--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হুগলীৰ জাঙ্গিপাৰাৰ মথুৰাবতী গাঁৱত অৰ্পিতা মুখোপাধ্যায়ে এটা আণ্ডাৰগ্ৰাউণ্ড বাংকাৰ বনাইছিল! এইবাৰ এনে এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে অৰ্পিতাৰ পেহীয়েক স্বপ্না চক্ৰৱৰ্তীয়ে । অৰ্পিতা মুখাৰ্জীয়ে তিনিমাহ পূৰ্বে মথুৰাবতী গাঁৱত এটা নতুন এমহলীয়া ঘৰ নিৰ্মাণ কৰিছিল। সেই ঘৰটোতে মাটিৰ তলত এটা বাংকাৰ নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰিছিল অৰ্পিতাৰ পেহীয়েক স্বপ্ন চক্ৰৱৰ্তীয়ে । তেওঁ উল্লেখ কৰা অনুসৰি তেওঁ ৰাজমিস্ত্ৰীৰ মুখৰ পৰাই উক্ত বাংকাৰ নিৰ্মাণৰ কথা শুনিছিল। সেই সময়ত তেওঁ বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু পাৰ্থ চট্টোপাধ্যায় আৰু অৰ্পিতা মুখোপাধ্যায়ক গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া আৰক্ষীক এবাৰ ঘৰত তালাচী চলাবলৈ অনুৰোধ কৰে। স্বপ্না দেৱীয়ে জনোৱা তথ্য অনুসৰি এসময়ত অৰ্পিতাৰ দাদাক, ককাক আৰু পেহীয়েক তাতে অৰ্থাৎ সেই ঘৰটোতে বাস কৰিছিল। পাছত তেওঁলোক গুচি গ’ল। 

ইফালে পাৰ্থ চেটাৰ্জীয়ে হুগলীৰ জংগীপাৰাত অৰ্পিতা মুখাৰ্জীৰ মাতৃৰ ককাকক ‘ক্ল’জ’ৰ বাবে নিৰ্মাণ কৰিলে আন এটা নতুন ঘৰ। মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে এটা নহয় দুটা ঘৰ নিৰ্মাণ কৰিছিল। আৰু বৰ্তমান আন এক চাঞ্চল্যকৰ তথ্য ওলাই আহিছে যে কেৱল ঘৰ নিৰ্মাণ কৰাই নহয়, তেওঁৰ আত্মীয়ই ‘অৰ্পিতা-পাৰ্থ’ৰ জৰিয়তে চাকৰি পায় - এই অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে । অৰ্পিতা মুখোপাধ্যায়ৰ ফ্লেটৰ পৰা টকাৰ পাহাৰ উদ্ধাৰ কৰি ইডিয়ে গ্ৰেপ্তাৰ কৰে। আৰু এতিয়া এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

গাওঁবাসীৰ অভিযোগ অনুসৰি অৰ্পিতাৰ খুড়া তপন চক্ৰৱৰ্তী  এসময়ত গাঁৱৰ একেবাৰে সাধাৰণ লোক আছিল বুলি জনা গৈছিল। কিন্তু হঠাতে তেওঁলোকৰ অৱস্থা সলনি হৈছিল। প্ৰশ্ন হয়  এজন দুখীয়া মানুহ ৰাতিটোৰ ভিতৰতে ডাঙৰ মানুহ হৈ পৰিল? ইফালে অৰ্পিতাৰ ককাকে ৪-৫ মাহৰ আগতে এটা নতুন ঘৰ পোৱাৰো তথ্য পোহৰলৈ আহিছে। এসময়ত দৰিদ্ৰতাই আৱৰি ৰাখা অৰ্পিতাৰ ককাকৰ ঘৰত এতিয়া গাড়ী আৰু অন্যান্য আধুনিক সুবিধা আছে।

গাঁওবাসীয়ে কয় যে পাৰ্থ চট্টোপাধ্যায়ে অৰ্পিতাক জংগীপাৰা গাঁৱলৈ আনিছিল। আনকি নতুনকৈ ঘৰ সজাৰ সম্পৰ্কে গাঁওবাসীয়ে অভিযোগ কৰিছিল যে তেওঁলোকৰ মাটিখিনিও বলপূৰ্বকভাৱে লৈ ঘৰটো সাজিছিল। ইফালে গাওঁবাসীৰ লগত অৰ্পিতাৰ  আচৰণ আছিল অতি নিম্ন মান-দণ্ডৰ। অৰ্পিতাই ক্ষমতাৰ প্ৰতিও ভয় দেখুৱাইছিল গাওঁবাসীক গতিকে তেওঁলোকৰ কোনোৱেই আক্ৰমণ কৰাৰ বা প্ৰশ্ন কৰাৰ সাহস নকৰিলে। তেওঁলোকে লগতে কয় যে অৰ্পিতাৰ ভায়েক কুন্তল চক্ৰৱৰ্তীয়ে এদিন হঠাতে চাকৰি পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু