--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ লুৰিণজ্যোতি গগৈ, অসমৰ জাতীয় জীৱনৰ এজন যুজাৰু সৈনিক৷ জাতীয়তাবাদী আদৰ্শকে জীৱনৰ মূলমন্ত্ৰ হিচাপে লৈ তেওঁ নিৰৱচ্ছিন্নভাৱে চলাই গৈছে নিজৰ সংগ্ৰামখন৷ সদৌ অসম ছাত্ৰ সন্হা(আছু) মজিয়াৰ পৰা সামাজিক জীৱনৰ দৃশ্যপট অংকন কৰা লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী সময়ত আছুৰ ঔৰসত জন্ম পোৱা এক আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ত সভাপতি পদ অলংকৃত কৰে জাতীয়বাদী নেতা গৰাকীয়ে৷


২০১৯ চনৰ ১২ ডিচেম্বৰ, অসমৰ গৰিষ্ঠ সংখ্যক লোকৰ মতৰ বিৰুদ্ধে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ লোকসভা মজিয়াত গৃহীত কৰিলে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’৷ পৰৱৰ্তী সময়ত অসমত গঢ়ি উঠিল ব্যাপক এক গণ আন্দোলন৷ মুখত মাত ফুটা শিশুৰ পৰা আৰম্ভ কৰি আদহীয়া বৃদ্ধ গৰাকীয়ো কৈ গ’ল, ‘‘কা’ আমি নামানো’’ বুলি৷ ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি জাতীয় দল সংগঠনৰ পৰা সাধাৰণ লোক সকলো উলাই আহিল ৰাজপথলৈ, আৰু চৰকাৰৰ বিৰুদ্ধে কৰি গ’ল কেৱল আন্দোলন আৰু আন্দোলন৷ সেই সময়তে ৰাইজৰ মাজত গঢ়ি উঠিছিল বিকল্প ৰাজনৈতিক দলৰ উকমুকনি৷ তাৰ পিছতে আঞ্চলিক ৰাজনৈতিক দল হিচাপে অভিষেক ঘটিল ‘ৰাইজৰ দল’ আৰু ‘অসম জাতীয় পৰিষদ’৷


২০২১, সমাগত বিধানসভা নিৰ্বাচন, মানুহৰ মনত উমি-উমি জ্বলি থকা জুইকৰা এই বিধান সভা নিৰ্বাচনতে ৰাইজে বিজেপি চৰকাৰক এক উচিৎ প্ৰত্যুেতৰ দিব বুলি এক ধাৰণা কৰা হৈছিল যদিও হিতে বিপৰীত হে হ’ল৷ অসমৰ প্ৰায় সংখ্যক লোকে ধাৰণা কৰিছিল যে ২০২১ ৰ বিধান সভা নিৰ্বাচনতে স্বেচ্ছাচাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমবাসী একত্ৰিত হৈ অসমত কম পৰিসৰৰ ভিতৰত হ’লেও আঞ্চলিকতাবাদৰ উত্থান হ’ব৷


সেইসময়ত, কাৰাৰুদ্ধ নেতা অখিল গগৈয়ে জেলৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তেওঁ বিধান সভা নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিছিল৷ সেই সময়তে লুৰিণজ্যোতি গগৈলে আহি পৰিল এক বিৰাৎ প্ৰত্যোহ্বান৷ ‘অসম জাতীয় পৰিষদ’ৰ পৰা নেতা লুৰিণজ্যোতি গগৈয়ে সন্মানীয় দুটা সমষ্টি ক্ৰমে দুলীয়াজান আৰু নাহৰকটীয়া আগবঢ়াইছিল নিজৰ প্ৰাথিত্ব৷ কিন্তু এই দুয়োটা সমষ্টিৰ পৰাই নেতা গৰাকী পৰাজিত হ’ব লগা হৈ তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি আহি পৰিছিল এক বৃহৎ প্ৰশ্ন৷


বৰ্তমান জাতীয়তাবাদী এই নেতাগৰাকীৰ ৰাজনৈতিক ভৱিষ্যত কি? লুৰিণজ্যোতি গগৈয়ে নিজকে ইমানেই শক্তিশালী ৰুপত নিজকে আত্ম প্ৰকাশ কৰিব লাগিব যো অসমৰ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাৰ বিকল্পে হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, সেইখিনি আচলতো কিমান দূৰ সম্ভৱ, তাক লৈও আছে এক বৃহৎ প্ৰত্যোহ্বান৷ তদুপৰি ৰাজনীতিত সকলো সম্ভৱ, গতিকে লুৰিণজ্যোতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মুকলিভাৱে মিত্ৰতা কৰিও নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব বুলি একাংশ লোকে ক’ব বিছাৰে, কিন্তু সেইয়া কৰিলে তেওঁ জাতীয়তাবাদী সত্বাও বিসৰ্জন দিব লাগিব, গতিকে জন মানসত সেওঁ প্ৰতিপন্ন হ’বলৈ সেই কাম তেওঁ নকৰিব পাৰে বুলি বহুতে ক’ৱ খোজে৷ হয়তো তেওঁৰ ওচৰত পথ এটাই নিজকে আৰু অধিক সক্ৰিয় ৰাইজৰ মাজলৈ গৈ তৃমমূল পৰ্যায় লৈকে কাম কৰিব লাগিব৷ দ্বিতীয়তে, সংবাদ মেল সংবোধন কৰাতকৈ তেওঁ এতিয়া ৰাইজৰ মাজলৈ তেওঁলোকৰ দুখ-সুখৰ সমভাগি হ’ব লাগিব বুলি ৰাইজে ক’ৱ বিছাৰে৷ লক্ষ্য এতিয়া ২০২৪ ত হ’বলগীয়া লোকসভা নিৰ্বাচন৷ এই নিৰ্বাচনত লুৰিণজ্যোতি গগৈয়ে এটা সমষ্টিতো যদি তেওঁলোকৰ প্ৰাৰ্থী জয়ী কৰাই আনিব পাৰে, ‘অসম জাতীয় পৰিষদ’ দলটোৰ প্ৰাসংগিকতা পুনৰ ৰাইজৰ মাজলৈ ঘূৰি আহিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক