--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সঘনে পট পৰিৱৰ্তন ঘটিছে উত্তৰ-প্ৰদেশৰ ৰাজনীতিত। যোৱা কেইদিনমানৰ পৰা উত্তৰ-প্ৰদেশত ৰাজনৈতিক পৰিস্থিতি অত্যন্ত অস্থিৰ হৈ পৰা দেখা গৈছে। নাটকীয় ৰূপ ধাৰণ কৰিছে ৰাজনীতিয়ে, কিয়নো দলত্যাগ, পদত্যাগৰ ৰাজনীতি অব্যাহত উত্তৰ-প্ৰদেশত। যাৰ ফলত শাসকীয় বিজেপি দলে আগন্তুক বিধানসভা নিৰ্বাচন ২০২২ৰ বাবে ৰণনীতি সলনি কৰিবলৈ বাধ্য হৈছে। ইফালে উত্তৰ প্ৰদেশৰ বহুজন সমাজ পাৰ্টি (BSP)এ কোনো ইতিবাচক পৰিৱৰ্তন দেখা নাই। কিয়নো নিৰ্বাচন আয়োগত বি এচ পিৰ বিৰুদ্ধে টিকট বিক্ৰীৰ অভিযোগ উত্থাপিত হৈছে। তাৰ মাজতে এজন বিএছপি নেতাক নিৰ্বাচনৰ টিকট প্ৰত্যাখ্যান কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে। লগতে টিকট নাপাই নেতাজনে কান্দি থকা এটা ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। অৰ্শদ ৰাণা নামৰ নেতাজনে আৰক্ষী চকীত উপস্থিত হৈ তেওঁৰ দলীয় টিকট প্ৰত্যাখ্যান কৰা বাবে অভিযোগ দাখিল কৰিছে। বিএছপি নেতাজনে তেওঁৰ অভিযোগ নামাত উল্লেখ কৰে যে ২০১৮ চনৰ ১৮ ডিচেম্বৰত তেওঁক উত্তৰ-প্ৰদেশৰ চাৰথাৱাল সমষ্টিৰ পৰা বিধান সভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপৰ কথা আছিল। তেওঁক ছামচুদ্দিন ৰেইনে টিকটটো আগবঢ়োৱা কথা আছিল, কিন্তু তাৰ বিনিময়ত নেতাজনে তেওঁলোকক কিছু টকা দিব লাগিব। আনকি সেই টকাখিনি দিবলৈ সাজু হৈছিল অৰ্শদ ৰাণা নামৰ নেতাজন। পিছত আৰ্শাদ ৰাণাক শীৰ্ষস্থানীয় নেতাসকলৰ উপস্থিতিত এক দলীয় সভালৈ নিমন্ত্ৰণ কৰা হৈছিল। সভাত তেওঁক দলৰ ফালৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ টিকট প্ৰদানৰ আশ্বাস দিছিল। আনকি তেওঁক তেওঁৰ কাম অব্যাহত ৰাখিবলৈ আৰু নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকাৰ বাবে চিন্তা নকৰিবলৈ কোৱা হৈছিল। ৰাণাই লগতে অভিযোগ কৰে যে তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সম্ভাৱ্য নিৰ্বাচনী প্ৰাৰ্থী তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ছামচুদ্দিন ৰেইনক ৬৭ লাখ টকা পৰিশোধ কৰিছিল। তাৰ পাছতো অৰ্শদ ৰাণাক নিৰ্বাচনৰ বাবে টিকট প্ৰদান নকৰিলে দলে। পিছত তেওঁ এনে ধৰণৰ প্ৰবঞ্চনাৰ বাবে দলীয় হাইকমাণ্ডৰ পৰা ব্যাখ্যা দাবী কৰিছিল। তেতিয়া টিকটৰ বাবে তেওঁক পুনৰ ৫০ লাখ টকা বিচাৰিছিল। ৰাণাই আনকি টিকটৰ বাবে পুনৰ টকা পৰিশোধ কৰিবলৈ সাজু আছিল। কিন্তু কেইদিনমানৰ পিছতে তেওঁক প্ৰবঞ্চনা কৰি আন এজন বিএছপি নেতাক চাৰথাৱাল সমষ্টিৰ পৰা দলটোৰ নিৰ্বাচনী প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয়। কান্দোনত ভাগি পৰা বি এছ পি নেতাজনে তেওঁক তেওঁৰ টকা ঘূৰাই দিয়াৰ দাবী জনাইছে। তেওঁ লগতে তেওঁক ন্যায় প্ৰদান নকৰিলে লক্ষ্ণৌস্থিত বি এছ পি হেড মুখ্য কাৰ্যালয়ৰ সন্মুখত আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি