--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনয়ৰ জড়িতে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হোৱা বলিউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খান এইবাৰ ধনীব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি ১৯৯৯ চনত লণ্ডনত স্থাপিত হোৱা অগ্ৰণী গৱেষণা তথা বিলাসী প্ৰকাশন সংস্থা হুৰুণ(Hurun Grup) সমগ্ৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ বিষয়ে বিস্তৃত মূল্যায়নৰ বাবে বিশ্বজুৰি বহুলভাৱে সমাদৃত। 

এই তালিকাত স্থান লাভ কৰিছে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে৷উল্লেখযোগ্য যে প্ৰায় ১৫০ কোটি ভাৰতীয়ৰ ভিতৰত মাত্ৰ ১৫৩৯ জন লোকেহে স্থান পাইছে এই তালিকাত। এই তালিকাৰ তথ্য অনুসৰি শ্বাহৰুখ খানৰ সম্পত্তি ৭৩০০ কোটি টকা বুলি জানিব পৰা গৈছে। কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ বৃহৎ অংশীদাৰিত্বৰ বাবে শ্বাহৰুখ খানে এই তালিকাত স্থান লাভ কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। শ্বাহৰুখ খানৰ লগতে এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে অমিতাভ বচ্চন, জুহি চাওলা, কৰণ জ’হৰ আৰু অভিনেতা হৃতিক ৰোশনৰ নাম৷

উল্লেখনীয় যে আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীক পিছপেলাই ২০২৪ চনৰ হুৰুণ ইণ্ডিয়াৰ আটাইতকৈ ধনী ভাৰতীয় হিচাপে পৰিগণিত হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু