--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লণ্ডনৰ ৰাজপথত ফ্ৰেমবন্দী শ্বাহৰূখ খান। অতি সাধাৰণ লুকত ধৰা দিছে কিং খানে। বলীউড বাদশ্বাহৰ এনে অনাকাংক্ষিত ৰূপ দেখি স্তম্ভিত হৈ পৰিছে অনুৰাগী। শ্বাহৰূখৰ এনে অৱস্থা কিদৰে হ’ল? নানা গুঞ্জনৰ অন্তত অৱশ্যে, কিছু সময়ৰ ভিতৰতে ভুল ভাঙিল সকলোৰে। শ্বাহৰূখে লণ্ডনত ছবিখনৰ শ্বুটিং কৰি আছে, তাৰ পৰাই ইণ্টাৰনেটত বিয়পি পৰিছে কাহিনীও নেদেখা কিং খানৰ আলোকচিত্ৰ।

ইফালে ‘পাঠান’ ছবিৰ শ্বুটিং ইতিমধ্যে শেষ হৈছে৷ ইয়াৰ পিছতে ৰাজকুমাৰ হিৰানীৰ পৰৱৰ্তী ছবি ‘ডংকী’ৰ ছেটত ব্যস্ত শ্বাহৰূখ। কিছুদিন পূৰ্বে ডি অ’ পিয়ে এই ছবিখনৰ পৰা আঁতৰি আহিছিল। শ্বাহৰূখ আৰু ৰাজকুমাৰ হিৰানীৰ সৈতে মতানৈক্যৰ বাবেই তেওঁ এই সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বাবেই ছবিখনৰ শ্বুটিং পলম হ’ব পাৰে বুলি শুনা গৈছিল। অৱশ্যে, এতিয়া ছবিখনৰ শ্বুটিং আৰম্ভ হোৱা বুলি জানিবলৈ পোৱা গৈছে।

দেওবাৰে লণ্ডনৰ ৱাটাৰলু ব্ৰীজত চলিছে ‘ডংকী’ৰ শ্বুটিং। শ্বাহৰূখক দেখা মাত্ৰকে ঢপলিয়াই আহে সহস্ৰ অনুৰাগী। এজন ব্যক্তিয়ে দৰ্শকৰ মাজত শ্বাহৰূখক ফ্ৰেমবন্দী কৰিছিল। অনলাইনত ভাইৰেল হৈছে শ্বাহৰূখৰ ‘ডংকী’ লুক।
 
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰব্ৰজন সম্পৰ্কীয় বিষয়ক লৈয়ে নিৰ্মাণৰ যো-জা চলিছে এই ছবিখনৰ। য’ত শ্বাহৰূখক এজন পাঞ্জাবী ল’ৰাৰ চৰিত্ৰত দেখা যাব। পঞ্জাৱৰ পৰা কানাডালৈ তেওঁৰ যাত্ৰাক দেখুওৱা হ’ব ছবিখনত। ছবিখন ২০২৩ চনৰ ২২ ডিচেম্বৰত মুক্তি পাব। শ্বাহৰূখৰ বাহিৰে ‘ডংকী’ৰ আন দুটা মুখ্য চৰিত্ৰত আছে বিকি কৌশল আৰু তাপসী পান্নু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু