--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পিছতে বিদেশীৰ বিতাড়ন আৰু অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে আমেৰিকা-মেক্সিকো সীমান্তত সৈন্য নিয়োগ কৰিছে। ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপে বহু ভাৰতীয় প্ৰব্ৰজনকাৰীক শংকিত কৰি তুলিছে৷ সেয়ে ভাৰতে, অবৈধ প্ৰব্ৰজনৰ বিষয়টোত সহযোগিতা কৰি ট্ৰাম্প প্ৰশাসনে ছাত্ৰ ভিছা আৰু দক্ষ শ্ৰমিকৰ বাবে এইচ-১বি ভিছা প্ৰক্ৰিয়া সুৰক্ষিত কৰি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি আশা কৰিছে।

উল্লেখ্য যে, আমেৰিকাই ভাৰতৰ অধিকাংশ দক্ষ শ্ৰমিকৰ বাবে এইচ-১বি ভিছা প্ৰদান কৰে আৰু প্ৰায় ৩ লাখ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আমেৰিকাত অধ্যয় কৰি আছে। আমেৰিকাত বাস কৰা বিদেশীলোকসকলৰ ভিতৰত ভাৰতৰ সংখ্যাই সৰ্বাধিক। আমেৰিকাৰ ট্ৰাম্প চৰকাৰে অনুপ্ৰৱেশৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত ২০ হাজাৰৰো অধিক ভাৰতীয়ৰ জীৱনলৈ বিপদ নামি আহিব পাৰে।

যদিহে ট্ৰাম্প প্ৰশাসনে বিতাড়নৰ ক্ষেত্ৰত অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰে তেন্তে ২০২৪ চনৰ নৱেম্বৰৰ ভিতৰত কোনো নথি-পত্ৰ নথকা ২০,৪০৭ জন ভাৰতীয় প্ৰথমে ক্ষতিগ্ৰস্ত হ’ব পাৰে। এই ভাৰতীয়সকলৰ ভিতৰত নথি-পত্ৰবিহীন ১৭,৯৪০ জন চূড়ান্ত বিতাড়ন নিৰ্দেশৰ অধীনত আছে আৰু আন ২,৪৬৭ জন লোকক আইচিইৰ এনফৰ্চমেণ্ট এণ্ড ৰিমুভেল অপাৰেচনৰ অধীনত আটক কৰি ৰখা হৈছে। ২০২৪ চনৰ নৱেম্বৰৰ ভিতৰত আটক কৰা সকলো দেশৰ মুঠ প্ৰব্ৰজনকাৰীৰ সংখ্যাই ৩৭ হাজাৰ অতিক্ৰম কৰিছে।

উল্লেখ্য যে, আমেৰিকাৰ পৰা নথি-পত্ৰবিহীন নাগৰিকক ঘূৰাই ল’বলৈ অনিচ্ছুক ১৫খন দেশৰ তালিকাত  ইৰাক, দক্ষিণ চুডান আৰু বছনিয়া-হাৰ্জেগোভিনাৰ লগতে ভাৰতকো আইচিইয়ে অন্তৰ্ভুক্ত কৰিছে। আইচিইৰ ২০২৪ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি চাৰি বছৰত বিতাৰিত ভাৰতীয়ৰ সংখ্যা পাঁচগুণ বৃদ্ধি পাইছে। ২০২১ চনত এই সংখ্যা আছিল ২৯২ আৰু ২০২৪ চনত ১৫২৯ লৈ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন