--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন প্ৰতিভাৱান অভিনেতা৷যিজন অভিনেতাৰ অভিনয়ে সকলোকে মোহাচ্ছন্ন কৰিছিল৷প্ৰায় তিনিটা দশক ধৰি কৃতবিদ্য অভিনেতাজনে বলীউডৰ প্ৰায়সমূহ ছবিত নায়কৰ ভূমিকা ৰূপায়ণ কৰিছিল৷অভিনেতাজনৰ নাম জীতেন্দ্ৰ৷ প্ৰবীণ অভিনেতা জীতেন্দ্ৰই এসময়ত বলীউড উদ্যোগত শাসন কৰিছিল। তেওঁৰ প্ৰায় প্ৰতিখন ছবিয়েই বক্স অফিচত বিপুল সমাদৰ লাভ কৰিছিল। আনকি সেই সময়ত ছুপাৰষ্টাৰ বুলি কোৱা অমিতাভ বচ্চন আৰু দিলীপ কুমাৰতকৈ জীতেন্দ্ৰই অধিক সফল ছবি দিছিল। 

জীতেন্দ্ৰই ৭০ৰ পৰা ৮০ৰ দশকৰ ভিতৰত প্ৰতিষ্ঠিত তাৰকা হৈ পৰিছিল। প্ৰতিজন প্ৰযোজক আৰু পৰিচালকে তেওঁৰ সৈতে কাম কৰিব বিচাৰিছিল। চিনেমালৈ অহাৰ আগতে জীতেন্দ্ৰৰ পিতৃৰ এটা সুপ্ৰতিষ্ঠিত ব্যৱসায় আছিল। আগতে দেউতাকৰ গহনা দোকানত জীতেন্দ্ৰই কাম কৰিছিল। 

১৯৫৯ চনত যেতিয়া ১৭ বছৰীয়া জীতেন্দ্ৰই শ্বুটিঙৰ বাবে গহনা দিবলৈ ভি শান্তাৰামৰ ছবি ‘নৱৰং’ৰ ছেটত উপস্থিত হৈছিল। পৰিচালকে তেওঁক যথেষ্ট ভাল পাইছিল আৰু লগে লগে পৰিচালকজনে ছবিখনত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। ছবিখনৰ কিছুমান দৃশ্য আৰু নৃত্যৰ ক্ৰমৰ বাবে জীতেন্দ্ৰ নায়িকাৰ বডী ডাবল হৈ পৰিছিল।এই ঘটনাৰ পাঁচ বছৰৰ পাছত জীতেন্দ্ৰই প্ৰথমখন ছবি লাভ কৰে, য’ত তেওঁ নায়কৰ চৰিত্ৰত অভিনয় কৰে। ভি শান্তাৰামে তেওঁক ‘গীত গয়া পথাৰন নে’ (১৯৬৪) ছবিখনেৰে অভিনয়ৰ সুযোগ প্ৰদান কৰে। এই ছবিখনৰ আগতে মানুহে জীতেন্দ্ৰক ৰবি কাপুৰ নামেৰে চিনি পাইছিল। কিন্তু শান্তাৰামৰ ছবিখনে তেওঁক জীতেন্দ্ৰ নামেৰে চিনেমাত লঞ্চ কৰে৷

প্ৰাপ্ত তথ্য অনুসৰি জীতেন্দ্ৰই ৬০ৰ দশকৰ পৰা ৮০ৰ দশকলৈকে প্ৰায় ২০৯খন ছবিত কাম কৰিছে, ইয়াৰে অধিকাংশই বক্স অফিচত সফল হৈছে। জীতেন্দ্ৰৰ সমগ্ৰ কেৰিয়াৰত ৫৬খন ছবি হিট হৈছে আৰু ১৩খন ছবি সফল হৈছে । বক্স অফিচত হিট ছবি দিয়াৰ ক্ষেত্ৰত জিতেন্দ্ৰই বহু ছুপাৰষ্টাৰ এৰি থৈ গৈছিল। সেই সময়ছোৱাত অমিতাভ বচ্চনৰ ৫৫খন ছবি হিট হৈছিল। ৰাজেশ খান্নাৰ ৪২খন ছবি আৰু দিলীপ কুমাৰৰ মাত্ৰ ৩১খন ছবিয়ে বক্স অফিচত সফল হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান