--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ চৰকাৰৰ সংখ্যালঘু উন্নয়ন, ৱাকফ, দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী নৱাব মালিকক আজি গ্ৰেপ্তাৰ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থা ‘প্ৰৱৰ্তন সঞ্চালকালয়’, চমুকৈ ইডিয়ে অবৈধ লেনদেনৰ গোচৰত মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে৷ প্ৰায় সাত ঘণ্টাৰ জেৰাৰ অন্তত মালিকক গ্ৰেপ্তাৰ কৰিছে ইডিয়ে৷ সূত্ৰ অনুসৰি, তদন্তকাৰী সংস্থাটোৱে পলাতক গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ ভাতৃ ইকবাল কাস্কৰৰ সৈতে সম্পৰ্কিত এক ভূমি চুক্তিৰ সন্দৰ্ভত মালিকক তদন্ত কৰিছিল৷ মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্ৰৰ মাজত বাকযুদ্ধ বৃদ্ধি পোৱাৰ মাজতে ৰাজ্যখনৰ মন্ত্ৰী নৱাব মালিকক আজি পুৱা প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) কাৰ্যালয়লৈ সোধা-পোছাৰ বাবে লৈ যোৱা হয়। কেন্দ্ৰীয় তদন্ত সংস্থাটোৰ বিষয়াসকল পুৱা ৬ বজাত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী(এনচিপি)ৰ নেতাগৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁক এঘণ্টা ধৰি সোধা-পোছা কৰিছিল। তাৰ পাছত তেওঁক পুৱা ৭:৩০ বজাত ইডি কাৰ্যালয়লৈ অনা হৈছিল আৰু পুৱা ৮:৩০ বজাৰ পৰা তাত সোধা-পোছা কৰাৰ অন্তত খন্তেক সময় পূৰ্বে মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়৷ সততে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ থকা মহাৰাষ্ট্ৰ চৰকাৰ অংশীদাৰী দল এনচিপি নেতা নৱাব মালিকৰ গ্ৰেপ্তাৰক সহজভাৱে লোৱা নাই দলটোৱে৷ দলটোৰ কেন্দ্ৰীয় নেতৃত্বই এই ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে৷ ইপিনে, মাত্ৰ দুদিন পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি ৰাওৱে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰিছিল৷ দেশত বিজেপিবিৰোধী ঐক্য গঠনৰ বাবে কে চি ৰাওৱে থাকৰেক সাক্ষাৎ কৰিছিল৷ বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ চলি থকাৰ মাজতে আজি বিজেপি বিৰোধী চৰকাৰখনৰ এগৰাকী মন্ত্ৰীক ইডিয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যই বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ শেহতীয়াকৈ, বিজেপিৰ ভুল নীতি আৰু কাৰ্যক সমালোচনা কৰা বিজেপিবিৰোধী দল আৰু চৰকাৰৰ নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে চাপ সৃষ্টি কৰাবৰ বাবে তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ শুনা যায়৷ আজি নৱাব মালিকৰ গ্ৰেপ্তাৰো তেনে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত হ’ব পাৰে বুলি দেশৰ ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু