--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী তথা সদ্যতে মাতৃত্বৰে গৌৰৱান্বিত হোৱা মোহময়ী অভিনেত্ৰী আলিয়া ভাটে আজি জীৱনৰ ডেৰকুৰি বসন্ত অতিক্ৰম কৰে৷

ইনষ্টাগ্ৰামত আলিয়াৰ এটা অনুৰাগী পেজে প্ৰকাশ কৰা ফটো অনুসৰি কালি নিশা আলিয়াই ফুল আৰু ফলেৰে সুসজ্জিত এটা কেক কাটি জন্মদিন উৎযাপন কৰে৷ কেকটোৰ আকৃতি ইংৰাজী বৰ্ণমালাৰ ৩০ আকৃতিৰ আছিল৷ আলিয়াৰ পিন্ধনত আছিল এযোৰ সাধাৰণ পাইজামা আৰু কেক কটাৰ সময়ত আলিয়া এখন চোফাৰ ওপৰত উপবিষ্ট হৈ আছিল৷ এই ফটোখনে অনুৰাগীৰ মাজত যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছে৷



কেক কটাৰ পূৰ্বে আলিয়াই নিজৰ হাত দুখন যোৰ কৰি উপাস্যজনক মনত পেলোৱা ফটোখনত প্ৰত্যক্ষ কৰা হৈছে৷আলিয়াৰ সন্তান ৰাহা কাপুৰৰ জন্মৰ পিছত এইয়া আলিয়াৰ প্ৰথম জন্মদিন,শেহতীয়াকৈ ৰণৱীৰ-আলিয়াক মুম্বাই বিমানবন্দৰত প্ৰত্যক্ষ কৰা হৈছিল য’ৰপৰা তেওঁলোক আলিয়াৰ জন্মদিন উৎযাপনৰ বাবে লণ্ডন গৈছে বুলি ঠাৱৰ কৰিব পৰা গৈছে৷উল্লেখ্য যে, আলিয়াই ফটোত কটা কেকটো তেখেতৰ প্ৰিয় চকলেট কেক বুলি জানিব পৰা গৈছে৷

ইপিনে বুধবাৰে বহু বলীউডৰ ৰথী মহাৰথীয়ে আলিয়াক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷আলিয়াৰ শাহুৱেক নিতু কাপুৰে "হেপ্পী বাৰ্থডে বহুৰাণী" বুলি জন্মদিনৰ শুভেচ্ছা আলিয়াক জ্ঞাপন কৰে৷ আলিয়াৰ নন্দেক ৰিধিমা কাপুৰ, আলিয়াৰ প্ৰিয়বান্ধৱী আকাংক্ষা ৰঞ্জন কাপুৰ,অভিনেত্ৰী চ’নম কাপুৰ,অনুস্কা শৰ্মা লগতে কৰীণা কাপুৰেও নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা আলিয়াক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷

ইতিমধ্যে আলিয়া ভাটে অভিনয় কৰা এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত আৰ আৰ আৰ বোলছবিখনৰ "নাট্টু নাট্টু" গীতটোৱে ২০২৩বৰ্ষৰ শ্ৰেষ্ঠ মৌলিক গীতৰ শিতানত অস্কাৰ বটাঁ লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ