--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : স্বমহিমাৰে দুয়ো সমুজ্জ্বল নিজৰ নিজৰ স্থানত। এগৰাকী হৈছে দেশৰ কনিষ্ঠতম মেয়ৰ আৰু আনগৰাকী হৈছে কেৰালাৰ কনিষ্ঠতম বিধায়ক। এইবাৰ দুয়োগৰাকীয়ে এক পবিত্ৰ বান্ধোনেৰে বান্ধ খাবলৈ অগ্ৰসৰ হৈছে। তেওঁলোক দুজন হৈছে ক্ৰমে কেৰালাৰ তিৰুৱনন্তপুৰমৰ মেয়ৰ আৰ্য ৰাজেন্দ্ৰ আৰু বালুচুৰীৰ বিধায় শচীন দেব। তিৰুৱন্তপুৰমৰ মেয়ৰ আৰ্য ৰাজেন্দ্ৰনে দেওবাৰে কেৰালাৰ তিৰুৱন্তপুৰমৰ এ কে জি কেন্দ্ৰত এক আন্তৰিকতাপূৰ্ণ অনুষ্ঠানত বালুচেৰীৰ বিধায়ক শচীন দেৱৰ সৈতে বাগদান সম্পন্ন কৰে। অনুষ্ঠানটোত তেওঁলোকৰ পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকল আৰু দলৰ নেতাসকলে অংশগ্ৰহণ কৰিছিল। আৰ্য ৰাজেন্দ্ৰন ভাৰতৰ কনিষ্ঠতম মেয়ৰ হোৱাৰ বিপৰীতে শচীন দেৱ বৰ্তমানৰ কেৰালা বিধানসভাৰ আটাইতকৈ কনিষ্ঠ বিধায়ক। আৰ্য ৰাজেন্দ্ৰনে ২১ বছৰ বয়সত মেয়ৰৰ দায়িত্ব গ্ৰহণ কৰিছিল। দুয়ো যোৱা মাহত বিবাহৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ ছাত্ৰ শাখা বালাসংঘমত একেলগে কাম কৰাৰ সময়ত তেওঁলোকে ইজনে সিজনক লগ পাইছিল। আদৰ্শগত মিলেই এদিন অন্তৰৰ মিলত পৰিণত হৈছিল আৰু দুয়ো প্ৰেমৰ সম্পৰ্কেৰে বান্ধ খাই পৰিছিল। দম্পতীটোক অভিনন্দন জনোৱাৰ বাবে, চিপিআই(এম) পলিট ব্যুৰোৰ সদস্য এম এ বেবীয়ে তেওঁলোকক উপহাৰ হিচাপে এখন কিতাপ উপহাৰ দিয়ে। অহা মাহত দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে। তেওঁলোকৰ এই প্ৰেম কাহিনীয়ে দেশতে চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন