--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হুগলীৰ জাঙ্গিপাৰাৰ মথুৰাবতী গাঁৱত অৰ্পিতা মুখোপাধ্যায়ে এটা আণ্ডাৰগ্ৰাউণ্ড বাংকাৰ বনাইছিল! এইবাৰ এনে এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে অৰ্পিতাৰ পেহীয়েক স্বপ্না চক্ৰৱৰ্তীয়ে । অৰ্পিতা মুখাৰ্জীয়ে তিনিমাহ পূৰ্বে মথুৰাবতী গাঁৱত এটা নতুন এমহলীয়া ঘৰ নিৰ্মাণ কৰিছিল। সেই ঘৰটোতে মাটিৰ তলত এটা বাংকাৰ নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰিছিল অৰ্পিতাৰ পেহীয়েক স্বপ্ন চক্ৰৱৰ্তীয়ে । তেওঁ উল্লেখ কৰা অনুসৰি তেওঁ ৰাজমিস্ত্ৰীৰ মুখৰ পৰাই উক্ত বাংকাৰ নিৰ্মাণৰ কথা শুনিছিল। সেই সময়ত তেওঁ বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু পাৰ্থ চট্টোপাধ্যায় আৰু অৰ্পিতা মুখোপাধ্যায়ক গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া আৰক্ষীক এবাৰ ঘৰত তালাচী চলাবলৈ অনুৰোধ কৰে। স্বপ্না দেৱীয়ে জনোৱা তথ্য অনুসৰি এসময়ত অৰ্পিতাৰ দাদাক, ককাক আৰু পেহীয়েক তাতে অৰ্থাৎ সেই ঘৰটোতে বাস কৰিছিল। পাছত তেওঁলোক গুচি গ’ল। 

ইফালে পাৰ্থ চেটাৰ্জীয়ে হুগলীৰ জংগীপাৰাত অৰ্পিতা মুখাৰ্জীৰ মাতৃৰ ককাকক ‘ক্ল’জ’ৰ বাবে নিৰ্মাণ কৰিলে আন এটা নতুন ঘৰ। মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে এটা নহয় দুটা ঘৰ নিৰ্মাণ কৰিছিল। আৰু বৰ্তমান আন এক চাঞ্চল্যকৰ তথ্য ওলাই আহিছে যে কেৱল ঘৰ নিৰ্মাণ কৰাই নহয়, তেওঁৰ আত্মীয়ই ‘অৰ্পিতা-পাৰ্থ’ৰ জৰিয়তে চাকৰি পায় - এই অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে । অৰ্পিতা মুখোপাধ্যায়ৰ ফ্লেটৰ পৰা টকাৰ পাহাৰ উদ্ধাৰ কৰি ইডিয়ে গ্ৰেপ্তাৰ কৰে। আৰু এতিয়া এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

গাওঁবাসীৰ অভিযোগ অনুসৰি অৰ্পিতাৰ খুড়া তপন চক্ৰৱৰ্তী  এসময়ত গাঁৱৰ একেবাৰে সাধাৰণ লোক আছিল বুলি জনা গৈছিল। কিন্তু হঠাতে তেওঁলোকৰ অৱস্থা সলনি হৈছিল। প্ৰশ্ন হয়  এজন দুখীয়া মানুহ ৰাতিটোৰ ভিতৰতে ডাঙৰ মানুহ হৈ পৰিল? ইফালে অৰ্পিতাৰ ককাকে ৪-৫ মাহৰ আগতে এটা নতুন ঘৰ পোৱাৰো তথ্য পোহৰলৈ আহিছে। এসময়ত দৰিদ্ৰতাই আৱৰি ৰাখা অৰ্পিতাৰ ককাকৰ ঘৰত এতিয়া গাড়ী আৰু অন্যান্য আধুনিক সুবিধা আছে।

গাঁওবাসীয়ে কয় যে পাৰ্থ চট্টোপাধ্যায়ে অৰ্পিতাক জংগীপাৰা গাঁৱলৈ আনিছিল। আনকি নতুনকৈ ঘৰ সজাৰ সম্পৰ্কে গাঁওবাসীয়ে অভিযোগ কৰিছিল যে তেওঁলোকৰ মাটিখিনিও বলপূৰ্বকভাৱে লৈ ঘৰটো সাজিছিল। ইফালে গাওঁবাসীৰ লগত অৰ্পিতাৰ  আচৰণ আছিল অতি নিম্ন মান-দণ্ডৰ। অৰ্পিতাই ক্ষমতাৰ প্ৰতিও ভয় দেখুৱাইছিল গাওঁবাসীক গতিকে তেওঁলোকৰ কোনোৱেই আক্ৰমণ কৰাৰ বা প্ৰশ্ন কৰাৰ সাহস নকৰিলে। তেওঁলোকে লগতে কয় যে অৰ্পিতাৰ ভায়েক কুন্তল চক্ৰৱৰ্তীয়ে এদিন হঠাতে চাকৰি পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ