--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ধৰ্মক লৈ যুঁযুধান ৰূপ লৈছে এটা পৰিয়ালে। মহাৰাষ্ট্ৰৰ আটাইতকৈ শক্তিশালী পৰিয়াল বুলিলে যিটো পৰিয়ালৰ কথা বুজা যায়, সেই থাকৰে পৰিয়ালৰ মাজত পুনৰ সংঘাতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এইবাৰ এই সংঘাতৰ কাৰণ হৈ পৰিছে ধৰ্ম। পূ্ৰ্বেই থাকৰে পৰিয়ালৰ মাজত বিভাজন আনি ৰাজ থাকৰে আঁতৰি গৈছিল আৰু তেওঁ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা প্ৰতিষ্ঠা কৰিছিল। এতিয়া পুনৰ তেওঁলোকৰ মাজত সংঘাতপূৰ্ণ পৰিস্থতিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ কাৰণ হৈছে হিন্দু আৰু হিন্দুত্ব।

দেশত হিন্দু আৰু হিন্দুত্বক লৈ বিজেপিয়ে যি ৰাজনীতি আৰম্ভ কৰিছে তাৰ স্পষ্ট পাৰ্শ্বক্ৰিয়া এতিয়া মহাৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছে। ঘটনাৰ সূ্ত্ৰপাত ঘটিছিল মছজিদত আজান দিয়াৰ সময়ত লাউড স্পীকাৰ ব্যৱহাৰৰ বিৰোধিতাৰ প্ৰসংগক লৈ। মছজিদত লাউড স্পীকাৰ ব্যৱহাৰৰ বিৰোধিতাৰে বিভিন্নজনে মত পোষণ কৰা দেখিবলৈ পোৱা গৈছে। এখোজ ওপৰলৈ গৈ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ নেতা ৰাজ থাকৰেই চৰম সকীয়নি দিয়া দেখিবলৈ পোৱা গৈছে। তেওঁ মহাৰাষ্ট্ৰ চৰকাৰক চমৰ সময়সীয়া বান্ধি দিছে। ৩ মে’ৰ আগতে যদিহে মছজিদত লাউড স্পীকাৰ ব্যৱহাৰ চৰকাৰে বন্ধ নকৰে তেন্তে তেওঁৰ সংগঠনৰ কৰ্মকৰ্তাসকলে মছজিদৰ সন্মুখত হনুমান চালিচা পঢ়িব বুলি হুংকাৰ দিছে।

যদি সঁচাকৈয়ে তেনে এক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষই দেশৰ অতি গুৰুত্বপূৰ্ণ ৰাজ্যখনক ক্ষতিগ্ৰস্ত কৰি তোলাৰ আশংকা আছে। ৰাজ্যখনৰ বিৰোধী দল বিজেপিয়ে সেইটোকে বিচৰা বুলি অভিযোগ উঠিছে। ইতিমধ্যেই বিৰোধী দল বিজেপিয়ে মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটক অস্থিৰ কৰি তোলাৰ বাবে অহৰহ চেষ্টা চলাই থকা দেখা গৈছে। ইজনৰ পাছত সিজন মন্ত্ৰী তথা শিৱসেনাৰ নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অনুসন্ধান চলি আছে। চৰকাৰ অস্থিৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ বিৰোধ-বিদ্ৰোহক উচতনি দিয়াৰো অভিযোগ উঠিছে। শাৰদ পাৱাৰৰ ঘৰত আক্ৰমণো তাৰেই উদাহৰণ। কেৱল এয়াই নহয় এতিয়া মছজিদত লাউড স্পীকাৰৰ প্ৰসংগক লৈ অস্থিৰতা সৃষ্টিৰ প্ৰচেষ্টা চলাই থকা হৈছে।
ৰাজ থাকৰেৰ এই হুংকাৰক লৈ চৰকাৰে কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে মন্তব্য কৰিছে যে, ৰাজ থাকৰেক বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই আৰু তেওঁক সময়ত সঠিক উত্তৰ দিয়া হ’ব। ইফালে, শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় ৰাউটে মন্তব্য কৰিছে যে, হিন্দুত্ব শিৱসেনাৰ তেজত আছে। গতিকে তেওঁলোকক কোনেও হিন্দু-হিন্দুত্বৰ পাঠ দিব নালাগে।

এই পৰিস্থিতিয়ে ৰাজ্যখনত সাম্প্ৰদায়িত উদ্বেগ তথা উত্তেজনাক উচতনি দিয়াটো স্পষ্ট হৈ পৰিছে। কিন্তু কিহৰ বাবে হঠাতে মছজিদত লাউড স্পীকাৰৰ প্ৰসংগ ইমান গুৰুত্বপূৰ্ণ হৈ পৰিল আৰু কিহৰ বাবে এই প্ৰসংগ এখন ৰাজ্যৰ বাবে অস্থিৰতাৰ কাৰণ হৈ পৰিল তাক অনুধাৱন কৰাটো অতি জৰুৰী। সাম্প্ৰদায়িক বিভাজনেৰে ৰাজ্য এখন অস্থিৰ কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ এই প্ৰয়াস ভাৰতৰ দৰে দেশৰ বাবে অতি অশুভ ভৱিষ্যতৰ ইংগিত বিবেচিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস