--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিশপ্ত এটা পুৱা! বিস্ফোৰণৰ ভয়ংকৰ শব্দই 'কেঁচা টোপনি' ভাঙিছিল ইউক্ৰেইনবাসীৰ। ইউক্ৰেইনৰ এজন ভাৰতীয় শিক্ষাৰ্থীয়ে সমগ্ৰ পৰিস্থিতিৰ বিৱৰণ দিয়ে। ইউক্ৰেইনৰ এজন ভাৰতীয় শিক্ষাৰ্থী চোহেলে কয় যে,"মই সেইসময়ত শুই আছিলো, তেতিয়াই মোৰ বন্ধুসকলে ফোন কৰিছিল আৰু কৈছিল যে তেওঁলোকে কেৱল বিস্ফোৰণৰ শব্দ শুনা পাইছে। "ছাত্ৰজনে প্ৰথম অৱস্থাত বিশ্বাস কৰিব পৰা নাছিল, আচলতে কি হবলৈ গৈ আছে। তাৰ কিছু সময়ৰ পাছতে তেওঁ গম পালে যে ৰাছিয়াই ইউক্ৰেইনৰ কেইবাখনো চহৰত মিছাইল আক্ৰমণ কৰিছে। বৰ্তমান, বহুতো ভাৰতীয় শিক্ষাৰ্থী ইউক্ৰেইনত আবদ্ধ হৈ আছে। ইউক্ৰেইনত ইতিমধ্যে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। সাম্ভাব্য আক্ৰমণৰ আশংকাত বিমান বন্দৰ সমূহো বন্ধ কৰি দিয়া হৈছে। লক্ষণীয় যে ইউক্ৰেইনৰ দূতাবাসে ইউক্ৰেইনৰ পৰা ভাৰতীয় শিক্ষাৰ্থী আৰু নাগৰিকসকলক ঘূৰাই অনাৰ পৰামৰ্শ দিছিল। খবৰ অনুসৰি, এয়াৰ ইণ্ডিয়াৰ এআই ১৯৪৭ বিমানখন ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই আনিবলৈ কিয়েভলৈ গৈছিল যদিও এই বিমানখন অৱতৰণ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰাৰ লগে- লগে বিমানখন মাজবাঁটৰ পৰাই ঘূৰি আহিব লগা হ'ল। শেহতীয়াকৈ ইউক্ৰেইনৰ ভাৰতীয়সকলক ঘূৰাই আনিবলৈ এই সপ্তাহত তিনিখন বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছিল। "বৰ্তমান ইউক্ৰেইনত ২০,০০০ শিক্ষাৰ্থী আছে। কিছুদিনৰ আগতে, ভাৰতীয় দূতাবাসে তেওঁলোকৰ বাবে বিশেষ পৰামৰ্শ দিছিল। এক বিবৃতিত কোৱা হৈছে যে, "যদি সম্ভৱ হয় তেনেহলে বৰ্তমানৰ বাবে ইউক্ৰেইনৰ পৰা গুছি আহক।" লগতে কোৱা হৈছে যে, "বৰ্তমান ইউক্ৰেইনত থকা ভাৰতীয়সকলে তেওঁলোকৰ উপস্থিতি আৰু সকলো তথ্য ভাৰতীয় দূতাবাসক অৱগত কৰিব যাতে প্ৰয়োজন হ'লে তেওঁলোকৰ ওচৰলৈ যাব পৰা যায়।" নতুন দিল্লীয়ে ইউক্ৰেইনৰ পৰা দিল্লীলৈ আৰু ইউক্ৰেইনলৈ যোৱা বিমানৰ ওপৰত নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰিছিল যাতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকল ঘৰলৈ উভতি আনিব পাৰে। উল্লেখ্য যে, এয়াৰ ইণ্ডিয়াৰ বিমানে ইতিমধ্যে তাৰ পৰা ২৪১ জনতকৈও অধিক ভাৰতীয়ক ঘূৰাই আনিছে। দুয়োখন দেশৰ মাজত ২৪ আৰু ২৬ ফেব্ৰুৱাৰীত বিমান চলাচল কৰাৰ কথা আছিল সেইয়া এতিয়া অনিশ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক