৰাম্প প্ৰশাসনে বিতাড়নৰ ক্ষেত্ৰত অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰে তেন্তে ২০২৪ চনৰ নৱেম্বৰৰ ভিতৰত কোনো নথি-পত্ৰ নথকা ২০,৪০৭ জন ভাৰতীয় প্ৰথমে ক্ষতিগ্ৰস্ত হ’ব পাৰে। এই ভাৰতীয়সকলৰ ভিতৰত নথি-পত্ৰবিহীন ১৭,৯৪০ জন চূড়ান্ত বিতাড়ন নিৰ্দেশৰ অধীনত আছে আৰু আন ২,৪৬৭ জন লোকক আইচিইৰ এনফৰ্চমেণ্ট এণ্ড ৰিমুভেল অপাৰেচনৰ অধীনত আটক কৰি ৰখা হৈছে। ২০২৪ চনৰ নৱেম্বৰৰ ভিতৰত আটক কৰা সকলো দেশৰ মুঠ প্ৰব্ৰজনকাৰীৰ সংখ্যাই ৩৭ হাজাৰ অতিক্ৰম কৰিছে।

উল্লেখ্য যে, আমেৰিকাৰ পৰা নথি-পত্ৰবিহীন নাগৰিকক ঘূৰাই ল’বলৈ অনিচ্ছুক ১৫খন দেশৰ তালিকাত  ইৰাক, দক্ষিণ চুডান আৰু বছনিয়া-হাৰ্জেগোভিনাৰ লগতে ভাৰতকো আইচিইয়ে অন্তৰ্ভুক্ত কৰিছে। আইচিইৰ ২০২৪ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি চাৰি বছৰত বিতাৰিত ভাৰতীয়ৰ সংখ্যা পাঁচগুণ বৃদ্ধি পাইছে। ২০২১ চনত এই সংখ্যা আছিল ২৯২ আৰু ২০২৪ চনত ১৫২৯ লৈ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক