--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে তেলেংগানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ চেকেন্দ্ৰাবাদত উপস্থিত হৈছিল। চেকেন্দ্ৰাবাদ ভাষণৰত সময়তে প্ৰধানমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰে এটি বিশেষ দৃশ্য৷ এগৰাকী ছোৱালীয়ে প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভাৰ সময়তে পোহৰ আৰু শব্দৰ বাবে নিৰ্মিত টাৱাৰত আৰোহণ কৰিছিল৷ যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ছোৱালীগৰাকীক টাৱাৰটোত উঠি থকা দেখিছিল, তেওঁ ছোৱালীগৰাকীক নামিবলৈ আহ্বান জনাইছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে ছোৱালীগৰাকীক কৈছিল, ‘बेटी मैं आपकी बात सुनूंगा, नीचे उतर जाओ...’ 

উল্লেখ্য যে ছোৱালীজনীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিব বিচাৰিছিল। ইয়াৰ পূৰ্বে জনসভাত ভাষণ দি মোদীয়ে কয় যে বিজেপি চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে দৰিদ্ৰ লোকসকলৰ কল্যাণ সাধন কৰা৷ 

বিআৰএছ চৰকাৰক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১০ বছৰ পূৰ্বে তেলেংগানাত গঠন কৰা চৰকাৰে তেলেংগানাৰ গৌৰৱ আৰু সন্মান সুৰক্ষিত কৰিব নোৱাৰে। বিশ্বই তেলেংগানাবাসীৰ সামৰ্থক প্ৰশংসা কৰে। অৱশ্যে, তেলেংগানা চৰকাৰে জনসাধাৰণক হতাশ কৰিছে। 
কেচিআৰে দলিতসকলৰ আশা-আকাংক্ষাক চূৰ্ণ-বিচূৰ্ণ কৰাৰো অভিযোগ কৰে মোদীয়ে৷

কংগ্ৰেছকো লক্ষ্য কৰি তেওঁ কৈছিল, বিআৰএছ দলিত বিৰোধী আৰু কংগ্ৰেছো ইয়াৰ দৰে একেই। বিআৰএছে নতুন সংবিধান দাবী কৰি আম্বেদকাৰক অপমান কৰিছিল। কংগ্ৰেছৰো একেই ইতিহাস আছে। কংগ্ৰেছে আম্বেদকাৰক দুবাৰকৈ নিৰ্বাচন জিকিবলৈ অনুমতি দিয়া নাছিল।
বি.আৰ.এছ.ৰ দৰে, কংগ্ৰেছৰ দলিত আৰু পিছপৰা শ্ৰেণীৰ প্ৰতি ঘৃণাৰ ইতিহাস আছে। যেতিয়া বিজেপিয়ে ৰামনাথ কোবিন্দজীক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কৰি তুলিছিল, কংগ্ৰেছে তেওঁক পৰাজিত কৰিবলৈ সকলো শক্তি প্ৰয়োগ কৰিছিল আৰু আনকি তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পাছতো, কংগ্ৰেছে তেওঁক ঘৃণা কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যেতিয়া বিজেপিয়ে এগৰাকী মহিলাক ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি হিচাপে নিয়োগ প্ৰস্তাৱ দিছিল, কংগ্ৰেছেও দ্ৰৌপদী মুৰ্মুজীৰ বিৰোধিতা কৰিছিল।  যেতিয়া দলিত চৰকাৰী বিষয়া হীৰালাল সমৰিয়াক মুখ্য তথ্য আয়ুক্ত কৰা হৈছিল, কংগ্ৰেছে তেওঁৰ শপত অনুষ্ঠানৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছে এজন দলিত বিষয়াই উচ্চ চৰকাৰী পদত অধিষ্ঠিত হোৱাটো বিচৰা নাছিল বুলি অভিযোগ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ