--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘টকাৰ লোভত পৰি বিক্ৰী হৈছে সুস্মিতা’; ললিত মোদীৰ সৈতে তেওঁৰ সম্পৰ্ক চৰ্চালৈ অহাৰ লগে লগে এনে কেতবোৰ কথাৰেই আৰম্ভ হৈ  ট্ৰ’লিং। প্ৰাক্তন মিছ ইউনিভাৰ্ছে অৱশ্যে এনে প্ৰতিক্ৰিয়াক মাৰ্জিত সুৰতে সঁহাৰি জনাইছে। সুস্মিতাৰ স্পষ্টমত, ‘সোণৰ প্ৰতি লোভ মোৰ নাই, হীৰাহে মোৰ অধিক পছন্দৰ।’ পিছে, সুস্মিতা-ললিতক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক প্ৰসংগত প্ৰাক্তন প্ৰেমিক বিক্ৰম ভাটে সুস্মিতাৰ পক্ষত থিয় দিয়া দেখিবলৈ পোৱা গৈছে।

সুস্মিতাক ট্ৰ’ল কৰা সকলক উদ্দেশ্যিষ বিক্ৰম ভাটৰ স্পষ্ট উত্তৰ, ‘সুস্মিতা হৈছে সেইজন ব্যক্তি যিয়ে টকাৰ সৈতে প্ৰেম নকৰে, সুস্মিতা ভালপোৱাৰ দুখীয়া, সোণৰ পিছত দৌৰি নাযায় তেওঁ।’ এই প্ৰসংগত বিক্ৰমে তেওঁৰ লগত ঘটা এটা ঘটনাৰো অৱতাৰণা কৰা দেখিবলৈ পোৱা যায়।

বিক্ৰম ভাটে কয়, ‘মই যেতিয়া ‘গুলাম’ ছবিৰ পৰিচালনা কৰিছিলো তেতিয়া মোৰ হাতত এটকাও নাছিল। মই কেতিয়াও পাহৰিব নোৱাৰো, সুস্মিতাই মোক নিজৰ খৰচত আমেৰিকালৈ লৈ গৈছিল। লছ এঞ্জেলছত অৱতৰণ কৰাৰ সময়ত দেখিলোঁ এটা লিমুজিন থিয় হৈ আছে। মই তেতিয়া বিস্মিত হৈ পৰিছিলো। তেওঁ ক’লে, মোৰ প্ৰথম আমেৰিকা ভ্ৰমণ স্মৰণীয় কৰি ৰাখিব বিচাৰে।’ 

বিক্ৰমৰ মতে, সুস্মিতা এনে এগৰাকী ছোৱালী যিয়ে সদায় নিজৰ চৰ্তত জীৱন যাপন কৰি আহিছে। ইচ্ছা কৰিলে সুস্মিতা বলীউডৰ শীৰ্ষ নায়িকা হ’ব পাৰিলেহেঁতেন। কিন্তু সুস্মিতাই কেতিয়াও কাৰো আগত নতজানু হোৱা নাছিল। ট্ৰ'লাৰসকলক উপহাস কৰি বিক্ৰমৰ প্ৰশ্ন, 'ললিতৰ আগতে যেতিয়া সুস্মিতাৰ ৰোহমান শালৰ সৈতে সম্পৰ্ক আছিল, তেতিয়া টকাৰ লোভৰ কথা কোনেও কোৱা নাছিল।’ 
প্ৰসংগক্ৰমে, ১৯৯৬ চনত ‘দস্তক’ ছবিৰ শ্বুটিঙৰ চেটত সুস্মিতাৰ সৈতে পৰিচালক বিক্ৰম ভাটৰ সাক্ষাত্‍ হৈছিল। লাহে লাহে তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ পৰ্যবসিত হয়। কিন্তু কেইবাবছৰৰ পাছত তেওঁলোকৰ সম্পৰ্ক ভাঙি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ