--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ চৰকাৰৰ সংখ্যালঘু উন্নয়ন, ৱাকফ, দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী নৱাব মালিকক আজি গ্ৰেপ্তাৰ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থা ‘প্ৰৱৰ্তন সঞ্চালকালয়’, চমুকৈ ইডিয়ে অবৈধ লেনদেনৰ গোচৰত মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে৷ প্ৰায় সাত ঘণ্টাৰ জেৰাৰ অন্তত মালিকক গ্ৰেপ্তাৰ কৰিছে ইডিয়ে৷ সূত্ৰ অনুসৰি, তদন্তকাৰী সংস্থাটোৱে পলাতক গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ ভাতৃ ইকবাল কাস্কৰৰ সৈতে সম্পৰ্কিত এক ভূমি চুক্তিৰ সন্দৰ্ভত মালিকক তদন্ত কৰিছিল৷ মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্ৰৰ মাজত বাকযুদ্ধ বৃদ্ধি পোৱাৰ মাজতে ৰাজ্যখনৰ মন্ত্ৰী নৱাব মালিকক আজি পুৱা প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) কাৰ্যালয়লৈ সোধা-পোছাৰ বাবে লৈ যোৱা হয়। কেন্দ্ৰীয় তদন্ত সংস্থাটোৰ বিষয়াসকল পুৱা ৬ বজাত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী(এনচিপি)ৰ নেতাগৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁক এঘণ্টা ধৰি সোধা-পোছা কৰিছিল। তাৰ পাছত তেওঁক পুৱা ৭:৩০ বজাত ইডি কাৰ্যালয়লৈ অনা হৈছিল আৰু পুৱা ৮:৩০ বজাৰ পৰা তাত সোধা-পোছা কৰাৰ অন্তত খন্তেক সময় পূৰ্বে মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়৷ সততে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ থকা মহাৰাষ্ট্ৰ চৰকাৰ অংশীদাৰী দল এনচিপি নেতা নৱাব মালিকৰ গ্ৰেপ্তাৰক সহজভাৱে লোৱা নাই দলটোৱে৷ দলটোৰ কেন্দ্ৰীয় নেতৃত্বই এই ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে৷ ইপিনে, মাত্ৰ দুদিন পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি ৰাওৱে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰিছিল৷ দেশত বিজেপিবিৰোধী ঐক্য গঠনৰ বাবে কে চি ৰাওৱে থাকৰেক সাক্ষাৎ কৰিছিল৷ বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ চলি থকাৰ মাজতে আজি বিজেপি বিৰোধী চৰকাৰখনৰ এগৰাকী মন্ত্ৰীক ইডিয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যই বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ শেহতীয়াকৈ, বিজেপিৰ ভুল নীতি আৰু কাৰ্যক সমালোচনা কৰা বিজেপিবিৰোধী দল আৰু চৰকাৰৰ নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে চাপ সৃষ্টি কৰাবৰ বাবে তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ শুনা যায়৷ আজি নৱাব মালিকৰ গ্ৰেপ্তাৰো তেনে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত হ’ব পাৰে বুলি দেশৰ ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক