--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সঘনে পট পৰিৱৰ্তন ঘটিছে উত্তৰ-প্ৰদেশৰ ৰাজনীতিত। যোৱা কেইদিনমানৰ পৰা উত্তৰ-প্ৰদেশত ৰাজনৈতিক পৰিস্থিতি অত্যন্ত অস্থিৰ হৈ পৰা দেখা গৈছে। নাটকীয় ৰূপ ধাৰণ কৰিছে ৰাজনীতিয়ে, কিয়নো দলত্যাগ, পদত্যাগৰ ৰাজনীতি অব্যাহত উত্তৰ-প্ৰদেশত। যাৰ ফলত শাসকীয় বিজেপি দলে আগন্তুক বিধানসভা নিৰ্বাচন ২০২২ৰ বাবে ৰণনীতি সলনি কৰিবলৈ বাধ্য হৈছে। ইফালে উত্তৰ প্ৰদেশৰ বহুজন সমাজ পাৰ্টি (BSP)এ কোনো ইতিবাচক পৰিৱৰ্তন দেখা নাই। কিয়নো নিৰ্বাচন আয়োগত বি এচ পিৰ বিৰুদ্ধে টিকট বিক্ৰীৰ অভিযোগ উত্থাপিত হৈছে। তাৰ মাজতে এজন বিএছপি নেতাক নিৰ্বাচনৰ টিকট প্ৰত্যাখ্যান কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে। লগতে টিকট নাপাই নেতাজনে কান্দি থকা এটা ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। অৰ্শদ ৰাণা নামৰ নেতাজনে আৰক্ষী চকীত উপস্থিত হৈ তেওঁৰ দলীয় টিকট প্ৰত্যাখ্যান কৰা বাবে অভিযোগ দাখিল কৰিছে। বিএছপি নেতাজনে তেওঁৰ অভিযোগ নামাত উল্লেখ কৰে যে ২০১৮ চনৰ ১৮ ডিচেম্বৰত তেওঁক উত্তৰ-প্ৰদেশৰ চাৰথাৱাল সমষ্টিৰ পৰা বিধান সভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপৰ কথা আছিল। তেওঁক ছামচুদ্দিন ৰেইনে টিকটটো আগবঢ়োৱা কথা আছিল, কিন্তু তাৰ বিনিময়ত নেতাজনে তেওঁলোকক কিছু টকা দিব লাগিব। আনকি সেই টকাখিনি দিবলৈ সাজু হৈছিল অৰ্শদ ৰাণা নামৰ নেতাজন। পিছত আৰ্শাদ ৰাণাক শীৰ্ষস্থানীয় নেতাসকলৰ উপস্থিতিত এক দলীয় সভালৈ নিমন্ত্ৰণ কৰা হৈছিল। সভাত তেওঁক দলৰ ফালৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ টিকট প্ৰদানৰ আশ্বাস দিছিল। আনকি তেওঁক তেওঁৰ কাম অব্যাহত ৰাখিবলৈ আৰু নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকাৰ বাবে চিন্তা নকৰিবলৈ কোৱা হৈছিল। ৰাণাই লগতে অভিযোগ কৰে যে তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সম্ভাৱ্য নিৰ্বাচনী প্ৰাৰ্থী তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ছামচুদ্দিন ৰেইনক ৬৭ লাখ টকা পৰিশোধ কৰিছিল। তাৰ পাছতো অৰ্শদ ৰাণাক নিৰ্বাচনৰ বাবে টিকট প্ৰদান নকৰিলে দলে। পিছত তেওঁ এনে ধৰণৰ প্ৰবঞ্চনাৰ বাবে দলীয় হাইকমাণ্ডৰ পৰা ব্যাখ্যা দাবী কৰিছিল। তেতিয়া টিকটৰ বাবে তেওঁক পুনৰ ৫০ লাখ টকা বিচাৰিছিল। ৰাণাই আনকি টিকটৰ বাবে পুনৰ টকা পৰিশোধ কৰিবলৈ সাজু আছিল। কিন্তু কেইদিনমানৰ পিছতে তেওঁক প্ৰবঞ্চনা কৰি আন এজন বিএছপি নেতাক চাৰথাৱাল সমষ্টিৰ পৰা দলটোৰ নিৰ্বাচনী প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয়। কান্দোনত ভাগি পৰা বি এছ পি নেতাজনে তেওঁক তেওঁৰ টকা ঘূৰাই দিয়াৰ দাবী জনাইছে। তেওঁ লগতে তেওঁক ন্যায় প্ৰদান নকৰিলে লক্ষ্ণৌস্থিত বি এছ পি হেড মুখ্য কাৰ্যালয়ৰ সন্মুখত আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক