--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ ফলাফল অহাৰ লগে লগে ত্ৰিপুৰাত চৰম অস্থিৰতাই দেখা দিছিল। আগৰতলাত কংগ্ৰেছ কাৰ্যালয়ত হোৱা আক্ৰমণ শাসকীয় বিজেপিৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বীৰজিৎ সিং এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

দেওবাৰে চাৰিখন বিধানসভা উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত, বিজেপিয়ে তিনিখন আসন লাভ কৰিছিল - সুৰমা, টাউন বৰদৱালী আৰু যুৱৰাজনগৰ। কংগ্ৰেছ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনে কেৱল আগৰতলাৰ আসনত হে জয়ী হৈছিল। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই তেওঁক তেওঁৰ বিজয়ৰ বাবে অভিনন্দন জনাইছিল। কিন্তু তাৰ পাছতে, অস্থিৰতা দেখা দিছিল। 

অভিযোগ অনুসৰি বিজেপি সমৰ্থিত দুৰ্বৃত্তই আগৰতলাত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰিছিল। পাৰ্টি অফিচৰ আচবাব  ভাঙি পেলোৱা হৈছিল। আনকি নেতাসকলকো প্ৰহাৰ কৰা হৈছিল। ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ো এই আক্ৰমণৰ পৰা বাদ পৰা নাছিল। অৱশ্যে বিজেপিয়ে এই অভিযোগ অস্বীকাৰ কৰে।

মন কৰিব লগীয়া যে বিপ্লব দেৱৰ কেবিনেটত তদানীন্তন মন্ত্ৰী সুদীপে মুখ্যমন্ত্ৰীৰ সৈতে সমস্যাত পৰাৰ পিছত তেওঁৰ পুৰণি দল কংগ্ৰেছলৈ উভতি আহিছিল। উপ-নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ বাজি আছিল। তেওঁ জিকিছিল তাৰ পিছত, অস্থিৰতা আৰম্ভ হ'ল।

ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত গেৰুৱাবাহিনীয়ে ধুমুহাৰ সৃষ্টি কৰিছে। বিজেপিয়ে চাৰিখন আসনৰ ভিতৰত তিনিখন আসন জয়লাভ কৰিছে। কংগ্ৰেছে এখন আসন জিকিছিল আৰু দ্বিতীয় স্থানত দখল কৰিছে। 

দেওবাৰৰ ফলাফলৰ পাছত দেখা গৈছিল যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়ী হৈছে। মানিকে বৰদোৱালী সমষ্টিৰ পৰা ১৭,১৮১ টা ভোট লাভ কৰিছিল। তেওঁৰ প্ৰতিদ্বন্দী,  কংগ্ৰেছ বিধায়ক আশীষ সাহাই ১১,০৭৭ টা ভোট লাভ কৰিছিল। এই সমষ্টিৰ পৰা তৃণমূলৰ হেভিৱেট প্ৰাৰ্থী সংহিতা ভট্টাচাৰ্যই মাত্ৰ ৯৮৬ টা ভোট লাভ কৰিছিল। বাওঁপন্থী প্ৰাৰ্থীয়ে সেই আসনত ৩,৩৭৬ টা ভোট লাভ কৰিছিল। দৰাচলতে, দেওবাৰে ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কেৱল গেৰুৱাবাহিনীৰে ধুমুহা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান