--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মৃত্যু এক তিক্ত সত্য৷যিদৰে জন্ম সহজ নহয় ঠিক সেইদৰে মৃত্যুও সহজ নহয়৷সহজ নহয় জীয়াই থকাও৷ জীৱন মৰণৰ এই যুঁজত জয়ী হ’ল এটা ২১ বছৰীয়া পোহনীয়া ভাটৌ চৰাই৷ প্ৰাপ্ত তথ্য অনুসৰি মধ্য প্ৰদেশৰ সতনা জিলাত পশু চিকিৎসকে এটা ২১ বছৰীয়া ভাটৌ চৰাইৰ টিউমাৰ সফলতাৰে অস্ত্ৰোপচাৰ কৰি প্ৰাণ ৰক্ষা কৰে৷
 
প্ৰায় ছমাহ আগতে ভাটৌ চৰাইটোৰ গৰাকীয়ে চৰাইটোৰ ডিঙিত অস্বাভৱিক ভৱে ফোলি অহা লক্ষ্য কৰিছিল যাৰ বাবে ভালকৈ কথা ক’ব নোৱাৰাৰ লগতে খাদ্যও খাব পৰা নাছিল। ইয়াৰ পাছতে ভাটৌ চৰাইটোৰ গৰাকীয়ে চিকিৎসাৰ বাবে জিলা পশু চিকিৎসালয়ৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰে। পশু চিকিৎসকে পৰীক্ষাৰ অন্তত টিউমাৰ বুলি ধৰা পেলাই আৰু অপাৰেচনৰ পৰামৰ্শ দিয়ে। 

পশু চিকিৎসকে প্ৰায় দুঘণ্টা ধৰি ভাটৌ চৰাইটোৰ অস্ত্ৰোপচাৰ কৰি প্ৰায় ২০ গ্ৰাম ওজনৰ টিউমাৰটো ডিঙিৰ পৰা সফলতাৰে আঁতৰাই পেলায়। সম্প্ৰতি কপৌটো সুস্থ বুলি জানিবলৈ দিছে৷ লগতে পশু চিকিৎসকগৰাকীয়ে কয় যে জিলাখনত এইটোৱেই প্ৰথম চৰাইৰ টিউমাৰ ঘটনা।

চিকিৎসাৰ পাছত পোহনীয়া ভটৌ চৰাইটো সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে৷টিউমাৰ বাবে বহু কষ্ট খাই থকাৰ পাছত অৱশেষত ভাটৌ চৰাইটোৱে স্বাভাৱিক জীৱন ঘুৰই পালে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু