--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মন্ত্ৰীৰ দুৰ্নীতিয়ে কিদৰে কাঢ়ি ল’লে এজন প্ৰাণ? কিদৰে মানসিক চাপ সহিব নোৱাৰি প্ৰাণ দিবলগীয়া হ’ল এজন লোকে? ছুইচাইড নোটত নিজৰ মৃত্যুৰ বাবে এগৰাকী মন্ত্ৰীক জগৰীয়া কৰি আঁতৰি গ’ল দুৰ্ভগীয়া লোকজন। গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়ত ৰাজ বিভাগৰ মন্ত্ৰীৰ এগৰাকীৰ সহযোগীয়ে ঠিকাৰ বাবদ ৪০ শতাংশ ধন দাবী কৰাৰ পাছত ঠিকাদাৰজনে আত্মহত্যাৰ পথ গ্ৰহণ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনা সংঘটিত হৈছে কৰ্ণাটকত। কৰ্ণাটকৰ গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়ত ৰাজ বিভাগৰ মন্ত্ৰী কে এছ য়েছৱাৰাপ্পাৰ সহযোগী এজনে ভুক্তভোগী লোকজনৰ পৰা কমিছন হিচাপে দাবী কৰিছিল ঠিকাৰ ৪০ শতাংশ ধন। প্ৰৱল মানসিক চাপৰ বলি হোৱা লোকজনৰ মৃতদেহ আজি উডুপিৰ এটা ব্যক্তিগত লজৰ পৰা উদ্ধাৰ হয়।                                                                            সন্তোষ পাটিল নামৰ ভুক্তভোগী ঠিকাদাৰ জনে আজি পুৱাই সংবাদ মাধ্যম আৰু তেওঁৰ বন্ধুবৰ্গলৈ মেছেজ প্ৰেৰণ কৰি কৈছিল যে, তেওঁ নিজৰ জীৱন নিঃশেষ কৰিবলৈ ওলাইছে। তেওঁৰ মৃত্যুৰ বাবে মন্ত্ৰী য়েছৱাৰাপ্পাক জগৰীয়া বুলি অভিযোগ কৰিছিল।

তেওঁৰ ছুইচাইড নোটত ভুক্তভোগী লোকজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই আৰু ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাক তেওঁৰ পত্নী আৰু নাবালক সন্তানক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়।

তেওঁ ছুইচাইড নোটটোত লিখিছে, ‘আৰডিপিআৰ মন্ত্ৰী কে এছ য়েছৱাৰাপ্পা মোৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী। মই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছোঁ। মই হাতযোৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী আৰু জনপ্ৰিয় নেতা য়েডিয়ুৰাপ্পাত অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে মোৰ পত্নী আৰু সন্তানক সহায় কৰে।

তেওঁ থকা লজটোৰ কাষৰ কোঠাতে তেওঁৰ বন্ধুও আছিল। আৰক্ষীয়ে এই ঘটনাটোৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছে। ইফালে, মন্ত্ৰী য়েছৱাৰাপ্পাই এই মৃত্যুৰ বাবে তেওঁ কোনোধৰণে দায়ী নহয় বুলি দাবী কৰিছে। তেওঁ মন্তব্য কৰে যে, সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ এই ঘটনাৰ বিষয়ে জানিব পাৰিছে। কিন্তু সন্তোষ পাটিলক চিনি নাপায় বুলিও মন্তব্য কৰে।

উল্লেখ্য যে, পাটিলে য়েছৱাৰাপ্পাৰ বিৰুদ্ধে যোৱা মাহত বৃহৎ দুৰ্নীতিৰ অভিযোগ আনিছিল। মন্ত্ৰীজনৰ সহযোগীয়ে ঠিকাদাৰজনে লাভ কৰা পঞ্চায়ত আৰু গ্ৰামোন্বয়ন বিভাগৰ এটা ৪ কোটিটকীয়া ঠিকাৰ পৰা ৪০ শতাংশ কমিছন দাবী কৰা বুলি অভিযোগ কৰি কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছিল। অৱশ্যে মন্ত্ৰীজনে তেওঁৰ এই অভিযোগ অস্বীকাৰ কৰিছিল। এই ঘটনাৰ পাছতে কংগ্ৰেছ দল শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আৰু ঘটনাটোৰ তদন্ত দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত