--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধস্থলী লংগেৱালাত প্ৰদৰ্শিত হ’ব বিশ্বৰ সৰ্ববৃহৎ খাদী ৰাষ্ট্ৰীয় পতাকা৷ আজি ভাৰতীয় সেনা দিৱসৰ সৈতে সংগতি ৰাখি ভাৰত-পাকিস্তান সীমান্তত খাদী কাপোৰেৰে নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় পতাকা মনুমেণ্টেল নেচনেল ফ্লেগ প্ৰদৰ্শন কৰা হ’ব। এয়া পতাকাখনৰ পঞ্চম ৰাজহুৱা প্ৰদৰ্শন হ’ব। যোৱা বছৰৰ ২ অক্টোবৰত লেহত উন্মোচন হোৱাৰ পিছত এইটো ৰাষ্ট্ৰীয় পতাকাৰ পঞ্চম ৰাজহুৱা প্ৰদৰ্শন হ’ব। পাছলৈ ২০২১ বৰ্ষৰ ৮ অক্টোবৰত বায়ু সেনা দিৱস উপলক্ষে হিন্দন এয়াৰবেচত আৰু সেই বৰ্ষৰে ২১ অক্টোবৰত ভাৰতত ক’ভিড-১৯ৰ ১০০ কোটি টিকাকৰণ উপলক্ষ্যে লালকিল্লাত প্ৰদৰ্শন কৰা হৈছিল, আৰু, যোৱা ৪ ডিচেম্বৰত মুম্বাইৰ গেটৱে’ অৱ ইণ্ডিয়াৰ ওচৰৰ নেভেল ডকয়াৰ্ডত নৌ সেনা দিৱস উদযাপনৰ বাবে মনুমেণ্টেল নেচনেল ফ্লেগ প্ৰদৰ্শন কৰা হয়। ভাৰতীয়ত্বৰ সামূহিক মনোভাৱ আৰু খাদীৰ ঐতিহ্যমণ্ডিত কাৰুশিল্পৰ প্ৰতীক মনুমেণ্টেল নেচনেল ফ্লেগক খাদী আৰু ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিছনে (কেভিআইচি) স্বাধীনতাৰ ৭৫ বছৰীয়া ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰিবলৈ ধাৰণা আৰু প্ৰস্তুত কৰিছে। খাদী পতাকাখনৰ জোখ দীঘলে ২২৫ ফুট,১২৫ ফুট বহল আৰু প্ৰায় ১৪০০ কিলোগ্ৰাম ওজনৰ৷ ৭০ জন খাদী শিল্পীয়ে এই পতাকাখন প্ৰস্তুত কৰিবলৈ ৪৯ দিন সময় লৈছিল। মনুমেণ্টেল নেচনেল ফ্লেগ নিৰ্মাণৰ বাবে খাদী শিল্পী আৰু সহযোগী শ্ৰমিকসকলৰ বাবে প্ৰায় ৩,৫০০ ঘণ্টা অতিৰিক্ত কামৰ প্ৰয়োজন আছিল। মুঠ ৩৩,৭৫০ বৰ্গফুট এলেকা আৱৰি থকা পতাকাখন তৈয়াৰ কৰাত ৪,৫০০ মিটাৰ হাতেৰে কটা, হাতেৰে বোৱা খাদী কপাহৰ বাণ্টিং ব্যৱহাৰ কৰা হৈছে। পতাকাত থকা ‘অশোক চক্ৰ’ৰ ব্যাস ৩০ ফুট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement