--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এজন স্বয়ম্ভু ভগৱানৰ কাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ দেশ! বিগত ৪ বছৰ ধৰি এগৰাকী মহিলাক ধৰ্ষণ কৰি আছিল এই জন স্বয়ম্ভু ভগৱানে৷ জানিব পৰা মতে,  কিশোৰী অৱস্থাৰ পৰাই স্বয়ম্ভু ভগৱানজনে  ধৰ্ষণ কৰি আহিছিল  মহিলাগৰাকীক। অৱশ্যে , নিজকে স্বয়ম্ভু গডমেন বুজি প্ৰচাৰ কৰি থকা ব্যক্তিজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷ 

এই স্বয়ম্ভু ভগৱানজনৰ প্ৰকৃত নাম সুৰেশ কুমাৰ ৰবীন্দ্ৰ নাৰায়ণ৷মহাৰাষ্ট্ৰৰ মুম্বাইৰ এগৰাকী  মহিলাক   দীৰ্ঘদিন ধৰি  ধৰ্ষণ কৰিছিল সুৰেশ কুমাৰে৷ এইজন  স্বঘোষিত গডমেনৰ বয়স ৫৮ বছৰ৷  দেওবাৰে মুম্বাই আৰক্ষীয়ে আটক কৰে এই ধৰ্ষণকাৰীজনক৷ 
আন স্থানীয় লোকৰ পৰামৰ্শ অনুসৰি নিজৰ পৰিয়ালৰ সমস্যা সমাধানৰ বাবে এই স্বয়ম্ভু ভগৱানৰ কাষ চাপিছিল ভুক্তভোগী মহিলা গৰাকীৰ পৰিয়ালে৷ 

তাৰ পিছৰে পৰা নানা চল - চাতুৰীৰে  ২০১৯ চনৰ পৰা যুৱতীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰি আহিছিল স্বয়ম্ভু গডমেনজনে৷। এই ধৰ্ষণকাণ্ডৰ আৰম্ভণি পৰ্যায়ত  কিশোৰী অৱস্থাত আছিল মহিলাগৰাকী। আনকি আপত্তিজনক ফটোও তুলিছিল মহিলাগৰাকীৰ৷ ইণ্টাৰনেটত সেই ছবিবোৰ আপলোড কৰাৰ ভাবুকি দি বিগত ৪ বছৰে ধৰি গডমেনজনে চলাই গৈছিল ধৰ্ষণকাণ্ড৷ 

কোৱা হয়,এশ গৰু মাৰিলে বাঘৰো মৰণ৷ অৱশেষত স্বয়ম্ভু গডমেনজনৰো একেই গতি হ’ল৷ সুদীৰ্ঘ চাৰি বছৰৰ মুৰত পৰিয়ালৰ লোকে পোহৰলৈ আনিলে গডমেনজনৰ ঘৃণনীয় কাণ্ড৷ আৰু পৰিয়ালৰ 
 অভিযোগৰ অনুসৰি  ১১ ছেপ্টেম্বৰত  ভাৰতীয় দণ্ডবিধি আৰু যৌন অপৰাধ আৰু শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত ধৰ্ষণ আৰু অন্যান্য অপৰাধ সংঘটিত কৰাৰ বাবে স্বয়ম্ভু গডমেন সুৰেশ কুমাৰ ৰবীন্দ্ৰ নাৰায়ণ অৱস্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ বৰ্তমান যুৱতী গৰাকীৰ পৰিয়ালে কঠোৰ শাস্তিৰ দাবী কৰিছে  এই অপৰাধীজনৰ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী