--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অশ্বমেধৰ ঘোঁৰাৰ দৰেই অপ্ৰতিৰোধ্য হৈছে ভাৰতীয় জনতা পাৰ্টী। এটাৰ পাছত আনটো নিৰ্বাচনত বিজয় সাব্যস্ত কৰি গৈছে গেৰুৱা দলটোৱে। সমগ্ৰ দেশতে যেন ৰাজনৈতিক সমীকৰণ সলনি কৰি দিছে বিজেপি-এ। ক'লা ধন ওভতাই অনাকে আদি কৰি অবৈধ বিদেশীৰ বোজালৈকে- সকলোতে ব্যৰ্থ হোৱাৰ পাছতো কিদৰে নিৰ্বাচনত জয়ী হয় বিজেপি!

ত্ৰিপুৰাত অনুষ্ঠিত হৈ যোৱা পৌৰ নিকায় নিৰ্বাচনত বৃহৎ বিজয় সাব্যস্ত কৰে শাসনাধিস্থিত বিজেপি দলে। ২৫ নৱেম্বৰত ত্ৰিপুৰাৰ ২০ খন পৌৰ নিকায়ৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। ত্ৰিপুৰা পৌৰ নিগম, ১৩ পৌৰ সভা আৰু ৬ খন নগৰ পঞ্চায়তৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত বিৰোধীয়ে মাত্ৰ ৫ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয়। ত্ৰিপুৰাৰ পৌৰ নিকায়ৰ মুঠ ৩৩৪ খন আসনৰ ১১২ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী বিজয়ী হয় আৰু ২২২ খন আসনৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচন। ইয়াৰে ২১৭ খন আসনতে বিজয়ী হৈ চমকপ্ৰদ ফলাফল দেখুৱায় বিজেপি-এ। বিৰোধী দল চিপিএম, তৃণমূল কংগ্ৰেছ আৰু আঞ্চলিক দল ত্ৰিপুৰা মঠাই ক্ষান্ত থাকিবলগা হয় মাত্ৰ ৫ খন আসনত।

বিজেপিক ৰুধিবলৈ প্ৰতিমূহুৰ্ততে তৎপৰ হৈ থকা মমতা বেনাৰ্জীয়ে কিয় মুখথেকেচা খালে ত্ৰিপুৰাত? উত্তৰ-পূৰ্বাঞ্চলত বিজেপিবিৰোধী ঢৌ আনিবলৈ তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাৰ উদ্দেশ্যে ৰণনীতি তৈয়াৰ কৰি আহিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিছুদিন পূৰ্বে শিলচৰৰ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে যোগদান কৰে তৃণমূল কংগ্ৰেছত। ইয়াৰ পাছতে অসম তথা উত্তৰ-পূবত দলৰ স্থিতি শক্তিশালী কৰাৰ বাবে সুস্মিতা দেৱক অৰ্পন কৰা হয় দায়িত্ব। ত্ৰিপুৰাত যথেষ্ট শক্তিক্ষয় কৰিও সফল হ'ব নোৱাৰিলে তৃণমূল কংগ্ৰেছ। অন্য ৰাজ্যৰ পৰা অহা দলৰ নতুন মুখক নিৰ্বাচনৰ দায়িত্ব দিয়া বাবে ত্ৰিপুৰাত তৃণমূলৰ একাত্মতা ভংগ হ'ল নেকি? বাৰে বাৰে বিজেপিৰ ৰাজনৈতিক কাৰচাজিত কিয় ধৰাশায়ী হয় বিৰোধী দল? ২০২৩ চনত হ'বলগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিক ভেটিবলৈ কি ৰণনীতি কৰিব মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু