--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলীৰ দিনটোতে উজলি উঠিল তেওঁলোকৰ মনৰ আকাশ৷ পোহৰ হৈ পৰিল তেওঁলোকৰ ঘৰকেইখনো৷ আজি যে তেওঁলোক পোহৰৰ বাটেৰে উভতিব আপোন ঘৰলৈ৷ 

পাকিস্তানৰ কৰাচীৰ কাৰাগাৰৰ পৰা মুকলি হৈছে আশীজন ভাৰতীয় মাছমৰীয়া৷ দেওবাৰে ৰে’লযোগে গুজৰাটৰ বদোদৰাত উপস্থিত হয় তেওঁলোক৷ তাৰ পৰা তেওঁলোকক দীপাৱলীৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সৈতে পুনৰ্মিলিত হ’বলৈ বাছযোগে ৰাজ্যখনৰ গিৰ সোমনাথ জিলাৰ ভেৰাভাললৈ লৈ যোৱা হয় বুলি এজন বিষয়াই সদৰী কৰে।

মাছমৰীয়াসকলক বৃহস্পতিবাৰে পাকিস্তানী কৰ্তৃপক্ষই মুকলি কৰি দিয়ে আৰু পাছদিনা পঞ্জাবৰ আটাৰী-ৱাঘা সীমান্তত ৰাজ্যখনৰ মীন বিভাগৰ এটা দলক গতাই দিয়া হয় বুলি এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। 

তেওঁলোকে ২০২০ত নিয়মীয়া ব্যৱধানত গুজৰাট উপকূল ত্যাগ কৰিছিল আৰু সেই দেশৰ পানীত মাছ ধৰাৰ অভিযোগত পাকিস্তানৰ সামুদ্ৰিক বাহিনীৰ দ্বাৰা তেওঁলোকক ধৰি ৰখা হৈছিল৷ মুকলি কৰা ৮০জন মাছমৰীয়াৰ ভিতৰত ৫৯জন গিৰ সোমনাথ জিলাৰ, ১৫জন দেৱভূমি দ্বাৰকাৰ, দুজন জামনগৰৰ, এজন আমৰেলীৰ৷ আনহাতে তিনিজন কেন্দ্ৰীয় শাসিত অঞ্চল দিউৰ বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে।

বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে তেওঁলোক সকলোকে ২০২০ত আটক কৰিছিল পাকিস্তানে৷ প্ৰায় ২০০ জন মাছমৰীয়া এতিয়াও পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে। এতিয়া মুক্ত মাছমৰীয়াসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে দীপাৱলী পালন কৰিবলৈ সক্ষম হ’ব৷

উল্লেখ্য যে এই বছৰৰ মে’ আৰু জুন মাহতো পাকিস্তান চৰকাৰে প্ৰায় ৪০০ ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...