--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিশপ্ত এটা পুৱা! বিস্ফোৰণৰ ভয়ংকৰ শব্দই 'কেঁচা টোপনি' ভাঙিছিল ইউক্ৰেইনবাসীৰ। ইউক্ৰেইনৰ এজন ভাৰতীয় শিক্ষাৰ্থীয়ে সমগ্ৰ পৰিস্থিতিৰ বিৱৰণ দিয়ে। ইউক্ৰেইনৰ এজন ভাৰতীয় শিক্ষাৰ্থী চোহেলে কয় যে,"মই সেইসময়ত শুই আছিলো, তেতিয়াই মোৰ বন্ধুসকলে ফোন কৰিছিল আৰু কৈছিল যে তেওঁলোকে কেৱল বিস্ফোৰণৰ শব্দ শুনা পাইছে। "ছাত্ৰজনে প্ৰথম অৱস্থাত বিশ্বাস কৰিব পৰা নাছিল, আচলতে কি হবলৈ গৈ আছে। তাৰ কিছু সময়ৰ পাছতে তেওঁ গম পালে যে ৰাছিয়াই ইউক্ৰেইনৰ কেইবাখনো চহৰত মিছাইল আক্ৰমণ কৰিছে। বৰ্তমান, বহুতো ভাৰতীয় শিক্ষাৰ্থী ইউক্ৰেইনত আবদ্ধ হৈ আছে। ইউক্ৰেইনত ইতিমধ্যে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। সাম্ভাব্য আক্ৰমণৰ আশংকাত বিমান বন্দৰ সমূহো বন্ধ কৰি দিয়া হৈছে। লক্ষণীয় যে ইউক্ৰেইনৰ দূতাবাসে ইউক্ৰেইনৰ পৰা ভাৰতীয় শিক্ষাৰ্থী আৰু নাগৰিকসকলক ঘূৰাই অনাৰ পৰামৰ্শ দিছিল। খবৰ অনুসৰি, এয়াৰ ইণ্ডিয়াৰ এআই ১৯৪৭ বিমানখন ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই আনিবলৈ কিয়েভলৈ গৈছিল যদিও এই বিমানখন অৱতৰণ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰাৰ লগে- লগে বিমানখন মাজবাঁটৰ পৰাই ঘূৰি আহিব লগা হ'ল। শেহতীয়াকৈ ইউক্ৰেইনৰ ভাৰতীয়সকলক ঘূৰাই আনিবলৈ এই সপ্তাহত তিনিখন বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছিল। "বৰ্তমান ইউক্ৰেইনত ২০,০০০ শিক্ষাৰ্থী আছে। কিছুদিনৰ আগতে, ভাৰতীয় দূতাবাসে তেওঁলোকৰ বাবে বিশেষ পৰামৰ্শ দিছিল। এক বিবৃতিত কোৱা হৈছে যে, "যদি সম্ভৱ হয় তেনেহলে বৰ্তমানৰ বাবে ইউক্ৰেইনৰ পৰা গুছি আহক।" লগতে কোৱা হৈছে যে, "বৰ্তমান ইউক্ৰেইনত থকা ভাৰতীয়সকলে তেওঁলোকৰ উপস্থিতি আৰু সকলো তথ্য ভাৰতীয় দূতাবাসক অৱগত কৰিব যাতে প্ৰয়োজন হ'লে তেওঁলোকৰ ওচৰলৈ যাব পৰা যায়।" নতুন দিল্লীয়ে ইউক্ৰেইনৰ পৰা দিল্লীলৈ আৰু ইউক্ৰেইনলৈ যোৱা বিমানৰ ওপৰত নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰিছিল যাতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকল ঘৰলৈ উভতি আনিব পাৰে। উল্লেখ্য যে, এয়াৰ ইণ্ডিয়াৰ বিমানে ইতিমধ্যে তাৰ পৰা ২৪১ জনতকৈও অধিক ভাৰতীয়ক ঘূৰাই আনিছে। দুয়োখন দেশৰ মাজত ২৪ আৰু ২৬ ফেব্ৰুৱাৰীত বিমান চলাচল কৰাৰ কথা আছিল সেইয়া এতিয়া অনিশ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ