--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সাৰি নাযায় মন্ত্ৰীপুত্ৰ। ক্ষমতা ৰাগিৰে বলিয়ান হৈ কৃষকৰ দেহৰ ওপৰেৰে গাড়ী চলোৱা মন্ত্ৰীপুত্ৰ আশিস মিশ্ৰৰ জামিন প্ৰত্যাহৰ হ’ব পাৰে। আইন সকলোৰে বাবে সমান বোলা কথাষাৰ ভুৱা বুলি প্ৰতিপন্ন কৰি গুৰুতৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছতো সাৰি যোৱাৰ উপক্ৰম হৈছিল মন্ত্ৰীপুত্ৰ আশিস মিশ্ৰৰ। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিসক অনায়াসে জামিন দিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ে। কিন্তু তেওঁৰ এই ভাল দিন বৰ বেছিদিনলৈ টিকি নথকাৰ সম্ভাৱনা দেখা গৈছে। এইবাৰ কৃষক সংগঠন আৰু ভুক্তভোগীৰ পৰিয়ালৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। আশিস মিশ্ৰৰ লখিমপুৰ খেৰী কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰৰ জামিন আবেদন নাকচৰ শুনানিৰ দিন ধাৰ্য কৰিছে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে। লখিমপুৰ খেৰী কাণ্ডৰ ভুক্তভোগীৰ পৰিয়াল আৰু কৃষক সংগঠনসমূহে আশিস মিশ্ৰৰ জামিন নাকচ কৰিবলৈ আবেদনেৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। এই আবেদনৰ শুনানি ১১ মাৰ্চত গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই তথ্য প্ৰকাশ কৰে।

গাড়ীৰ খুন্দাত চাৰিজন কৃষকৰ মৃত্যু হৈছিল

দেশজোৰা কৃষক বিদ্ৰোহৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদী কৃষকৰ দেহৰ ওপৰেৰে গাড়ী চলাই যোৱা বুলি অভিযোগ উঠিছিল আশিস মিশ্ৰৰ বিৰুদ্ধে। তেওঁৰ গাড়ীৰ খুন্দাত চাৰিজন কৃষকৰ মৃত্যু হৈছিল আৰু তাৰ পাছত হোৱা হিংসাত্মক ঘটনাত আন চাৰিজনে প্ৰাণ হেৰুৱায়। কিন্তু মন্ত্ৰীপুত্ৰ হোৱাৰ সুবাদতে তেওঁ সহজে জামিন লাভ কৰা বুলি অভিযোগ উঠিছিল। আশিস মিশ্ৰ জামিন এলাহাবাদ উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰাৰ পাছত এতিয়া এজনৰ পাছত আন এজন অভিযু্ক্তই জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। এই বিষয়ে প্ৰখ্যাত অধিবক্তা তথা সমাজকৰ্মী প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালত অৱগত কৰে। আশিস মিশ্ৰৰ তেওঁ কয় যে, এইসকল অভিযুক্ত জামিনত মুকলি হোৱাৰ পাছত তেওঁলোকে গোচৰৰ প্ৰমাণ নষ্ট কৰিব পাৰে বুলি প্ৰশান্ত ভূষণে আশংকা প্ৰকাশ কৰিছিল। উচ্চতম ন্যায়ালয়ে প্ৰশান্ত কিশোৰক জনায় যে, ১১ মাৰ্চত কৃষকৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। এলাহাবাদ উচ্চ ন্যায়ালয়ক এই বিষয়ে অৱগত কৰিবলৈকো দেশৰ মুখ্য ন্যায়াধীশে প্ৰশান্ত ভূষণক আহ্বান জনায়। দেশৰ মুখ্য ন্যায়াধীশ ৰমনাই প্ৰকাশ কৰে যে, উচ্চতম ন্যায়ালয়ত আশিস মিশ্ৰৰ জামিন আবেদন বাতিলৰ আবেদনৰ শুনানি গ্ৰহণ নকৰালৈকে উচ্চ ন্যায়ালয়লৈ অহা সকলো জামিন আবেদনৰ শুনানি বন্ধ কৰা দৰকাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন