--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনয়ৰ জড়িতে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হোৱা বলিউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খান এইবাৰ ধনীব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি ১৯৯৯ চনত লণ্ডনত স্থাপিত হোৱা অগ্ৰণী গৱেষণা তথা বিলাসী প্ৰকাশন সংস্থা হুৰুণ(Hurun Grup) সমগ্ৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ বিষয়ে বিস্তৃত মূল্যায়নৰ বাবে বিশ্বজুৰি বহুলভাৱে সমাদৃত। 

এই তালিকাত স্থান লাভ কৰিছে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে৷উল্লেখযোগ্য যে প্ৰায় ১৫০ কোটি ভাৰতীয়ৰ ভিতৰত মাত্ৰ ১৫৩৯ জন লোকেহে স্থান পাইছে এই তালিকাত। এই তালিকাৰ তথ্য অনুসৰি শ্বাহৰুখ খানৰ সম্পত্তি ৭৩০০ কোটি টকা বুলি জানিব পৰা গৈছে। কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ বৃহৎ অংশীদাৰিত্বৰ বাবে শ্বাহৰুখ খানে এই তালিকাত স্থান লাভ কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। শ্বাহৰুখ খানৰ লগতে এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে অমিতাভ বচ্চন, জুহি চাওলা, কৰণ জ’হৰ আৰু অভিনেতা হৃতিক ৰোশনৰ নাম৷

উল্লেখনীয় যে আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীক পিছপেলাই ২০২৪ চনৰ হুৰুণ ইণ্ডিয়াৰ আটাইতকৈ ধনী ভাৰতীয় হিচাপে পৰিগণিত হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ