--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা আছুৰ দলটোৱে শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, উপাধ্যক্ষ ৰূক্স গোহাঁই বৰুৱা প্ৰমুখ্যে বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হয়।

ডিজিটেল ডেস্ক : উচ্চতৰ মাধ্যমিক পর্যায়ত একাদশ আৰু দ্বাদশ শ্রেণীত সপ্তম বিষয় সন্নিৱিষ্ট কৰাৰ সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ ওপৰত অতিৰিক্ত বিষয়ৰ বোজা পৰাৰ আশংকা প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থাই। আনহাতে, উচ্চতৰ মাধ্যমিকৰ ফলাফলত সম্প্ৰতি গ্রেডিঙৰ সলনি নম্বৰ প্ৰদান ব্যৱস্থাই বাহাল থাকিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক পর্যায়ত গ্রেডিং পদ্ধতি প্ৰৱৰ্তন আৰু উচ্চতৰ মাধ্যমিক পর্যায়ত সপ্তম বিষয় এটা সংযোজনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পাছতেই কালি শিক্ষা পৰিষদৰ কর্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয় সদৌ অসম ছাত্র সন্থা।


ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা আছুৰ দলটোৱে শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, উপাধ্যক্ষ ৰূক্স গোহাঁই বৰুৱা প্ৰমুখ্যে বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। 


আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে উচ্চতৰ মাধ্যমিক পর্যায়ত একাদশ আৰু দ্বাদশ শ্রেণীত ক্রমে পৰিৱেশ শিক্ষা (এনভাইৰমেন্ট এডুকেশ্যন) আৰু সাধাৰণ জ্ঞান (জেনেৰেল ষ্টাডিজ) শীর্ষক দুটা বিষয় সন্নিৱিষ্ট কৰাৰ সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ ওপৰত অতিৰিক্ত বিষয়ৰ বোজা সৃষ্টি কৰিব বুলি সংশয়ৰ সৃষ্টি হৈছে। ছাত্র সন্থাই শিক্ষা পৰিষদৰ পৰা এই সন্দৰ্ভত এটা স্পষ্ট ব্যাখ্যা বিচাৰে। শিক্ষা পৰিষদৰ কৰ্তৃপক্ষই সেই অতিৰিক্ত বিষয়টোৱে পৰীক্ষাত উত্তীর্ণ হোৱা-নোহোৱাত কোনো প্রভাৱ নেপেলায় আৰু সেই বিষয়ৰ পৰীক্ষাও শিক্ষা পৰিষদৰ পৰিৱৰ্তে শিক্ষানুষ্ঠানখনেই অনুষ্ঠিত কৰিব বুলি ব্যাখ্যা আগবঢ়ায়। 


ছাত্ৰ সন্থাই বিষয়টোৰ বুজ লৈ এই সন্দৰ্ভত পুনৰ আলোচনাৰ পোষকতা কৰে বুলি কয়। আনহাতে, শিক্ষা পৰিষদে গ্রেডিং ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাই ছাত্ৰ-ছাত্ৰীৰ মনত নম্বৰ প্ৰদান ব্যৱস্থা বিলুপ্ত হ'ব নেকি বুলি প্রশ্ন আৰু শংকাৰ সৃষ্টি কৰিছিল। ছাত্ৰ সন্থাই নম্বৰ প্ৰদান ব্যৱস্থা বাহাল ৰখাৰ দাবী কৰিছিল। ছাত্ৰ সন্থাৰ সৈতে হোৱা আলোচনাত শিক্ষা পৰিষদে স্পষ্টভাৱে কয় যে গ্রেডিং প্ৰৱৰ্তন কৰা সন্দৰ্ভত পৰিষদে এতিয়ালৈ কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই। সম্প্ৰতি নম্বৰ প্ৰদান ব্যৱস্থাই বাহাল থাকিব। আলোচনা কালত ছাত্ৰ সন্থাই প্রতিযোগিতাৰ পৃথিৱীত অসমৰ ছাত্র-ছাত্রী আগবাঢ়ি যাব পৰাকৈ, সংস্থাপনৰ ক্ষেত্ৰত পথৰ সন্ধান পোৱাকৈ পাঠ্যক্রম আৰু পাঠ্যপুথিৰ প্ৰয়োজনীয় সালসলনিৰ বাবে শিক্ষা পৰিষদক আহ্বান জনায়। ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোত সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য ক্রমে জীতেন দাস, ৰূপম দাস, অলকেশ নাথ আৰু বিমান হালৈয়ো আছিল। 


উল্লেখযোগ্য যে এই আলোচনা প্রায় তিনি ঘণ্টাজুৰি চলে। আলোচনাৰ অন্তত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে 'ছাত্র-ছাত্রীসকল যুগৰ সৈতে আগবাঢ়ি যাব পৰাকৈ পাঠ্যপুথিৰ পৰিৱৰ্তন বিচৰা হৈছে। ৬টাৰ পৰিৱৰ্তে ৭টা বিষয় কৰা সন্দৰ্ভত আলোচনা হয়। ৬টা বিষয়ক লৈ পৰীক্ষা হ'ব। কিন্তু এটা অতিৰিক্ত বিষয় পঢ়িব। কিন্তু তাৰ পৰীক্ষা ব'র্ডে নহয়, বিদ্যালয়ে মূল্যায়ন কৰিব।'


আনহাতে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে 'ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্রাসন ৰোধৰ বাবে চৰকাৰী তথা ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত শিক্ষণ-শিকন প্রক্ৰিয়াটো উন্নত কৰিব লাগিব। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰো প্ৰয়োজন আছে। এই ব্যৱস্থা গ্রহণৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কৰ্তৃপক্ষক কালি আহ্বান জনোৱা হৈছে।'

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ