--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''যদি তুমি সূৰ্য্যৰ দৰে উজ্জ্বল হ'ব খোজা, তেন্তে সূৰ্য্যৰ দৰে প্ৰথমে নিজক জ্বলাবলৈ শিকা।''
-ড॰ এপিজে আব্দুল কালাম

অশেষ ত্যাগ কষ্টৰে ভাৰতক বিশ্বৰ বুকুত উজলাই তোলাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা এগৰাকী ব্যক্তিৰ নাম ড॰ এপিজে আব্দুল কালাম। ভাৰতৰ চিৰনমস্য এইগৰাকী ব্যক্তিৰ আজি স্মৃতিদিৱস। সমগ্ৰ দেশজুৰি আজি সশ্ৰদ্ধ স্মৰণ কৰা হৈছে এই মহান সত্বাক। এপিজে আব্দুল কালাম নামেৰে পৰিচিত তেওঁৰ প্ৰকৃত নাম আছিল আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম। তেওঁ আছিল এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। ‘মিছাইল মানৱ' হিচাপে খ্যাত ড° আব্দুল কালামৰ ১৯৩১ চনৰ ১৫ অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম নামৰ এখন সৰু দ্বীপ নগৰীত জন্ম হৈছিল। কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা এৰ'স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ তেওঁ উত্তীৰ্ণ হৈছিল।

১৯৫০ চনত তেওঁ ইণ্টাৰমিডিয়েট পঢ়িবলৈ তিৰুচ্চিৰাপল্লীৰ ছেন্ট জোছেফ কলেজত নাম লগায়। তাৰপৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্রী লাভ কৰাৰ পিছত ১৯৫৪ চনত তেওঁ ইঞ্জিনীয়াৰিং পঢ়িবলৈ মাদ্রাজ ইনষ্টিটিউট অব টেকন'লজি (এম. আই. টি.)ত নাম লগায়। এম. আই. টিৰ পৰা তেওঁক প্রশিক্ষণৰ বাৰে বাঙ্গালােৰত অৱস্থিত হিন্দুস্থান এৰোন'টিকছ লিমিটেড (এইচ. এ. এল.)লৈ পঠোৱা হয়।১৯৫৮ চনত এইচ. এ. এলৰপৰা এৰ’নটিকেল ইঞ্জিনীয়াৰ হৈ ওলাই আহিয়েই তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অধীনস্থ কাৰিকৰী বিকাশ আৰু উৎপাদন সঞ্চালকালয়ত, চমুকৈ ডি. টি. ডি, এণ্ড পি. (এয়াৰ)ত এটা চাকৰি পাই যায়। চাকৰিটো আছিল জ্যেষ্ঠ বৈজ্ঞানিক সহকাৰীৰ পদ। এইখিনি সময়তে তেওঁ শব্দতকৈও দ্রুতগতিসম্পন্ন লক্ষ্যভেদী বিমান এখনৰ আৰ্হি প্ৰস্তুত কৰি সকলােৰে প্ৰশংসা লাভ কৰে।ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে তেখেত এজন এৰ'স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ডি আৰ ডি অ') আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰো) কাৰ্যনিৰ্বাহ কৰিছিল।

কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে "ভাৰতৰ মিছাইল মানৱ"। ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে।১৯৭৪ চনৰ প্ৰথম নিউক্লীয় পৰীক্ষাৰ পাছত ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" পাৰমাণৱিক পৰীক্ষণত কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল। তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাবা আৰু বিক্ৰম সাৰাভাইয়ে কৰি থৈ যোৱা কামখিনি আগবঢ়াই নিছিল। ২০০২ চনত কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়। ইয়াৰ পাছত তেখেতে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদ আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডোৰৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপুৰমৰ ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ চেঞ্চেলৰ, চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এৰ'স্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰিও মহীশূৰৰ JSS বিশ্ববিদ্যলয়ৰ লগতে আন কেইবাখনো শিক্ষা আৰু গৱে‍ষণা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক বা অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্য্যাদালৈ লৈ যাবৰ বাবে কালামে তেখেতৰ ইণ্ডিয়া ২০২০ নামৰ পুথিখনৰ যোগেদি নিজৰ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়াইছিল। অনূদিত ৰূপত তেখেতৰ দ্বাৰা ৰচিত পুথিসমূহে দক্ষিণ কোৰিয়াকে ধৰি নানান দেশত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে। জীৱনকালত তেখেতে বিভিন্ন সন্মানীয় পুৰস্কাৰৰ লগতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰেও বিভূষিত হৈছে। বি‍শেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ উৎসাহমূলক বক্তৃতা আৰু আলোচনা সমূহৰ বাবে তেখেত যুৱ প্ৰজন্মৰ মাজতো অতি জনপ্ৰিয় আছিল।

যুৱ প্ৰজন্মৰ বাবে তেখেতে ২০১১ চনত What Can I Give Movement নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ। তথাপিও ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত ক্ষমাদানৰ আবেদন আৰু শাস্তিপ্ৰদানৰ ক্ষেত্ৰত পলম কৰাৰ বাবে কালাম সমালোচনাৰ সন্মুখীন হৈছিল। ২০০৭ চনৰ ২৫ জুলাইলৈকে তেখেত ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈ আছিল। দেশ আৰু জাতিৰ উন্নতিৰ বাবে আগবঢ়োৱা নানা ধৰণৰ সেৱামূলক কামৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ ১৯৮১ চনত পদ্মভূষণ, ১৯৯০ চনত পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰত ৰত্ন বঁটা আগবঢ়ায়। ইতিমধ্যে আঠাইশখনৰাে অধিক বিশ্ববিদ্যালয়ে তেওঁক ডি. এছ. চি. (D. Sc-Doctor of Science) উপাধি প্রদান কৰে।

ইতিমধ্যে তেওঁলৈ ভালেকেইটা বঁটা আগবঢ়োৱা হয়। তেওঁ লাভ কৰা বঁটাসমূহ- নেচনেল ডিজাইন এৱাৰ্ড, ড° বীৰেন ৰয় স্পেছ এৱাৰ্ড, প্রফেছৰ ওৱাই নায়াডুম্মা মেম’ৰিয়েল গ'ল্ড মেডেল (১৯৯৬), ডি. এম. মােডি এৱাৰ্ড ফৰ ছায়েন্স (১৯৯৬), আৰ. কে. ফিৰডিয়া এৱাৰ্ড ফৰ এক্সেলেন্স ইন ছায়েন্স এণ্ড টেকন'লজি (১৮৯৬), জাতীয় সংহতিৰ ইন্দিৰা গান্ধী বঁটা (১৯৯৭), বীৰ ছাভাৰকাৰ বঁটা (১৯৯৮), আর্যভট্ট বটা।তামিল ভাষাত তেওঁ ভালেখিনি কবিতা ৰচনা কৰিছে। তাৰে ১৭টা কবিতা ইংৰাজীলৈ অনুবাদ কৰি তেওঁ এখন সংকলন প্রকাশ কৰিছে। 

'My Journey' নামৰ এই কবিতা সংকলনখন ১৯৯৪ চনত প্রকাশ পায়। তেওঁৰ প্রকাশিত ইংৰাজী গ্রন্থকেইখনৰ নামঃ India 2020: A vision for the new Millennium', 'Wings of Fire: An Autobiography', ‘Ignited Minds- unleashing the power withing India'। ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত এইগৰাকী মহান মণিষীৰ মহাপ্ৰয়ান ঘটে। তেওঁ কৈছিল ''মোৰ মৃত্যুত বন্ধ ঘোষণা নকৰিবা। বৰঞ্চ এটা দিন বেছিকৈ কাম কৰি দিবা। যদি মোক সঁচাকৈ ভালপোৱা।'' মৃত্যুৰ আগমুহূৰ্তলৈকে কাম কৰি যোৱা এইগৰাকী মহান ব্যক্তিয়ে সমাজক শিকাই গৈছে যে কৰ্মই ধৰ্ম। ড॰ এপিজে আব্দুল কালামৰ পৱিত্ৰ মৃত্যুতিথিত প্ৰাগ নিউজৰ ফালৰপৰা যাঁচিলো সশ্ৰদ্ধ প্ৰণিপাত।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক