--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতীয় টেলিভিছন উদ্যোগৰ অন্যতম ডাঙৰ তাৰকা কপিল শৰ্মা। ‘দ্য কপিল শৰ্মা শ্ব’’ৰ জৰিয়তে তেওঁ বিখ্যাত হৈ পৰিল। এই শ্ব’টোৰ বাবে তেওঁ লাখ লাখ টকা লয়। কপিল শৰ্মা ৩০০ কোটি টকাৰ সম্পত্তিৰ মালিক বুলি এক খবৰ প্ৰকাশ পাইছিল। এনেধৰণৰ দাবীৰ প্ৰকৃত সত্য উন্মোচিত হৈছে। 

অতি কম সময়ৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ উপাৰ্জনকাৰী অনুষ্ঠানত পৰিণত হৈছে কপিল শৰ্মা শ্ব’। ইয়াত কেৱল কপিল শৰ্মাই নহয়, শ্ব’টোৰ বিভিন্ন ক্ৰুৱেও বিশাল ধনৰাশি উপাৰ্জন কৰে। এতিয়া প্ৰশ্ন হয় কপিল শৰ্মাৰ হাতত সঁচাকৈয়ে ৩০০ কোটি টকাৰ সম্পত্তি আছে নেকি?

কপিল শৰ্মাক সোধা হৈছিল, আপুনি এতিয়া ৩০০ কোটি টকাৰ মালিক, আপুনি অন্যতম দামী তাৰকা, এতিয়া আৰু কি বিচাৰে? ৩০০ কোটি টকাৰ কথা শুনি প্ৰথমতে আচৰিত হৈছিল কপিল শৰ্মা। এই বক্তব্যত হাঁহি হাঁহি কপিল শৰ্মাই কয়, "মই বহুত টকা হেৰুৱাইছো... কিন্তু, সঁচা কথা ক'বলৈ গ'লে মই এইবোৰৰ কথা নাভাবো। মই জানো যে মোৰ এটা ঘৰ আছে, এখন গাড়ী আছে, মোৰ এটা পৰিয়াল আছে, আৰু সেইটোৱেই ডাঙৰ কথা। অৱশ্যে মই কোনো সাধু নহয়। ভাল টকাৰ প্ৰস্তাৱ পালে মই নাকচ নকৰো। মোৰ মানসিকতা এতিয়াও দৰমহাকেন্দ্ৰিক। মই নিজকে মধ্যবিত্তীয় দৰমহা পোৱা মানুহ বুলি ভাবো। মোৰ পত্নীয়ে বস্তুত টকা খৰচ কৰি ভাল পায়, কিন্তু মই নকৰোঁ। মোৰ পত্নী বহুত আঢ্যৱন্ত পৰিয়ালৰ কিন্তু মই তেনেকুৱা নহয়। গতিকে কথাটো বেলেগ।"

লগতে কপিলে কয় ''টকা থকা কাম আহিলে মই গ্ৰহণ কৰো। কাৰণ সেইটোৱেই মোৰ জীৱিকা। মই ল’বই লাগিব।'' 








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী