--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লণ্ডনৰ ৰাজপথত ফ্ৰেমবন্দী শ্বাহৰূখ খান। অতি সাধাৰণ লুকত ধৰা দিছে কিং খানে। বলীউড বাদশ্বাহৰ এনে অনাকাংক্ষিত ৰূপ দেখি স্তম্ভিত হৈ পৰিছে অনুৰাগী। শ্বাহৰূখৰ এনে অৱস্থা কিদৰে হ’ল? নানা গুঞ্জনৰ অন্তত অৱশ্যে, কিছু সময়ৰ ভিতৰতে ভুল ভাঙিল সকলোৰে। শ্বাহৰূখে লণ্ডনত ছবিখনৰ শ্বুটিং কৰি আছে, তাৰ পৰাই ইণ্টাৰনেটত বিয়পি পৰিছে কাহিনীও নেদেখা কিং খানৰ আলোকচিত্ৰ।

ইফালে ‘পাঠান’ ছবিৰ শ্বুটিং ইতিমধ্যে শেষ হৈছে৷ ইয়াৰ পিছতে ৰাজকুমাৰ হিৰানীৰ পৰৱৰ্তী ছবি ‘ডংকী’ৰ ছেটত ব্যস্ত শ্বাহৰূখ। কিছুদিন পূৰ্বে ডি অ’ পিয়ে এই ছবিখনৰ পৰা আঁতৰি আহিছিল। শ্বাহৰূখ আৰু ৰাজকুমাৰ হিৰানীৰ সৈতে মতানৈক্যৰ বাবেই তেওঁ এই সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বাবেই ছবিখনৰ শ্বুটিং পলম হ’ব পাৰে বুলি শুনা গৈছিল। অৱশ্যে, এতিয়া ছবিখনৰ শ্বুটিং আৰম্ভ হোৱা বুলি জানিবলৈ পোৱা গৈছে।

দেওবাৰে লণ্ডনৰ ৱাটাৰলু ব্ৰীজত চলিছে ‘ডংকী’ৰ শ্বুটিং। শ্বাহৰূখক দেখা মাত্ৰকে ঢপলিয়াই আহে সহস্ৰ অনুৰাগী। এজন ব্যক্তিয়ে দৰ্শকৰ মাজত শ্বাহৰূখক ফ্ৰেমবন্দী কৰিছিল। অনলাইনত ভাইৰেল হৈছে শ্বাহৰূখৰ ‘ডংকী’ লুক।
 
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰব্ৰজন সম্পৰ্কীয় বিষয়ক লৈয়ে নিৰ্মাণৰ যো-জা চলিছে এই ছবিখনৰ। য’ত শ্বাহৰূখক এজন পাঞ্জাবী ল’ৰাৰ চৰিত্ৰত দেখা যাব। পঞ্জাৱৰ পৰা কানাডালৈ তেওঁৰ যাত্ৰাক দেখুওৱা হ’ব ছবিখনত। ছবিখন ২০২৩ চনৰ ২২ ডিচেম্বৰত মুক্তি পাব। শ্বাহৰূখৰ বাহিৰে ‘ডংকী’ৰ আন দুটা মুখ্য চৰিত্ৰত আছে বিকি কৌশল আৰু তাপসী পান্নু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ