--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ আশংকা বৃদ্ধি পায়। বিশেষকৈ হাৰ্ট এটেকৰ ঘটনা এই ঋতুত বেছিকৈ দেখা যায়। কিন্তু আয়ুৰ্বেদ বিশেষজ্ঞসকলে কয় যে টেঙা-মিঠা তেঁতেলীয়ে শীতকালত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন লোৱাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও তেঁতেলীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাই নহয়, কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰতো ফলপ্ৰসূভাৱে কাম কৰে।

উত্তৰ প্ৰদেশৰ হৰদয়ত অৱস্থিত শতায়ু আয়ুৰ্বেদ আৰু পঞ্চকৰ্ম কেন্দ্ৰৰ মুৰব্বী ডাঃ অমিত কুমাৰৰ মতে তেঁতেলীত কলেষ্টেৰল হ্ৰাস কৰা গুণ আছে। শীতকালত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ বাবে শিৰা বন্ধ হোৱাৰ আশংকা থাকে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু তেঁতেলী সেৱন কৰিলে কলেষ্টেৰল কমাব পাৰি।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা

ডাঃ অমিতে বুজাইছে যে তেঁতেলীত থকা এণ্টিঅক্সিডেণ্ট আৰু ফ্লেভন’ইডে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই এণ্টিঅক্সিডেণ্টবোৰে শৰীৰত উপস্থিত ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু অক্সিডেটিভ ক্ষতি হ্ৰাস কৰে। ইয়াৰ বাবে শৰীৰৰ কোষবোৰ সুৰক্ষিত হৈ থাকে, আৰু কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনাও কমি যায়।

আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে

তেঁতেলীত ফ্লেভন’ইড থাকে, যিয়ে বেয়া কলেষ্টেৰল হ্ৰাস কৰি শিৰা পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়। ইয়াৰ উপৰিও তেঁতেলীয়ে প্ৰদাহ কমায়, যিটো শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয়।

পাচনতন্ত্ৰ উন্নত কৰে

ডাঃ অমিতে কয় যে তেঁতেলী পাচনতন্ত্ৰৰ বাবেও উপকাৰী। ইয়াত পোৱা এচিডে হজম শক্তি উন্নত কৰে। তেঁতেলী সেৱনে পেটৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, ডায়েৰিয়া আৰু পেটৰ বিষৰ পৰা সকাহ দিয়ে।

ওজন কমাবলৈ সহায় কৰে

তেঁতেলী প্ৰচুৰ পৰিমাণে আঁহযুক্ত আৰু কম কেলৰিযুক্ত, যাৰ ফলত ই ওজন কমাবলৈ সহায় কৰে। ইয়াৰ উপৰিও ইয়াত থকা এমিনো এচিডে শৰীৰৰ কলাবোৰক শক্তিশালী কৰাৰ কাম কৰে।

তেঁতেলী কেনেকৈ সেৱন কৰিব?

তেঁতেলী চাটনি, চৰ্বত বা চূপত ব্যৱহাৰ কৰিব পাৰি। ইচ্ছা কৰিলে পোনপটীয়াকৈও খাব পাৰে। কিন্তু মনত ৰাখিব যে ইয়াক অতিৰিক্ত পৰিমাণে সেৱন নকৰিব।

বিশেষ দ্ৰষ্টব্য: প্ৰিয় পাঠক, আমাৰ বাতৰি পঢ়াৰ বাবে ধন্যবাদ। এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে। এইখিনি লিখিবলৈ আমি সাধাৰণ তথ্যৰ সহায় লৈছো। যদি আপুনি যিকোনো ঠাইতে আপোনাৰ স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি