--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ধৰ্মক লৈ যুঁযুধান ৰূপ লৈছে এটা পৰিয়ালে। মহাৰাষ্ট্ৰৰ আটাইতকৈ শক্তিশালী পৰিয়াল বুলিলে যিটো পৰিয়ালৰ কথা বুজা যায়, সেই থাকৰে পৰিয়ালৰ মাজত পুনৰ সংঘাতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এইবাৰ এই সংঘাতৰ কাৰণ হৈ পৰিছে ধৰ্ম। পূ্ৰ্বেই থাকৰে পৰিয়ালৰ মাজত বিভাজন আনি ৰাজ থাকৰে আঁতৰি গৈছিল আৰু তেওঁ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা প্ৰতিষ্ঠা কৰিছিল। এতিয়া পুনৰ তেওঁলোকৰ মাজত সংঘাতপূৰ্ণ পৰিস্থতিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ কাৰণ হৈছে হিন্দু আৰু হিন্দুত্ব।

দেশত হিন্দু আৰু হিন্দুত্বক লৈ বিজেপিয়ে যি ৰাজনীতি আৰম্ভ কৰিছে তাৰ স্পষ্ট পাৰ্শ্বক্ৰিয়া এতিয়া মহাৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছে। ঘটনাৰ সূ্ত্ৰপাত ঘটিছিল মছজিদত আজান দিয়াৰ সময়ত লাউড স্পীকাৰ ব্যৱহাৰৰ বিৰোধিতাৰ প্ৰসংগক লৈ। মছজিদত লাউড স্পীকাৰ ব্যৱহাৰৰ বিৰোধিতাৰে বিভিন্নজনে মত পোষণ কৰা দেখিবলৈ পোৱা গৈছে। এখোজ ওপৰলৈ গৈ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ নেতা ৰাজ থাকৰেই চৰম সকীয়নি দিয়া দেখিবলৈ পোৱা গৈছে। তেওঁ মহাৰাষ্ট্ৰ চৰকাৰক চমৰ সময়সীয়া বান্ধি দিছে। ৩ মে’ৰ আগতে যদিহে মছজিদত লাউড স্পীকাৰ ব্যৱহাৰ চৰকাৰে বন্ধ নকৰে তেন্তে তেওঁৰ সংগঠনৰ কৰ্মকৰ্তাসকলে মছজিদৰ সন্মুখত হনুমান চালিচা পঢ়িব বুলি হুংকাৰ দিছে।

যদি সঁচাকৈয়ে তেনে এক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষই দেশৰ অতি গুৰুত্বপূৰ্ণ ৰাজ্যখনক ক্ষতিগ্ৰস্ত কৰি তোলাৰ আশংকা আছে। ৰাজ্যখনৰ বিৰোধী দল বিজেপিয়ে সেইটোকে বিচৰা বুলি অভিযোগ উঠিছে। ইতিমধ্যেই বিৰোধী দল বিজেপিয়ে মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটক অস্থিৰ কৰি তোলাৰ বাবে অহৰহ চেষ্টা চলাই থকা দেখা গৈছে। ইজনৰ পাছত সিজন মন্ত্ৰী তথা শিৱসেনাৰ নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অনুসন্ধান চলি আছে। চৰকাৰ অস্থিৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ বিৰোধ-বিদ্ৰোহক উচতনি দিয়াৰো অভিযোগ উঠিছে। শাৰদ পাৱাৰৰ ঘৰত আক্ৰমণো তাৰেই উদাহৰণ। কেৱল এয়াই নহয় এতিয়া মছজিদত লাউড স্পীকাৰৰ প্ৰসংগক লৈ অস্থিৰতা সৃষ্টিৰ প্ৰচেষ্টা চলাই থকা হৈছে।
ৰাজ থাকৰেৰ এই হুংকাৰক লৈ চৰকাৰে কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে মন্তব্য কৰিছে যে, ৰাজ থাকৰেক বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই আৰু তেওঁক সময়ত সঠিক উত্তৰ দিয়া হ’ব। ইফালে, শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় ৰাউটে মন্তব্য কৰিছে যে, হিন্দুত্ব শিৱসেনাৰ তেজত আছে। গতিকে তেওঁলোকক কোনেও হিন্দু-হিন্দুত্বৰ পাঠ দিব নালাগে।

এই পৰিস্থিতিয়ে ৰাজ্যখনত সাম্প্ৰদায়িত উদ্বেগ তথা উত্তেজনাক উচতনি দিয়াটো স্পষ্ট হৈ পৰিছে। কিন্তু কিহৰ বাবে হঠাতে মছজিদত লাউড স্পীকাৰৰ প্ৰসংগ ইমান গুৰুত্বপূৰ্ণ হৈ পৰিল আৰু কিহৰ বাবে এই প্ৰসংগ এখন ৰাজ্যৰ বাবে অস্থিৰতাৰ কাৰণ হৈ পৰিল তাক অনুধাৱন কৰাটো অতি জৰুৰী। সাম্প্ৰদায়িক বিভাজনেৰে ৰাজ্য এখন অস্থিৰ কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ এই প্ৰয়াস ভাৰতৰ দৰে দেশৰ বাবে অতি অশুভ ভৱিষ্যতৰ ইংগিত বিবেচিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন