--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা আছুৰ দলটোৱে শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, উপাধ্যক্ষ ৰূক্স গোহাঁই বৰুৱা প্ৰমুখ্যে বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হয়।

ডিজিটেল ডেস্ক : উচ্চতৰ মাধ্যমিক পর্যায়ত একাদশ আৰু দ্বাদশ শ্রেণীত সপ্তম বিষয় সন্নিৱিষ্ট কৰাৰ সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ ওপৰত অতিৰিক্ত বিষয়ৰ বোজা পৰাৰ আশংকা প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থাই। আনহাতে, উচ্চতৰ মাধ্যমিকৰ ফলাফলত সম্প্ৰতি গ্রেডিঙৰ সলনি নম্বৰ প্ৰদান ব্যৱস্থাই বাহাল থাকিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক পর্যায়ত গ্রেডিং পদ্ধতি প্ৰৱৰ্তন আৰু উচ্চতৰ মাধ্যমিক পর্যায়ত সপ্তম বিষয় এটা সংযোজনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পাছতেই কালি শিক্ষা পৰিষদৰ কর্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয় সদৌ অসম ছাত্র সন্থা।


ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা আছুৰ দলটোৱে শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, উপাধ্যক্ষ ৰূক্স গোহাঁই বৰুৱা প্ৰমুখ্যে বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। 


আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে উচ্চতৰ মাধ্যমিক পর্যায়ত একাদশ আৰু দ্বাদশ শ্রেণীত ক্রমে পৰিৱেশ শিক্ষা (এনভাইৰমেন্ট এডুকেশ্যন) আৰু সাধাৰণ জ্ঞান (জেনেৰেল ষ্টাডিজ) শীর্ষক দুটা বিষয় সন্নিৱিষ্ট কৰাৰ সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ ওপৰত অতিৰিক্ত বিষয়ৰ বোজা সৃষ্টি কৰিব বুলি সংশয়ৰ সৃষ্টি হৈছে। ছাত্র সন্থাই শিক্ষা পৰিষদৰ পৰা এই সন্দৰ্ভত এটা স্পষ্ট ব্যাখ্যা বিচাৰে। শিক্ষা পৰিষদৰ কৰ্তৃপক্ষই সেই অতিৰিক্ত বিষয়টোৱে পৰীক্ষাত উত্তীর্ণ হোৱা-নোহোৱাত কোনো প্রভাৱ নেপেলায় আৰু সেই বিষয়ৰ পৰীক্ষাও শিক্ষা পৰিষদৰ পৰিৱৰ্তে শিক্ষানুষ্ঠানখনেই অনুষ্ঠিত কৰিব বুলি ব্যাখ্যা আগবঢ়ায়। 


ছাত্ৰ সন্থাই বিষয়টোৰ বুজ লৈ এই সন্দৰ্ভত পুনৰ আলোচনাৰ পোষকতা কৰে বুলি কয়। আনহাতে, শিক্ষা পৰিষদে গ্রেডিং ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাই ছাত্ৰ-ছাত্ৰীৰ মনত নম্বৰ প্ৰদান ব্যৱস্থা বিলুপ্ত হ'ব নেকি বুলি প্রশ্ন আৰু শংকাৰ সৃষ্টি কৰিছিল। ছাত্ৰ সন্থাই নম্বৰ প্ৰদান ব্যৱস্থা বাহাল ৰখাৰ দাবী কৰিছিল। ছাত্ৰ সন্থাৰ সৈতে হোৱা আলোচনাত শিক্ষা পৰিষদে স্পষ্টভাৱে কয় যে গ্রেডিং প্ৰৱৰ্তন কৰা সন্দৰ্ভত পৰিষদে এতিয়ালৈ কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই। সম্প্ৰতি নম্বৰ প্ৰদান ব্যৱস্থাই বাহাল থাকিব। আলোচনা কালত ছাত্ৰ সন্থাই প্রতিযোগিতাৰ পৃথিৱীত অসমৰ ছাত্র-ছাত্রী আগবাঢ়ি যাব পৰাকৈ, সংস্থাপনৰ ক্ষেত্ৰত পথৰ সন্ধান পোৱাকৈ পাঠ্যক্রম আৰু পাঠ্যপুথিৰ প্ৰয়োজনীয় সালসলনিৰ বাবে শিক্ষা পৰিষদক আহ্বান জনায়। ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোত সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য ক্রমে জীতেন দাস, ৰূপম দাস, অলকেশ নাথ আৰু বিমান হালৈয়ো আছিল। 


উল্লেখযোগ্য যে এই আলোচনা প্রায় তিনি ঘণ্টাজুৰি চলে। আলোচনাৰ অন্তত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে 'ছাত্র-ছাত্রীসকল যুগৰ সৈতে আগবাঢ়ি যাব পৰাকৈ পাঠ্যপুথিৰ পৰিৱৰ্তন বিচৰা হৈছে। ৬টাৰ পৰিৱৰ্তে ৭টা বিষয় কৰা সন্দৰ্ভত আলোচনা হয়। ৬টা বিষয়ক লৈ পৰীক্ষা হ'ব। কিন্তু এটা অতিৰিক্ত বিষয় পঢ়িব। কিন্তু তাৰ পৰীক্ষা ব'র্ডে নহয়, বিদ্যালয়ে মূল্যায়ন কৰিব।'


আনহাতে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে 'ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্রাসন ৰোধৰ বাবে চৰকাৰী তথা ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত শিক্ষণ-শিকন প্রক্ৰিয়াটো উন্নত কৰিব লাগিব। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰো প্ৰয়োজন আছে। এই ব্যৱস্থা গ্রহণৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কৰ্তৃপক্ষক কালি আহ্বান জনোৱা হৈছে।'

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু