--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধস্থলী লংগেৱালাত প্ৰদৰ্শিত হ’ব বিশ্বৰ সৰ্ববৃহৎ খাদী ৰাষ্ট্ৰীয় পতাকা৷ আজি ভাৰতীয় সেনা দিৱসৰ সৈতে সংগতি ৰাখি ভাৰত-পাকিস্তান সীমান্তত খাদী কাপোৰেৰে নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় পতাকা মনুমেণ্টেল নেচনেল ফ্লেগ প্ৰদৰ্শন কৰা হ’ব। এয়া পতাকাখনৰ পঞ্চম ৰাজহুৱা প্ৰদৰ্শন হ’ব। যোৱা বছৰৰ ২ অক্টোবৰত লেহত উন্মোচন হোৱাৰ পিছত এইটো ৰাষ্ট্ৰীয় পতাকাৰ পঞ্চম ৰাজহুৱা প্ৰদৰ্শন হ’ব। পাছলৈ ২০২১ বৰ্ষৰ ৮ অক্টোবৰত বায়ু সেনা দিৱস উপলক্ষে হিন্দন এয়াৰবেচত আৰু সেই বৰ্ষৰে ২১ অক্টোবৰত ভাৰতত ক’ভিড-১৯ৰ ১০০ কোটি টিকাকৰণ উপলক্ষ্যে লালকিল্লাত প্ৰদৰ্শন কৰা হৈছিল, আৰু, যোৱা ৪ ডিচেম্বৰত মুম্বাইৰ গেটৱে’ অৱ ইণ্ডিয়াৰ ওচৰৰ নেভেল ডকয়াৰ্ডত নৌ সেনা দিৱস উদযাপনৰ বাবে মনুমেণ্টেল নেচনেল ফ্লেগ প্ৰদৰ্শন কৰা হয়। ভাৰতীয়ত্বৰ সামূহিক মনোভাৱ আৰু খাদীৰ ঐতিহ্যমণ্ডিত কাৰুশিল্পৰ প্ৰতীক মনুমেণ্টেল নেচনেল ফ্লেগক খাদী আৰু ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিছনে (কেভিআইচি) স্বাধীনতাৰ ৭৫ বছৰীয়া ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰিবলৈ ধাৰণা আৰু প্ৰস্তুত কৰিছে। খাদী পতাকাখনৰ জোখ দীঘলে ২২৫ ফুট,১২৫ ফুট বহল আৰু প্ৰায় ১৪০০ কিলোগ্ৰাম ওজনৰ৷ ৭০ জন খাদী শিল্পীয়ে এই পতাকাখন প্ৰস্তুত কৰিবলৈ ৪৯ দিন সময় লৈছিল। মনুমেণ্টেল নেচনেল ফ্লেগ নিৰ্মাণৰ বাবে খাদী শিল্পী আৰু সহযোগী শ্ৰমিকসকলৰ বাবে প্ৰায় ৩,৫০০ ঘণ্টা অতিৰিক্ত কামৰ প্ৰয়োজন আছিল। মুঠ ৩৩,৭৫০ বৰ্গফুট এলেকা আৱৰি থকা পতাকাখন তৈয়াৰ কৰাত ৪,৫০০ মিটাৰ হাতেৰে কটা, হাতেৰে বোৱা খাদী কপাহৰ বাণ্টিং ব্যৱহাৰ কৰা হৈছে। পতাকাত থকা ‘অশোক চক্ৰ’ৰ ব্যাস ৩০ ফুট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক