--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এজন স্বয়ম্ভু ভগৱানৰ কাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ দেশ! বিগত ৪ বছৰ ধৰি এগৰাকী মহিলাক ধৰ্ষণ কৰি আছিল এই জন স্বয়ম্ভু ভগৱানে৷ জানিব পৰা মতে,  কিশোৰী অৱস্থাৰ পৰাই স্বয়ম্ভু ভগৱানজনে  ধৰ্ষণ কৰি আহিছিল  মহিলাগৰাকীক। অৱশ্যে , নিজকে স্বয়ম্ভু গডমেন বুজি প্ৰচাৰ কৰি থকা ব্যক্তিজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷ 

এই স্বয়ম্ভু ভগৱানজনৰ প্ৰকৃত নাম সুৰেশ কুমাৰ ৰবীন্দ্ৰ নাৰায়ণ৷মহাৰাষ্ট্ৰৰ মুম্বাইৰ এগৰাকী  মহিলাক   দীৰ্ঘদিন ধৰি  ধৰ্ষণ কৰিছিল সুৰেশ কুমাৰে৷ এইজন  স্বঘোষিত গডমেনৰ বয়স ৫৮ বছৰ৷  দেওবাৰে মুম্বাই আৰক্ষীয়ে আটক কৰে এই ধৰ্ষণকাৰীজনক৷ 
আন স্থানীয় লোকৰ পৰামৰ্শ অনুসৰি নিজৰ পৰিয়ালৰ সমস্যা সমাধানৰ বাবে এই স্বয়ম্ভু ভগৱানৰ কাষ চাপিছিল ভুক্তভোগী মহিলা গৰাকীৰ পৰিয়ালে৷ 

তাৰ পিছৰে পৰা নানা চল - চাতুৰীৰে  ২০১৯ চনৰ পৰা যুৱতীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰি আহিছিল স্বয়ম্ভু গডমেনজনে৷। এই ধৰ্ষণকাণ্ডৰ আৰম্ভণি পৰ্যায়ত  কিশোৰী অৱস্থাত আছিল মহিলাগৰাকী। আনকি আপত্তিজনক ফটোও তুলিছিল মহিলাগৰাকীৰ৷ ইণ্টাৰনেটত সেই ছবিবোৰ আপলোড কৰাৰ ভাবুকি দি বিগত ৪ বছৰে ধৰি গডমেনজনে চলাই গৈছিল ধৰ্ষণকাণ্ড৷ 

কোৱা হয়,এশ গৰু মাৰিলে বাঘৰো মৰণ৷ অৱশেষত স্বয়ম্ভু গডমেনজনৰো একেই গতি হ’ল৷ সুদীৰ্ঘ চাৰি বছৰৰ মুৰত পৰিয়ালৰ লোকে পোহৰলৈ আনিলে গডমেনজনৰ ঘৃণনীয় কাণ্ড৷ আৰু পৰিয়ালৰ 
 অভিযোগৰ অনুসৰি  ১১ ছেপ্টেম্বৰত  ভাৰতীয় দণ্ডবিধি আৰু যৌন অপৰাধ আৰু শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত ধৰ্ষণ আৰু অন্যান্য অপৰাধ সংঘটিত কৰাৰ বাবে স্বয়ম্ভু গডমেন সুৰেশ কুমাৰ ৰবীন্দ্ৰ নাৰায়ণ অৱস্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ বৰ্তমান যুৱতী গৰাকীৰ পৰিয়ালে কঠোৰ শাস্তিৰ দাবী কৰিছে  এই অপৰাধীজনৰ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু