--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ শাখা বা এটিএমৰ পৰা টকা উলিওৱাৰ নিয়ম প্ৰত্যাহাৰ কৰিব বিচাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে কাৰ্ড জালিয়াতি প্ৰতিহত কৰিবলৈ এই পৰিকল্পনা কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে কৈছে যে সকলো বেংকে যিমান সম্ভৱ সোনকালে হয় এই উদ্যোগ লোৱা উচিত।

শেহতীয়াকৈ শীৰ্ষ বেংকৰ মুদ্ৰা নীতি ঘোষণাৰ সময়ত তেওঁ কয় যে দেশৰ সকলো বেংকে কাৰ্ড অবিহনে ধন উলিওৱাৰ সুবিধা আনিব লাগিব। গ্ৰাহকসকলে এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত ইউ.পি.আই. (ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ) পদ্ধতিও ব্যৱহাৰ কৰিব পাৰে। ৰিজাৰ্ভ বেংকে এনপিচিআই (ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম), এটিএম নেটৱৰ্ক আৰু বেংক কৰ্তৃপক্ষক এই নীতি শীঘ্ৰেই কেনেদৰে কাৰ্যকৰী হ’ব সেই বিষয়েও অৱগত কৰিব।

উল্লেখযোগ্য যে, ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলে এতিয়া কাৰ্ড অবিহনে এছবিআই এটিএমৰ পৰা ধন উলিয়াব পাৰে। কিন্তু এতিয়া ৰিজাৰ্ভ বেংকে বিচাৰে যে আন বেংকসমূহেও এই ব্যৱস্থা গ্ৰহণ কৰক।

এ টি এম কাৰ্ড ব্যৱহাৰ কৰি গ্ৰাহকসকলক বিভিন্ন প্ৰৱঞ্চকে প্ৰতাৰণা কৰাৰ অভিযোগ মাজে মাজে হয়। প্ৰৱঞ্চকসকলে গ্ৰাহকসকলক 'স্কিমিং', 'কাৰ্ড ক্ল'নিং', 'ডিভাইচ টেম্পাৰিং' আদি পদ্ধতিৰ জৰিয়তে প্ৰতাৰণা কৰে। এই সকলোবোৰ বন্ধ কৰিবলৈ ৰিজাৰ্ভ বেংকে এই উদ্যেগ লৈছে। 

এই প্ৰণালীত, ধন উলিওৱাৰ প্ৰক্ৰিয়া অনলাইন বা মোবাইল বেংকিং সেৱা ব্যৱহাৰ কৰি সম্পূৰ্ণ কৰিব পাৰি আৰু এই সকলোবোৰ সম্পূৰ্ণ হোৱাৰ পাছত, বেংক একাউণ্টৰ সৈতে সংলগ্ন মোবাইল নম্বৰত অ’টিপি ব্যৱহাৰ কৰি বেংক শাখা বা এটিএমৰ পৰা ধন উলিয়াব পাৰি। অৱশ্যে, সকলো বেংকে কেতিয়া এই সেৱা আৰম্ভ কৰিব লাগিব সেই বিষয়ে ৰিজাৰ্ভ বেংকে কোনো নিৰ্দেশনা দিয়া নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক