--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হাৰিয়ানাত নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে । আজি অৰ্থাৎ বৃহস্পতিবাৰে কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰৰ ভতিজা ৰমিত খট্টৰে। হাৰিয়ানা যুৱ কংগ্ৰেছে ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰিছে। ৰোহটকৰ বিধায়ক ভাৰত ভূষণ বাত্ৰাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে ৰমিত খট্টৰে।

ৰাজ্যৰ এই ৰাজনৈতিক আলোড়নক বিজেপিৰ বাবে এক ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে। এই ৰাজনৈতিক আলোড়নৰ প্ৰভাৱ হাৰিয়ানাৰ ৰাজনীতিতো দেখা গৈছে।

হাৰিয়ানা যুৱ কংগ্ৰেছে ইনষ্টাগ্ৰামত লিখিছে, "মনোহৰ লাল খট্টৰৰ ভতিজা ৰমিত খট্টৰে আজি কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছ দলে তেওঁক উষ্ম আদৰণি জনাইছে।" 

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী মনোহৰ লাল খট্টৰৰ ভাতৃ জগদীশৰ পুত্ৰ ৰমিত খট্টৰ। উল্লেখ্য যে নিৰ্বাচনৰ সময়ত ৰমিত খট্টৰে কংগ্ৰেছত যোগদান কৰাটো বিজেপিৰ বাবে এক আঘাততকৈ কম নহয়। হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক উত্তেজনা অব্যাহত। আনহাতে বিজেপিয়ে ক্ষমতাত থাকিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে, লগে লগে কংগ্ৰেছেও ক্ষমতালৈ ঘূৰি আহিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

লোকসভা নিৰ্বাচনৰ দৰে হাৰিয়ানাতো কংগ্ৰেছৰ আম আদমী পাৰ্টিৰ সৈতে মিত্ৰতা হ’ব লাগিছিল কিন্তু আসনক লৈ ভাগ বতৰা  আৰু আন বহু সমস্যাৰ বাবে বিষয়টো সফল নহ’ল ৷

উল্লেখ্য যে হাৰিয়ানাত ৫ অক্টোবৰত ৰাজ্যৰ ৯০খন আসনৰ আটাইকেইখন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৮ অক্টোবৰত ভোটগণনা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু