--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী তথা সদ্যতে মাতৃত্বৰে গৌৰৱান্বিত হোৱা মোহময়ী অভিনেত্ৰী আলিয়া ভাটে আজি জীৱনৰ ডেৰকুৰি বসন্ত অতিক্ৰম কৰে৷

ইনষ্টাগ্ৰামত আলিয়াৰ এটা অনুৰাগী পেজে প্ৰকাশ কৰা ফটো অনুসৰি কালি নিশা আলিয়াই ফুল আৰু ফলেৰে সুসজ্জিত এটা কেক কাটি জন্মদিন উৎযাপন কৰে৷ কেকটোৰ আকৃতি ইংৰাজী বৰ্ণমালাৰ ৩০ আকৃতিৰ আছিল৷ আলিয়াৰ পিন্ধনত আছিল এযোৰ সাধাৰণ পাইজামা আৰু কেক কটাৰ সময়ত আলিয়া এখন চোফাৰ ওপৰত উপবিষ্ট হৈ আছিল৷ এই ফটোখনে অনুৰাগীৰ মাজত যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছে৷



কেক কটাৰ পূৰ্বে আলিয়াই নিজৰ হাত দুখন যোৰ কৰি উপাস্যজনক মনত পেলোৱা ফটোখনত প্ৰত্যক্ষ কৰা হৈছে৷আলিয়াৰ সন্তান ৰাহা কাপুৰৰ জন্মৰ পিছত এইয়া আলিয়াৰ প্ৰথম জন্মদিন,শেহতীয়াকৈ ৰণৱীৰ-আলিয়াক মুম্বাই বিমানবন্দৰত প্ৰত্যক্ষ কৰা হৈছিল য’ৰপৰা তেওঁলোক আলিয়াৰ জন্মদিন উৎযাপনৰ বাবে লণ্ডন গৈছে বুলি ঠাৱৰ কৰিব পৰা গৈছে৷উল্লেখ্য যে, আলিয়াই ফটোত কটা কেকটো তেখেতৰ প্ৰিয় চকলেট কেক বুলি জানিব পৰা গৈছে৷

ইপিনে বুধবাৰে বহু বলীউডৰ ৰথী মহাৰথীয়ে আলিয়াক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷আলিয়াৰ শাহুৱেক নিতু কাপুৰে "হেপ্পী বাৰ্থডে বহুৰাণী" বুলি জন্মদিনৰ শুভেচ্ছা আলিয়াক জ্ঞাপন কৰে৷ আলিয়াৰ নন্দেক ৰিধিমা কাপুৰ, আলিয়াৰ প্ৰিয়বান্ধৱী আকাংক্ষা ৰঞ্জন কাপুৰ,অভিনেত্ৰী চ’নম কাপুৰ,অনুস্কা শৰ্মা লগতে কৰীণা কাপুৰেও নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা আলিয়াক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷

ইতিমধ্যে আলিয়া ভাটে অভিনয় কৰা এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত আৰ আৰ আৰ বোলছবিখনৰ "নাট্টু নাট্টু" গীতটোৱে ২০২৩বৰ্ষৰ শ্ৰেষ্ঠ মৌলিক গীতৰ শিতানত অস্কাৰ বটাঁ লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী