--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেটত বিতৰ্ক যেন বন্ধই নহয়। শুকুৰবাৰে টি-২০ বিশ্বকাপৰ বাবে পাকিস্তানৰ দল ঘোষণা কৰাৰ কথা আছিল। দল ঘোষণাৰ দায়িত্ব নিৰ্বাচকসকলৰ হাতত আছিল। কিন্তু প্ৰথমতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে সেয়া হ’বলৈ নিদিলে। পিছত অৱশ্যে নিৰ্বাচকসকলে ১৫ জনীয়া দলৰ কথা ঘোষণা কৰে।

পাকিস্তানৰ এটা সংবাদ মাধ্যমৰ মতে, বিশ্বকাপ দলত স্থান লাভ কৰা ক্ৰিকেটাৰসকলৰ নাম সন্দৰ্ভত নকবীৰৰ কোনো প্ৰশ্ন নাছিল। কিন্তু দল ঘোষণা কৰাৰ পূৰ্বে নিৰ্বাচকসকলে তেওঁৰ সৈতে সাক্ষাৎ কৰা নাছিল। সেইবাবেই নকবীৰৰ খং উঠিছে। সেয়ে তেওঁ সংবাদমেলখন বন্ধ কৰি দিলে।

শুকুৰবাৰে নিশাৰ পিছত নিৰ্বাচকসকলে দলটোৰ কথা ঘোষণা কৰে। কেপ্তেইন বাবৰ আজম। দলটোত আছে ফখৰ জামান, মহম্মদ ৰিজৱান, শ্বাহীন শ্বাহ আফ্ৰিদিৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰৰ লগতে নছিম শ্বাহ, ছাইম আয়ুবৰ দৰে যুৱক। দীৰ্ঘদিন পিছত ৰাষ্ট্ৰীয় দললৈ ঘূৰি অহা মহম্মদ আমিৰকো বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে।

পাকিস্তান বিশ্বকাপ দল – বাবৰ আজম (অধিনায়ক), আবৰাৰ আহমেদ, আজম খান, ফখৰ জামান, হেৰিছ ৰাউফ, ইফতিখাৰ আহমেদ, ইমাদ ৱাছিম, মহম্মদ আব্বাছ আফ্ৰিদি, মহম্মদ আমিৰ, মহম্মদ ৰিজৱান, নছিম শ্বাহ, ছাইম আয়ুব, ছাদাব খান, শ্বাহীন শ্বাহ আফ্ৰিদি , উছমান খান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ