--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে প্ৰতিজন ভাৰতীয়ৰ স্বপ্নভংগ হয়..হয় আশাভংগ। সকলোৱে আশা কৰিছিল ২০২২ বৰ্ষৰ টি-২০ বিশ্বকাপৰ ট্ৰফীয়ে ভাৰতক গৌৰৱান্বিত কৰিব। পাছে ছেমি ফাইনলতে থমকি ৰ'ল ভাৰতীয় ক্ৰিকেট দলৰ যাত্ৰা। আশা ধূলিস্যাৎ হ’ল ভাৰতৰ। টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত পৰাজিত হয় ইংলেণ্ডৰ হাতত। ছেমি ফাইনেলৰ খেলখনত ভাৰতে ইংলেণ্ডৰ হাতত শোচনীয় পৰাজয় বৰণ কৰে। কোটি কোটি ভাৰতীয়ৰ আশাত চেঁচাপানী ঢালি এডিলেইডত ইংলেণ্ডৰ হাতত ১০ উইকেটত চূড়ান্ত ৰূপত বিধ্বস্ত হৈ ছেমি ফাইনেলৰ পৰাই বিদায় ল’লে ভাৰতে। ভাৰতীয় দলৰ বলিং বিভাগক দিশহাৰা কৰি ইংলেণ্ডৰ অপেনাৰদ্বয় এলেক্স হেলছ আৰু জ’ছ বাটলাৰে দুৰ্ধৰ্ষ বেটিঙেৰে দলক ফাইনেলত উপনীত কৰায়।

২০০৭ চন। টি-২০ বিশ্বকাপৰ উদ্বোধনী প্ৰতিযোগিতাত ৰোমাঞ্চকৰ তথা শ্বাসৰুদ্ধকৰ যুঁজৰ অন্তত পাকিস্তানক পৰাস্ত কৰি খিতাপ আঁজুৰি আনিছিল মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন ভাৰতে। এইবাৰো ভাৰতীয় ক্ৰীড়া অনুৰাগীয়ে আশা কৰিছিল ফাইনেলত চিৰবৈৰী দেশ দুখন সমুখ সমৰত নামিব আৰু ২০০৭ চনৰ দৰেই ২০২২ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতে নিজৰ হাতলৈ আনিব। পাছে ভবামতে হৈ নুঠিল কথাবোৰ।

উল্লেখ্য যে ২০০৭ চনৰ পাছৰ পৰাই এই প্ৰতিযোগিতাখনত দীৰ্ঘদিন ধৰি ব্যৰ্থতাৰ সন্মুখীন হৈ আহিছে ভাৰতীয় ক্ৰিকেট দল। কেৱল টি-২০ বিশ্বকাপেই নহয়, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়ৰ পাছত ভাৰতে আইচিচিৰ মূল প্ৰতিযোগিতাত খিতাপ জয়ৰ মুখ দেখা নাই। ভাৰতৰ এই ব্যৰ্থতাৰ ধাৰা এইবাৰ অষ্ট্ৰেলিয়াত অন্ত পৰাৰ আশাত ৰৈছিল প্ৰতিজন ভাৰতীয় ক্ৰিকেট অনুৰাগী। প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি অনুৰাগীৰ এই আশাক সজীৱ কৰি ৰাখিছিল ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে। পাছে ইংলেণ্ডে খেল পথাৰত ভাৰতক তিষ্ঠিবই নিদিলে। ইংলেণ্ডে পৰিকল্পনা অনুসৰি বলিং কৰি আৰম্ভণিৰে পৰা ভাৰতক চাপত ৰাখিবলৈ সক্ষম হয়। ভাৰতৰ ২০ অভাৰত ১৬৮ ৰানৰ বিপৰীতে ইংলেণ্ডে মাত্ৰ ১৬ অভাৰতে ১৭০ ৰান কৰি বিজয়ৰ হাঁহি মাৰে।

খেলত হৰা-জিকা থাকেই। সেয়াই স্বাভাৱিক। প্ৰতিখন দেশেই ভাবে আমাৰ দেশ বিজয়ী হওক। কালিৰ খেলখনত ভাৰতে শোচনীয় পৰাজয় বৰণ কৰাৰ পাছতো ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে নানা ধৰণৰ আমোদজনক পষ্ট। দুখৰ মাজতো যেন একাংশ লোকে স্বত্বিৰ নিশ্বাস পেলাইছে। কি কথাত জানেনে? একাংশই কৈছে ''ভাৰত হাৰিছে দুখৰ কথা যদিও এটা কথাত শান্তি যে ভাৰত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছে। ফাইনেলত শত্ৰু দেশ পাকিস্তানৰ হাতত ভাৰত পৰাস্ত হোৱা হ'লে ইয়াতকৈ লজ্জাৰ বিষয় নাথাকিলেহেঁতেন।'' একাংশই লিখিছে-''কেনেবাকৈ ফাইনেলত পাকিস্তানৰ হাতত ভাৰত পৰাস্ত হোৱা হ'লে কিমানৰ যে হাৰ্ট এটেক হলহেঁতেন, কিমানে যে ছুইচাইড কৰিলেহেঁতেন তাৰ ঠিকনা নাই।'' এচামে লিখিছে ফাইনেলত ভাৰত পাকিস্তানৰ হাতত পৰাস্ত হোৱা হ'লে দেশত কিমান যে টিভি ভাঙিলেহেঁতেন!। এনেদৰেই ভাৰত ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছতো মনৰ শান্তি বৰ্তাই ৰাখিছে ক্ৰীড়ানুৰাগীয়ে।

খেলক সদায় খেল হিচাপেই চাব লাগে। খেলক সদায় খেল বুলিয়েই ভাবিব লাগে। খেলত কেতিয়াও ৰাজনীতিৰ বীজ সিঁচিব নালাগে আৰু কেতিয়াও কোনো অনুৰাগীয়ে খেলতেই জীৱনৰ উশাহটো সোমাই আছে বুলি ভাবিব নালাগে। ভাৰতীয় ক্ৰিকেট দল পৰাস্ত হ'লে কেতিয়াবা কিছুমান মানুহে অঘটন ঘটোৱা আমি নিশ্চয়কৈ সময়ে সময়ে দেখি আহিছো। 

এতিয়া অপেক্ষা মাঁথো ১৩ নৱেম্বৰলৈ। সেইদিনা টি-২০ বিশ্বকাপৰ ফাইনেলত ক্ৰিকেটৰ মহাযুদ্ধ হ'ব পাকিস্তান আৰু ইংলেণ্ডৰ মাজত... দেখা যাওক কোনখন দেশে মাৰিব বিজয়ৰ হাঁহি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক