--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেটত বিতৰ্ক যেন বন্ধই নহয়। শুকুৰবাৰে টি-২০ বিশ্বকাপৰ বাবে পাকিস্তানৰ দল ঘোষণা কৰাৰ কথা আছিল। দল ঘোষণাৰ দায়িত্ব নিৰ্বাচকসকলৰ হাতত আছিল। কিন্তু প্ৰথমতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে সেয়া হ’বলৈ নিদিলে। পিছত অৱশ্যে নিৰ্বাচকসকলে ১৫ জনীয়া দলৰ কথা ঘোষণা কৰে।

পাকিস্তানৰ এটা সংবাদ মাধ্যমৰ মতে, বিশ্বকাপ দলত স্থান লাভ কৰা ক্ৰিকেটাৰসকলৰ নাম সন্দৰ্ভত নকবীৰৰ কোনো প্ৰশ্ন নাছিল। কিন্তু দল ঘোষণা কৰাৰ পূৰ্বে নিৰ্বাচকসকলে তেওঁৰ সৈতে সাক্ষাৎ কৰা নাছিল। সেইবাবেই নকবীৰৰ খং উঠিছে। সেয়ে তেওঁ সংবাদমেলখন বন্ধ কৰি দিলে।

শুকুৰবাৰে নিশাৰ পিছত নিৰ্বাচকসকলে দলটোৰ কথা ঘোষণা কৰে। কেপ্তেইন বাবৰ আজম। দলটোত আছে ফখৰ জামান, মহম্মদ ৰিজৱান, শ্বাহীন শ্বাহ আফ্ৰিদিৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰৰ লগতে নছিম শ্বাহ, ছাইম আয়ুবৰ দৰে যুৱক। দীৰ্ঘদিন পিছত ৰাষ্ট্ৰীয় দললৈ ঘূৰি অহা মহম্মদ আমিৰকো বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে।

পাকিস্তান বিশ্বকাপ দল – বাবৰ আজম (অধিনায়ক), আবৰাৰ আহমেদ, আজম খান, ফখৰ জামান, হেৰিছ ৰাউফ, ইফতিখাৰ আহমেদ, ইমাদ ৱাছিম, মহম্মদ আব্বাছ আফ্ৰিদি, মহম্মদ আমিৰ, মহম্মদ ৰিজৱান, নছিম শ্বাহ, ছাইম আয়ুব, ছাদাব খান, শ্বাহীন শ্বাহ আফ্ৰিদি , উছমান খান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু