--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মৃত্যু এক তিক্ত সত্য৷যিদৰে জন্ম সহজ নহয় ঠিক সেইদৰে মৃত্যুও সহজ নহয়৷সহজ নহয় জীয়াই থকাও৷ জীৱন মৰণৰ এই যুঁজত জয়ী হ’ল এটা ২১ বছৰীয়া পোহনীয়া ভাটৌ চৰাই৷ প্ৰাপ্ত তথ্য অনুসৰি মধ্য প্ৰদেশৰ সতনা জিলাত পশু চিকিৎসকে এটা ২১ বছৰীয়া ভাটৌ চৰাইৰ টিউমাৰ সফলতাৰে অস্ত্ৰোপচাৰ কৰি প্ৰাণ ৰক্ষা কৰে৷
 
প্ৰায় ছমাহ আগতে ভাটৌ চৰাইটোৰ গৰাকীয়ে চৰাইটোৰ ডিঙিত অস্বাভৱিক ভৱে ফোলি অহা লক্ষ্য কৰিছিল যাৰ বাবে ভালকৈ কথা ক’ব নোৱাৰাৰ লগতে খাদ্যও খাব পৰা নাছিল। ইয়াৰ পাছতে ভাটৌ চৰাইটোৰ গৰাকীয়ে চিকিৎসাৰ বাবে জিলা পশু চিকিৎসালয়ৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰে। পশু চিকিৎসকে পৰীক্ষাৰ অন্তত টিউমাৰ বুলি ধৰা পেলাই আৰু অপাৰেচনৰ পৰামৰ্শ দিয়ে। 

পশু চিকিৎসকে প্ৰায় দুঘণ্টা ধৰি ভাটৌ চৰাইটোৰ অস্ত্ৰোপচাৰ কৰি প্ৰায় ২০ গ্ৰাম ওজনৰ টিউমাৰটো ডিঙিৰ পৰা সফলতাৰে আঁতৰাই পেলায়। সম্প্ৰতি কপৌটো সুস্থ বুলি জানিবলৈ দিছে৷ লগতে পশু চিকিৎসকগৰাকীয়ে কয় যে জিলাখনত এইটোৱেই প্ৰথম চৰাইৰ টিউমাৰ ঘটনা।

চিকিৎসাৰ পাছত পোহনীয়া ভটৌ চৰাইটো সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে৷টিউমাৰ বাবে বহু কষ্ট খাই থকাৰ পাছত অৱশেষত ভাটৌ চৰাইটোৱে স্বাভাৱিক জীৱন ঘুৰই পালে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ