--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান দলৰ প্ৰদৰ্শনক সমালোচনা কৰা হৈছে। তিন্চু টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈ আন এজন অধিনায়কে পদত্যাগ কৰে। তেওঁ হৈছে কেন উইলিয়ামছন। সকলোকে আচৰিত কৰি এইবাৰ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হ’ল নিউজিলেণ্ড। দলটোৰ পৰাজয়ৰ দায়িত্ব লোৱাৰ পিছতে অধিনায়ক উইলিয়ামছনে পদত্যাগ কৰে। বগা বল ক্ৰিকেটত তেওঁ আৰু দেশক নেতৃত্ব নিদিব।

উইলিয়ামছনে কেৱল নেতৃত্বই এৰি দিয়া নাই। ব’ৰ্ডৰ বাৰ্ষিক চুক্তিৰ পৰাও তেওঁ নিজকে আঁতৰাই ৰাখিছে। এতিয়াৰ বাবে তেওঁ কেৱল টেষ্ট খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে। হোয়াইট বল ক্ৰিকেটত তেওঁ দেশক নেতৃত্ব নিদিয়ে বুলিও কয়। কিউই ব’ৰ্ডে জনাইছে যে উইলিয়ামছনে কেৱল ২০২৪-২৫ চনৰ চুক্তিৰ পৰা আঁতৰি আহিছে। যদিও অনাগত দিনত তেওঁক সকলো ধৰণৰ ক্ৰিকেটত পোৱা যাব।

উইলিয়ামছনৰ বয়স ৩৩ বছৰ। তেওঁ অধিনায়ক হিচাপে নিউজিলেণ্ডৰ হৈ একমাত্ৰ আই চি চি ট্ৰফী লাভ কৰে। উইলিয়ামছনৰ দলটোৱে ভাৰতক পৰাস্ত কৰি প্ৰথমখন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত জয়লাভ কৰে। উইলিয়ামছনে ২০১১ চনৰ পৰা সকলো ধৰণৰ ক্ৰিকেটত দেশৰ সেৱা আগবঢ়াই আহিছে। এই মুহূৰ্তত তেওঁক বিশ্বৰ চাৰিজন শ্ৰেষ্ঠ বেটছমেনৰ ভিতৰত স্থান দিয়া হৈছে। জনা গৈছে যে এইবাৰ তেওঁ দেশৰ হৈ ৮খন টেষ্ট খেলিব। অহা বছৰ চেম্পিয়নছ ট্ৰফীতো খেলা দেখা যাব উইলিয়ামছনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ