--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মন্ত্ৰীৰ দুৰ্নীতিয়ে কিদৰে কাঢ়ি ল’লে এজন প্ৰাণ? কিদৰে মানসিক চাপ সহিব নোৱাৰি প্ৰাণ দিবলগীয়া হ’ল এজন লোকে? ছুইচাইড নোটত নিজৰ মৃত্যুৰ বাবে এগৰাকী মন্ত্ৰীক জগৰীয়া কৰি আঁতৰি গ’ল দুৰ্ভগীয়া লোকজন। গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়ত ৰাজ বিভাগৰ মন্ত্ৰীৰ এগৰাকীৰ সহযোগীয়ে ঠিকাৰ বাবদ ৪০ শতাংশ ধন দাবী কৰাৰ পাছত ঠিকাদাৰজনে আত্মহত্যাৰ পথ গ্ৰহণ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনা সংঘটিত হৈছে কৰ্ণাটকত। কৰ্ণাটকৰ গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়ত ৰাজ বিভাগৰ মন্ত্ৰী কে এছ য়েছৱাৰাপ্পাৰ সহযোগী এজনে ভুক্তভোগী লোকজনৰ পৰা কমিছন হিচাপে দাবী কৰিছিল ঠিকাৰ ৪০ শতাংশ ধন। প্ৰৱল মানসিক চাপৰ বলি হোৱা লোকজনৰ মৃতদেহ আজি উডুপিৰ এটা ব্যক্তিগত লজৰ পৰা উদ্ধাৰ হয়।                                                                            সন্তোষ পাটিল নামৰ ভুক্তভোগী ঠিকাদাৰ জনে আজি পুৱাই সংবাদ মাধ্যম আৰু তেওঁৰ বন্ধুবৰ্গলৈ মেছেজ প্ৰেৰণ কৰি কৈছিল যে, তেওঁ নিজৰ জীৱন নিঃশেষ কৰিবলৈ ওলাইছে। তেওঁৰ মৃত্যুৰ বাবে মন্ত্ৰী য়েছৱাৰাপ্পাক জগৰীয়া বুলি অভিযোগ কৰিছিল।

তেওঁৰ ছুইচাইড নোটত ভুক্তভোগী লোকজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই আৰু ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাক তেওঁৰ পত্নী আৰু নাবালক সন্তানক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়।

তেওঁ ছুইচাইড নোটটোত লিখিছে, ‘আৰডিপিআৰ মন্ত্ৰী কে এছ য়েছৱাৰাপ্পা মোৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী। মই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছোঁ। মই হাতযোৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী আৰু জনপ্ৰিয় নেতা য়েডিয়ুৰাপ্পাত অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে মোৰ পত্নী আৰু সন্তানক সহায় কৰে।

তেওঁ থকা লজটোৰ কাষৰ কোঠাতে তেওঁৰ বন্ধুও আছিল। আৰক্ষীয়ে এই ঘটনাটোৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছে। ইফালে, মন্ত্ৰী য়েছৱাৰাপ্পাই এই মৃত্যুৰ বাবে তেওঁ কোনোধৰণে দায়ী নহয় বুলি দাবী কৰিছে। তেওঁ মন্তব্য কৰে যে, সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ এই ঘটনাৰ বিষয়ে জানিব পাৰিছে। কিন্তু সন্তোষ পাটিলক চিনি নাপায় বুলিও মন্তব্য কৰে।

উল্লেখ্য যে, পাটিলে য়েছৱাৰাপ্পাৰ বিৰুদ্ধে যোৱা মাহত বৃহৎ দুৰ্নীতিৰ অভিযোগ আনিছিল। মন্ত্ৰীজনৰ সহযোগীয়ে ঠিকাদাৰজনে লাভ কৰা পঞ্চায়ত আৰু গ্ৰামোন্বয়ন বিভাগৰ এটা ৪ কোটিটকীয়া ঠিকাৰ পৰা ৪০ শতাংশ কমিছন দাবী কৰা বুলি অভিযোগ কৰি কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছিল। অৱশ্যে মন্ত্ৰীজনে তেওঁৰ এই অভিযোগ অস্বীকাৰ কৰিছিল। এই ঘটনাৰ পাছতে কংগ্ৰেছ দল শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আৰু ঘটনাটোৰ তদন্ত দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন