--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হায়দৰাবাদ আৰক্ষীয়ে তেলেংগানা চৰকাৰৰ আবকাৰী মন্ত্ৰী ভি. শ্ৰীনিবাস গৌড়ক হত্যাৰ ষড়যন্ত্ৰ ফাদিল কৰিছে৷ মন্ত্ৰী গৌড়ক হত্যাৰ ষড়যন্ত্ৰ ৰচা বিজেপি নেতা জিতেন্দ্ৰ ৰেড্ডীৰ চালকসহ ৮জনক গ্ৰেপ্তাৰ কৰিছে৷ হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত ষ্টিফেন ৰবীন্দ্ৰই কয়, অভিযুক্তই মন্ত্ৰীজনক হত্যা কৰিবলৈ ১৫ কোটি টকা আগবঢ়াইছিল। তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) মন্ত্ৰী শ্ৰীনিবাস গৌড়ৰ হত্যাৰ ষড়যন্ত্ৰ এতিয়া তেলেংগানাত বিজেপি আৰু শাসনাধিষ্ঠ টিআৰএছৰ মাজত সম্পূৰ্ণ ৰাজনৈতিক যুদ্ধলৈ পৰিণত হৈছে। ২ মাৰ্চৰ সন্ধিয়া হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত ষ্টিফেন ৰবীন্দ্ৰই অভিযুক্তৰ হত্যাৰ পৰিকল্পনা ৰাজহুৱা কৰে আৰু বিজেপি সদস্য এ পি জিতেন্দ্ৰ ৰেড্ডীৰ চালকসহ ৮ জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰে। শ্ৰীনিবাস গৌড়ক হত্যাৰ ষড়যন্ত্ৰ কৰা অভিযুক্তসকলক দিল্লীৰ চাউথ এভিনিউস্থিত ৰেড্ডীৰ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। সন্দেহযুক্তসকল, যিসকলে তেলেংগানাৰ মহাবুবনগৰৰ আছিল, তেওঁলোকে মন্ত্ৰীজনক হত্যা কৰাৰ ষড়যন্ত্ৰ চলাবলৈ এজন পেছাদাৰী হত্যাকাৰীও নিয়োগ কৰিছিল আৰু এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ পৰা এটা বন্দুকো সংগ্ৰহ কৰা হৈছিল। বিগত ২৭ ফেব্ৰুৱাৰীত হায়দবাৰাবাদৰ পেটবাছিৰাবাদ আৰক্ষী থানাত ১২০বি, ৩০৭ আৰু ১১৫ আৰ/ ডব্লিউ৩৪ আইপিচি ২৫ (১) অস্ত্ৰ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। আয়ুক্ত ষ্টিফেন ৰবীন্দ্ৰই জনোৱামতে, ঘটনা সন্দৰ্ভত প্ৰাক্তন সাংসদ এপি জিতেন্দ্ৰ ৰেড্ডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ডি কে অৰুণাৰ ভূমিকাৰ ওপৰতো তদন্ত কৰি থকা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন