--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ লুৰিণজ্যোতি গগৈ, অসমৰ জাতীয় জীৱনৰ এজন যুজাৰু সৈনিক৷ জাতীয়তাবাদী আদৰ্শকে জীৱনৰ মূলমন্ত্ৰ হিচাপে লৈ তেওঁ নিৰৱচ্ছিন্নভাৱে চলাই গৈছে নিজৰ সংগ্ৰামখন৷ সদৌ অসম ছাত্ৰ সন্হা(আছু) মজিয়াৰ পৰা সামাজিক জীৱনৰ দৃশ্যপট অংকন কৰা লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী সময়ত আছুৰ ঔৰসত জন্ম পোৱা এক আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ত সভাপতি পদ অলংকৃত কৰে জাতীয়বাদী নেতা গৰাকীয়ে৷


২০১৯ চনৰ ১২ ডিচেম্বৰ, অসমৰ গৰিষ্ঠ সংখ্যক লোকৰ মতৰ বিৰুদ্ধে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ লোকসভা মজিয়াত গৃহীত কৰিলে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’৷ পৰৱৰ্তী সময়ত অসমত গঢ়ি উঠিল ব্যাপক এক গণ আন্দোলন৷ মুখত মাত ফুটা শিশুৰ পৰা আৰম্ভ কৰি আদহীয়া বৃদ্ধ গৰাকীয়ো কৈ গ’ল, ‘‘কা’ আমি নামানো’’ বুলি৷ ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি জাতীয় দল সংগঠনৰ পৰা সাধাৰণ লোক সকলো উলাই আহিল ৰাজপথলৈ, আৰু চৰকাৰৰ বিৰুদ্ধে কৰি গ’ল কেৱল আন্দোলন আৰু আন্দোলন৷ সেই সময়তে ৰাইজৰ মাজত গঢ়ি উঠিছিল বিকল্প ৰাজনৈতিক দলৰ উকমুকনি৷ তাৰ পিছতে আঞ্চলিক ৰাজনৈতিক দল হিচাপে অভিষেক ঘটিল ‘ৰাইজৰ দল’ আৰু ‘অসম জাতীয় পৰিষদ’৷


২০২১, সমাগত বিধানসভা নিৰ্বাচন, মানুহৰ মনত উমি-উমি জ্বলি থকা জুইকৰা এই বিধান সভা নিৰ্বাচনতে ৰাইজে বিজেপি চৰকাৰক এক উচিৎ প্ৰত্যুেতৰ দিব বুলি এক ধাৰণা কৰা হৈছিল যদিও হিতে বিপৰীত হে হ’ল৷ অসমৰ প্ৰায় সংখ্যক লোকে ধাৰণা কৰিছিল যে ২০২১ ৰ বিধান সভা নিৰ্বাচনতে স্বেচ্ছাচাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমবাসী একত্ৰিত হৈ অসমত কম পৰিসৰৰ ভিতৰত হ’লেও আঞ্চলিকতাবাদৰ উত্থান হ’ব৷


সেইসময়ত, কাৰাৰুদ্ধ নেতা অখিল গগৈয়ে জেলৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তেওঁ বিধান সভা নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিছিল৷ সেই সময়তে লুৰিণজ্যোতি গগৈলে আহি পৰিল এক বিৰাৎ প্ৰত্যোহ্বান৷ ‘অসম জাতীয় পৰিষদ’ৰ পৰা নেতা লুৰিণজ্যোতি গগৈয়ে সন্মানীয় দুটা সমষ্টি ক্ৰমে দুলীয়াজান আৰু নাহৰকটীয়া আগবঢ়াইছিল নিজৰ প্ৰাথিত্ব৷ কিন্তু এই দুয়োটা সমষ্টিৰ পৰাই নেতা গৰাকী পৰাজিত হ’ব লগা হৈ তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি আহি পৰিছিল এক বৃহৎ প্ৰশ্ন৷


বৰ্তমান জাতীয়তাবাদী এই নেতাগৰাকীৰ ৰাজনৈতিক ভৱিষ্যত কি? লুৰিণজ্যোতি গগৈয়ে নিজকে ইমানেই শক্তিশালী ৰুপত নিজকে আত্ম প্ৰকাশ কৰিব লাগিব যো অসমৰ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাৰ বিকল্পে হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, সেইখিনি আচলতো কিমান দূৰ সম্ভৱ, তাক লৈও আছে এক বৃহৎ প্ৰত্যোহ্বান৷ তদুপৰি ৰাজনীতিত সকলো সম্ভৱ, গতিকে লুৰিণজ্যোতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মুকলিভাৱে মিত্ৰতা কৰিও নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব বুলি একাংশ লোকে ক’ব বিছাৰে, কিন্তু সেইয়া কৰিলে তেওঁ জাতীয়তাবাদী সত্বাও বিসৰ্জন দিব লাগিব, গতিকে জন মানসত সেওঁ প্ৰতিপন্ন হ’বলৈ সেই কাম তেওঁ নকৰিব পাৰে বুলি বহুতে ক’ৱ খোজে৷ হয়তো তেওঁৰ ওচৰত পথ এটাই নিজকে আৰু অধিক সক্ৰিয় ৰাইজৰ মাজলৈ গৈ তৃমমূল পৰ্যায় লৈকে কাম কৰিব লাগিব৷ দ্বিতীয়তে, সংবাদ মেল সংবোধন কৰাতকৈ তেওঁ এতিয়া ৰাইজৰ মাজলৈ তেওঁলোকৰ দুখ-সুখৰ সমভাগি হ’ব লাগিব বুলি ৰাইজে ক’ৱ বিছাৰে৷ লক্ষ্য এতিয়া ২০২৪ ত হ’বলগীয়া লোকসভা নিৰ্বাচন৷ এই নিৰ্বাচনত লুৰিণজ্যোতি গগৈয়ে এটা সমষ্টিতো যদি তেওঁলোকৰ প্ৰাৰ্থী জয়ী কৰাই আনিব পাৰে, ‘অসম জাতীয় পৰিষদ’ দলটোৰ প্ৰাসংগিকতা পুনৰ ৰাইজৰ মাজলৈ ঘূৰি আহিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ