--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলীৰ দিনটোতে উজলি উঠিল তেওঁলোকৰ মনৰ আকাশ৷ পোহৰ হৈ পৰিল তেওঁলোকৰ ঘৰকেইখনো৷ আজি যে তেওঁলোক পোহৰৰ বাটেৰে উভতিব আপোন ঘৰলৈ৷ 

পাকিস্তানৰ কৰাচীৰ কাৰাগাৰৰ পৰা মুকলি হৈছে আশীজন ভাৰতীয় মাছমৰীয়া৷ দেওবাৰে ৰে’লযোগে গুজৰাটৰ বদোদৰাত উপস্থিত হয় তেওঁলোক৷ তাৰ পৰা তেওঁলোকক দীপাৱলীৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সৈতে পুনৰ্মিলিত হ’বলৈ বাছযোগে ৰাজ্যখনৰ গিৰ সোমনাথ জিলাৰ ভেৰাভাললৈ লৈ যোৱা হয় বুলি এজন বিষয়াই সদৰী কৰে।

মাছমৰীয়াসকলক বৃহস্পতিবাৰে পাকিস্তানী কৰ্তৃপক্ষই মুকলি কৰি দিয়ে আৰু পাছদিনা পঞ্জাবৰ আটাৰী-ৱাঘা সীমান্তত ৰাজ্যখনৰ মীন বিভাগৰ এটা দলক গতাই দিয়া হয় বুলি এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। 

তেওঁলোকে ২০২০ত নিয়মীয়া ব্যৱধানত গুজৰাট উপকূল ত্যাগ কৰিছিল আৰু সেই দেশৰ পানীত মাছ ধৰাৰ অভিযোগত পাকিস্তানৰ সামুদ্ৰিক বাহিনীৰ দ্বাৰা তেওঁলোকক ধৰি ৰখা হৈছিল৷ মুকলি কৰা ৮০জন মাছমৰীয়াৰ ভিতৰত ৫৯জন গিৰ সোমনাথ জিলাৰ, ১৫জন দেৱভূমি দ্বাৰকাৰ, দুজন জামনগৰৰ, এজন আমৰেলীৰ৷ আনহাতে তিনিজন কেন্দ্ৰীয় শাসিত অঞ্চল দিউৰ বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে।

বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে তেওঁলোক সকলোকে ২০২০ত আটক কৰিছিল পাকিস্তানে৷ প্ৰায় ২০০ জন মাছমৰীয়া এতিয়াও পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে। এতিয়া মুক্ত মাছমৰীয়াসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে দীপাৱলী পালন কৰিবলৈ সক্ষম হ’ব৷

উল্লেখ্য যে এই বছৰৰ মে’ আৰু জুন মাহতো পাকিস্তান চৰকাৰে প্ৰায় ৪০০ ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement