--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া তেজদীপ কৌৰ মেননৰ নেতৃত্বত তেলেংগানা শিখ ছ’চাইটিৰ এটা প্ৰতিনিধি দলে সচিবালয়ত উপদেষ্টা মহম্মদ আলী শ্বাব্বিৰক সাক্ষাৎ কৰি “ইমাৰ্জেন্সি” ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে অনুৰোধ জনায়।

চৰকাৰী উপদেষ্টা মহম্মদ আলী শ্বব্বিৰে কয় যে তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেভান্ত ৰেড্ডীয়ে শিখ সম্প্ৰদায়ৰ নেতাসকলক আশ্বাস দিলে যে ৰাজ্য চৰকাৰে কংগনা ৰানাৱতৰ আগন্তুক ছবি “ইমাৰ্জেন্সি” মুক্তিৰ ক্ষেত্ৰত আইনী পৰামৰ্শৰ অপেক্ষাত নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰিব।

বৃহস্পতিবাৰে এক বিবৃতিত শ্বাব্বিৰে কয় যে ‘ছবিখনত শিখ সম্প্ৰদায়ৰ চিত্ৰণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ১৮ জনীয়া প্ৰতিনিধি দলটোৱে এই উপস্থাপন আগবঢ়ায়।’

তেওঁ উল্লেখ কৰে যে প্ৰতিনিধি দলটোৰ অভিযোগ- ছবিখনত শিখসকলক সন্ত্ৰাসবাদী আৰু ৰাষ্ট্ৰবিৰোধী হিচাপে চিত্ৰিত কৰা হৈছে, যিটো আপত্তিজনক আৰু সম্প্ৰদায়টোৰ প্ৰতিচ্ছবি কলংকিত কৰা হৈছে ৷

তেলেংগানাত ছবিখন নিষিদ্ধ কৰাৰ কথা চিন্তা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় শ্বাব্বিৰে। ৰেড্ডীক সাক্ষাৎ কৰি শ্বাব্বিৰে কয় যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত আইনী পৰামৰ্শ লোৱাৰ পিছতহে সিদ্ধান্ত ল’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু