--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিযা-ইউক্ৰেইনৰ সংঘৰ্ষৰ মাজতে এক উদ্বেগজনক খবৰে সকলোকে কৰিছে ব্যথিত৷ অসম ৰাইফলছৰ জোৱানআৰু এন এছ চি এন উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ সুত্ৰপাত ঘটে৷ খবৰ অনুসৰি দেওবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খোনছাৰ ওচৰত অসম ৰাইফলছৰ জোৱান আৰু সন্দেহযুক্ত এন এছ চি এন বিদ্ৰোহীসকলৰ মাজত সংঘৰ্ষ সংঘটিত হয়। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ মুখ্য কাৰ্যালয় খোনছাৰ ওচৰৰ কাপু নামৰ এখন গাঁৱত এই সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি৷ অৱশ্যে, এনএছচিএনৰ কোনটো গোটৰ বিদ্ৰোহীসকল আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বা এই সংঘৰ্ষৰ বিষয়ে কোনেও বিবৃতি প্ৰকাশ কৰা নাই৷ বাতৰি অনুসৰি, দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ঘটনাটো সংঘটিত হয়। দুয়োফালে এতিয়ালৈকে কোনো হতাহত বা আঘাতৰ খবৰ পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন