--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হাৰিয়ানাত নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে । আজি অৰ্থাৎ বৃহস্পতিবাৰে কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰৰ ভতিজা ৰমিত খট্টৰে। হাৰিয়ানা যুৱ কংগ্ৰেছে ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰিছে। ৰোহটকৰ বিধায়ক ভাৰত ভূষণ বাত্ৰাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে ৰমিত খট্টৰে।

ৰাজ্যৰ এই ৰাজনৈতিক আলোড়নক বিজেপিৰ বাবে এক ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে। এই ৰাজনৈতিক আলোড়নৰ প্ৰভাৱ হাৰিয়ানাৰ ৰাজনীতিতো দেখা গৈছে।

হাৰিয়ানা যুৱ কংগ্ৰেছে ইনষ্টাগ্ৰামত লিখিছে, "মনোহৰ লাল খট্টৰৰ ভতিজা ৰমিত খট্টৰে আজি কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছ দলে তেওঁক উষ্ম আদৰণি জনাইছে।" 

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী মনোহৰ লাল খট্টৰৰ ভাতৃ জগদীশৰ পুত্ৰ ৰমিত খট্টৰ। উল্লেখ্য যে নিৰ্বাচনৰ সময়ত ৰমিত খট্টৰে কংগ্ৰেছত যোগদান কৰাটো বিজেপিৰ বাবে এক আঘাততকৈ কম নহয়। হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক উত্তেজনা অব্যাহত। আনহাতে বিজেপিয়ে ক্ষমতাত থাকিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে, লগে লগে কংগ্ৰেছেও ক্ষমতালৈ ঘূৰি আহিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

লোকসভা নিৰ্বাচনৰ দৰে হাৰিয়ানাতো কংগ্ৰেছৰ আম আদমী পাৰ্টিৰ সৈতে মিত্ৰতা হ’ব লাগিছিল কিন্তু আসনক লৈ ভাগ বতৰা  আৰু আন বহু সমস্যাৰ বাবে বিষয়টো সফল নহ’ল ৷

উল্লেখ্য যে হাৰিয়ানাত ৫ অক্টোবৰত ৰাজ্যৰ ৯০খন আসনৰ আটাইকেইখন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৮ অক্টোবৰত ভোটগণনা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু