--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন প্ৰতিভাৱান অভিনেতা৷যিজন অভিনেতাৰ অভিনয়ে সকলোকে মোহাচ্ছন্ন কৰিছিল৷প্ৰায় তিনিটা দশক ধৰি কৃতবিদ্য অভিনেতাজনে বলীউডৰ প্ৰায়সমূহ ছবিত নায়কৰ ভূমিকা ৰূপায়ণ কৰিছিল৷অভিনেতাজনৰ নাম জীতেন্দ্ৰ৷ প্ৰবীণ অভিনেতা জীতেন্দ্ৰই এসময়ত বলীউড উদ্যোগত শাসন কৰিছিল। তেওঁৰ প্ৰায় প্ৰতিখন ছবিয়েই বক্স অফিচত বিপুল সমাদৰ লাভ কৰিছিল। আনকি সেই সময়ত ছুপাৰষ্টাৰ বুলি কোৱা অমিতাভ বচ্চন আৰু দিলীপ কুমাৰতকৈ জীতেন্দ্ৰই অধিক সফল ছবি দিছিল। 

জীতেন্দ্ৰই ৭০ৰ পৰা ৮০ৰ দশকৰ ভিতৰত প্ৰতিষ্ঠিত তাৰকা হৈ পৰিছিল। প্ৰতিজন প্ৰযোজক আৰু পৰিচালকে তেওঁৰ সৈতে কাম কৰিব বিচাৰিছিল। চিনেমালৈ অহাৰ আগতে জীতেন্দ্ৰৰ পিতৃৰ এটা সুপ্ৰতিষ্ঠিত ব্যৱসায় আছিল। আগতে দেউতাকৰ গহনা দোকানত জীতেন্দ্ৰই কাম কৰিছিল। 

১৯৫৯ চনত যেতিয়া ১৭ বছৰীয়া জীতেন্দ্ৰই শ্বুটিঙৰ বাবে গহনা দিবলৈ ভি শান্তাৰামৰ ছবি ‘নৱৰং’ৰ ছেটত উপস্থিত হৈছিল। পৰিচালকে তেওঁক যথেষ্ট ভাল পাইছিল আৰু লগে লগে পৰিচালকজনে ছবিখনত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। ছবিখনৰ কিছুমান দৃশ্য আৰু নৃত্যৰ ক্ৰমৰ বাবে জীতেন্দ্ৰ নায়িকাৰ বডী ডাবল হৈ পৰিছিল।এই ঘটনাৰ পাঁচ বছৰৰ পাছত জীতেন্দ্ৰই প্ৰথমখন ছবি লাভ কৰে, য’ত তেওঁ নায়কৰ চৰিত্ৰত অভিনয় কৰে। ভি শান্তাৰামে তেওঁক ‘গীত গয়া পথাৰন নে’ (১৯৬৪) ছবিখনেৰে অভিনয়ৰ সুযোগ প্ৰদান কৰে। এই ছবিখনৰ আগতে মানুহে জীতেন্দ্ৰক ৰবি কাপুৰ নামেৰে চিনি পাইছিল। কিন্তু শান্তাৰামৰ ছবিখনে তেওঁক জীতেন্দ্ৰ নামেৰে চিনেমাত লঞ্চ কৰে৷

প্ৰাপ্ত তথ্য অনুসৰি জীতেন্দ্ৰই ৬০ৰ দশকৰ পৰা ৮০ৰ দশকলৈকে প্ৰায় ২০৯খন ছবিত কাম কৰিছে, ইয়াৰে অধিকাংশই বক্স অফিচত সফল হৈছে। জীতেন্দ্ৰৰ সমগ্ৰ কেৰিয়াৰত ৫৬খন ছবি হিট হৈছে আৰু ১৩খন ছবি সফল হৈছে । বক্স অফিচত হিট ছবি দিয়াৰ ক্ষেত্ৰত জিতেন্দ্ৰই বহু ছুপাৰষ্টাৰ এৰি থৈ গৈছিল। সেই সময়ছোৱাত অমিতাভ বচ্চনৰ ৫৫খন ছবি হিট হৈছিল। ৰাজেশ খান্নাৰ ৪২খন ছবি আৰু দিলীপ কুমাৰৰ মাত্ৰ ৩১খন ছবিয়ে বক্স অফিচত সফল হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ