--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অশ্বমেধৰ ঘোঁৰাৰ দৰেই অপ্ৰতিৰোধ্য হৈছে ভাৰতীয় জনতা পাৰ্টী। এটাৰ পাছত আনটো নিৰ্বাচনত বিজয় সাব্যস্ত কৰি গৈছে গেৰুৱা দলটোৱে। সমগ্ৰ দেশতে যেন ৰাজনৈতিক সমীকৰণ সলনি কৰি দিছে বিজেপি-এ। ক'লা ধন ওভতাই অনাকে আদি কৰি অবৈধ বিদেশীৰ বোজালৈকে- সকলোতে ব্যৰ্থ হোৱাৰ পাছতো কিদৰে নিৰ্বাচনত জয়ী হয় বিজেপি!

ত্ৰিপুৰাত অনুষ্ঠিত হৈ যোৱা পৌৰ নিকায় নিৰ্বাচনত বৃহৎ বিজয় সাব্যস্ত কৰে শাসনাধিস্থিত বিজেপি দলে। ২৫ নৱেম্বৰত ত্ৰিপুৰাৰ ২০ খন পৌৰ নিকায়ৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। ত্ৰিপুৰা পৌৰ নিগম, ১৩ পৌৰ সভা আৰু ৬ খন নগৰ পঞ্চায়তৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত বিৰোধীয়ে মাত্ৰ ৫ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয়। ত্ৰিপুৰাৰ পৌৰ নিকায়ৰ মুঠ ৩৩৪ খন আসনৰ ১১২ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী বিজয়ী হয় আৰু ২২২ খন আসনৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচন। ইয়াৰে ২১৭ খন আসনতে বিজয়ী হৈ চমকপ্ৰদ ফলাফল দেখুৱায় বিজেপি-এ। বিৰোধী দল চিপিএম, তৃণমূল কংগ্ৰেছ আৰু আঞ্চলিক দল ত্ৰিপুৰা মঠাই ক্ষান্ত থাকিবলগা হয় মাত্ৰ ৫ খন আসনত।

বিজেপিক ৰুধিবলৈ প্ৰতিমূহুৰ্ততে তৎপৰ হৈ থকা মমতা বেনাৰ্জীয়ে কিয় মুখথেকেচা খালে ত্ৰিপুৰাত? উত্তৰ-পূৰ্বাঞ্চলত বিজেপিবিৰোধী ঢৌ আনিবলৈ তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাৰ উদ্দেশ্যে ৰণনীতি তৈয়াৰ কৰি আহিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিছুদিন পূৰ্বে শিলচৰৰ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে যোগদান কৰে তৃণমূল কংগ্ৰেছত। ইয়াৰ পাছতে অসম তথা উত্তৰ-পূবত দলৰ স্থিতি শক্তিশালী কৰাৰ বাবে সুস্মিতা দেৱক অৰ্পন কৰা হয় দায়িত্ব। ত্ৰিপুৰাত যথেষ্ট শক্তিক্ষয় কৰিও সফল হ'ব নোৱাৰিলে তৃণমূল কংগ্ৰেছ। অন্য ৰাজ্যৰ পৰা অহা দলৰ নতুন মুখক নিৰ্বাচনৰ দায়িত্ব দিয়া বাবে ত্ৰিপুৰাত তৃণমূলৰ একাত্মতা ভংগ হ'ল নেকি? বাৰে বাৰে বিজেপিৰ ৰাজনৈতিক কাৰচাজিত কিয় ধৰাশায়ী হয় বিৰোধী দল? ২০২৩ চনত হ'বলগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিক ভেটিবলৈ কি ৰণনীতি কৰিব মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ