--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতীয় টেলিভিছন উদ্যোগৰ অন্যতম ডাঙৰ তাৰকা কপিল শৰ্মা। ‘দ্য কপিল শৰ্মা শ্ব’’ৰ জৰিয়তে তেওঁ বিখ্যাত হৈ পৰিল। এই শ্ব’টোৰ বাবে তেওঁ লাখ লাখ টকা লয়। কপিল শৰ্মা ৩০০ কোটি টকাৰ সম্পত্তিৰ মালিক বুলি এক খবৰ প্ৰকাশ পাইছিল। এনেধৰণৰ দাবীৰ প্ৰকৃত সত্য উন্মোচিত হৈছে। 

অতি কম সময়ৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ উপাৰ্জনকাৰী অনুষ্ঠানত পৰিণত হৈছে কপিল শৰ্মা শ্ব’। ইয়াত কেৱল কপিল শৰ্মাই নহয়, শ্ব’টোৰ বিভিন্ন ক্ৰুৱেও বিশাল ধনৰাশি উপাৰ্জন কৰে। এতিয়া প্ৰশ্ন হয় কপিল শৰ্মাৰ হাতত সঁচাকৈয়ে ৩০০ কোটি টকাৰ সম্পত্তি আছে নেকি?

কপিল শৰ্মাক সোধা হৈছিল, আপুনি এতিয়া ৩০০ কোটি টকাৰ মালিক, আপুনি অন্যতম দামী তাৰকা, এতিয়া আৰু কি বিচাৰে? ৩০০ কোটি টকাৰ কথা শুনি প্ৰথমতে আচৰিত হৈছিল কপিল শৰ্মা। এই বক্তব্যত হাঁহি হাঁহি কপিল শৰ্মাই কয়, "মই বহুত টকা হেৰুৱাইছো... কিন্তু, সঁচা কথা ক'বলৈ গ'লে মই এইবোৰৰ কথা নাভাবো। মই জানো যে মোৰ এটা ঘৰ আছে, এখন গাড়ী আছে, মোৰ এটা পৰিয়াল আছে, আৰু সেইটোৱেই ডাঙৰ কথা। অৱশ্যে মই কোনো সাধু নহয়। ভাল টকাৰ প্ৰস্তাৱ পালে মই নাকচ নকৰো। মোৰ মানসিকতা এতিয়াও দৰমহাকেন্দ্ৰিক। মই নিজকে মধ্যবিত্তীয় দৰমহা পোৱা মানুহ বুলি ভাবো। মোৰ পত্নীয়ে বস্তুত টকা খৰচ কৰি ভাল পায়, কিন্তু মই নকৰোঁ। মোৰ পত্নী বহুত আঢ্যৱন্ত পৰিয়ালৰ কিন্তু মই তেনেকুৱা নহয়। গতিকে কথাটো বেলেগ।"

লগতে কপিলে কয় ''টকা থকা কাম আহিলে মই গ্ৰহণ কৰো। কাৰণ সেইটোৱেই মোৰ জীৱিকা। মই ল’বই লাগিব।'' 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ