--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে প্ৰতিজন ভাৰতীয়ৰ স্বপ্নভংগ হয়..হয় আশাভংগ। সকলোৱে আশা কৰিছিল ২০২২ বৰ্ষৰ টি-২০ বিশ্বকাপৰ ট্ৰফীয়ে ভাৰতক গৌৰৱান্বিত কৰিব। পাছে ছেমি ফাইনলতে থমকি ৰ'ল ভাৰতীয় ক্ৰিকেট দলৰ যাত্ৰা। আশা ধূলিস্যাৎ হ’ল ভাৰতৰ। টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত পৰাজিত হয় ইংলেণ্ডৰ হাতত। ছেমি ফাইনেলৰ খেলখনত ভাৰতে ইংলেণ্ডৰ হাতত শোচনীয় পৰাজয় বৰণ কৰে। কোটি কোটি ভাৰতীয়ৰ আশাত চেঁচাপানী ঢালি এডিলেইডত ইংলেণ্ডৰ হাতত ১০ উইকেটত চূড়ান্ত ৰূপত বিধ্বস্ত হৈ ছেমি ফাইনেলৰ পৰাই বিদায় ল’লে ভাৰতে। ভাৰতীয় দলৰ বলিং বিভাগক দিশহাৰা কৰি ইংলেণ্ডৰ অপেনাৰদ্বয় এলেক্স হেলছ আৰু জ’ছ বাটলাৰে দুৰ্ধৰ্ষ বেটিঙেৰে দলক ফাইনেলত উপনীত কৰায়।

২০০৭ চন। টি-২০ বিশ্বকাপৰ উদ্বোধনী প্ৰতিযোগিতাত ৰোমাঞ্চকৰ তথা শ্বাসৰুদ্ধকৰ যুঁজৰ অন্তত পাকিস্তানক পৰাস্ত কৰি খিতাপ আঁজুৰি আনিছিল মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন ভাৰতে। এইবাৰো ভাৰতীয় ক্ৰীড়া অনুৰাগীয়ে আশা কৰিছিল ফাইনেলত চিৰবৈৰী দেশ দুখন সমুখ সমৰত নামিব আৰু ২০০৭ চনৰ দৰেই ২০২২ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতে নিজৰ হাতলৈ আনিব। পাছে ভবামতে হৈ নুঠিল কথাবোৰ।

উল্লেখ্য যে ২০০৭ চনৰ পাছৰ পৰাই এই প্ৰতিযোগিতাখনত দীৰ্ঘদিন ধৰি ব্যৰ্থতাৰ সন্মুখীন হৈ আহিছে ভাৰতীয় ক্ৰিকেট দল। কেৱল টি-২০ বিশ্বকাপেই নহয়, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়ৰ পাছত ভাৰতে আইচিচিৰ মূল প্ৰতিযোগিতাত খিতাপ জয়ৰ মুখ দেখা নাই। ভাৰতৰ এই ব্যৰ্থতাৰ ধাৰা এইবাৰ অষ্ট্ৰেলিয়াত অন্ত পৰাৰ আশাত ৰৈছিল প্ৰতিজন ভাৰতীয় ক্ৰিকেট অনুৰাগী। প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি অনুৰাগীৰ এই আশাক সজীৱ কৰি ৰাখিছিল ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে। পাছে ইংলেণ্ডে খেল পথাৰত ভাৰতক তিষ্ঠিবই নিদিলে। ইংলেণ্ডে পৰিকল্পনা অনুসৰি বলিং কৰি আৰম্ভণিৰে পৰা ভাৰতক চাপত ৰাখিবলৈ সক্ষম হয়। ভাৰতৰ ২০ অভাৰত ১৬৮ ৰানৰ বিপৰীতে ইংলেণ্ডে মাত্ৰ ১৬ অভাৰতে ১৭০ ৰান কৰি বিজয়ৰ হাঁহি মাৰে।

খেলত হৰা-জিকা থাকেই। সেয়াই স্বাভাৱিক। প্ৰতিখন দেশেই ভাবে আমাৰ দেশ বিজয়ী হওক। কালিৰ খেলখনত ভাৰতে শোচনীয় পৰাজয় বৰণ কৰাৰ পাছতো ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে নানা ধৰণৰ আমোদজনক পষ্ট। দুখৰ মাজতো যেন একাংশ লোকে স্বত্বিৰ নিশ্বাস পেলাইছে। কি কথাত জানেনে? একাংশই কৈছে ''ভাৰত হাৰিছে দুখৰ কথা যদিও এটা কথাত শান্তি যে ভাৰত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছে। ফাইনেলত শত্ৰু দেশ পাকিস্তানৰ হাতত ভাৰত পৰাস্ত হোৱা হ'লে ইয়াতকৈ লজ্জাৰ বিষয় নাথাকিলেহেঁতেন।'' একাংশই লিখিছে-''কেনেবাকৈ ফাইনেলত পাকিস্তানৰ হাতত ভাৰত পৰাস্ত হোৱা হ'লে কিমানৰ যে হাৰ্ট এটেক হলহেঁতেন, কিমানে যে ছুইচাইড কৰিলেহেঁতেন তাৰ ঠিকনা নাই।'' এচামে লিখিছে ফাইনেলত ভাৰত পাকিস্তানৰ হাতত পৰাস্ত হোৱা হ'লে দেশত কিমান যে টিভি ভাঙিলেহেঁতেন!। এনেদৰেই ভাৰত ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছতো মনৰ শান্তি বৰ্তাই ৰাখিছে ক্ৰীড়ানুৰাগীয়ে।

খেলক সদায় খেল হিচাপেই চাব লাগে। খেলক সদায় খেল বুলিয়েই ভাবিব লাগে। খেলত কেতিয়াও ৰাজনীতিৰ বীজ সিঁচিব নালাগে আৰু কেতিয়াও কোনো অনুৰাগীয়ে খেলতেই জীৱনৰ উশাহটো সোমাই আছে বুলি ভাবিব নালাগে। ভাৰতীয় ক্ৰিকেট দল পৰাস্ত হ'লে কেতিয়াবা কিছুমান মানুহে অঘটন ঘটোৱা আমি নিশ্চয়কৈ সময়ে সময়ে দেখি আহিছো। 

এতিয়া অপেক্ষা মাঁথো ১৩ নৱেম্বৰলৈ। সেইদিনা টি-২০ বিশ্বকাপৰ ফাইনেলত ক্ৰিকেটৰ মহাযুদ্ধ হ'ব পাকিস্তান আৰু ইংলেণ্ডৰ মাজত... দেখা যাওক কোনখন দেশে মাৰিব বিজয়ৰ হাঁহি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু