--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ সফল উদ্যোগপতি ৰতন টাটাৰ আজি জন্মদিন। আজি ৮৫ বছৰত ভৰি দিলে ৰতন টাটাই। ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল উদ্যোগপতিগৰাকীয়ে। এজন সফল ব্যৱসায়ী, এজন উদাৰ ব্যক্তি, ৰতন টাটা অতি শান্ত স্বভাৱৰ। তেওঁ সদায় জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি আহিছে। মানুহৰ হৃদয়ত ৰতন টাটাৰ প্ৰতি সুকীয়া স্থান আছে। ৰতন টাটাই কিদৰে নিজৰ জীৱন গঢ়িছিল সেই কাহিনী আজি তেওঁৰ জন্মদিনত জানো আহক। এক অপমানে সলাই পেলাইছিল ৰতন টাটাৰ জীৱন। 

ঘটনাটো ৯০ৰ দশকৰ। টাটা মটৰ্ছে TATA Sonsৰ অধ্যক্ষ ৰতন টাটাৰ নেতৃত্বত নিজা গাড়ী টাটা ইণ্ডিকা মুকলি কৰিছিল। কিন্তু, সেই সময়ত ৰতন টাটাৰ চিন্তা অনুসৰি টাটা কাৰৰ বিক্ৰী হোৱা নাছিল। টাটা ইণ্ডিকাৰ প্ৰতি গ্ৰাহকৰ সঁহাৰি বেয়া আছিল আৰু নিত্য বৃদ্ধি পোৱা লোকচানৰ বাবে এটা সময় আহিল যেতিয়া তেওঁলোকে যাত্ৰীবাহী গাড়ী বিভাগটো বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে। ইয়াৰ বাবে তেওঁ আমেৰিকাৰ গাড়ী নিৰ্মাতা কোম্পানী ফৰ্ড মটৰ্ছৰ সৈতে কথা পাতিছিল।

ৰতন টাটাই নিজৰ যাত্ৰীবাহী গাড়ীৰ ব্যৱসায় ফৰ্ড মটৰছক বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি তেওঁ বিলাসী গাড়ী নিৰ্মাতা ফৰ্ডৰ অধ্যক্ষ বিল ফৰ্ডৰ সৈতে কথা পাতে। বিল ফৰ্ডে তেওঁক ঠাট্টা কৰিছিল। ফৰ্ডে অপমান কৰি ক’লে, ‘‘আপুনি একো নাজানে, যাত্ৰীবাহী গাড়ী বিভাগটো আপুনি একো নজনাকৈ কিয় আৰম্ভ কৰিলে? যদি মই এই চুক্তিখন কৰো তেন্তে আপোনাৰ বাবে ই এক ডাঙৰ উপকাৰ হ’ব।’’

ফৰ্ডৰ অধ্যক্ষৰ এই কথাবোৰে ৰতন টাটাৰ অন্তৰত কাঁড়ে বিন্ধাদি বিন্ধিছিল। কিন্তু তেওঁ সেই ভাব মুখমণ্ডলত ফুটাই নুতুলিলে। ৰতন টাটাই বিল ফৰ্ডৰ কথা ভদ্ৰভাৱে শুনি মনতে এটা ডাঙৰ সিদ্ধান্ত ল’লে। আমেৰিকাত অপমানিত হোৱাৰ পাছত ৰতন টাটাই গাড়ী বিভাগ বিক্ৰীৰ সিদ্ধান্ত পিছুৱাই দি নিজাকৈ কিবা এটা কৰাৰ কথা চিন্তা কৰে।

অপমানৰ পিছতো ৰতন টাটাই শান্ত হৈ থাকিল আৰু সোনকালে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। সেই নিশাই তেওঁ মুম্বাইলৈ উভতি আহিছিল। এই অপমানৰ কথা তেওঁ কেতিয়াও কাকো কোৱা নাছিল, বৰঞ্চ টাটা কোম্পানীৰ গাড়ী বিভাগটোক বহু উচ্চতালৈ লৈ যোৱাতহে মনোযোগ কেন্দ্ৰীভূত কৰিছিল। তেওঁ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিলে আৰু প্ৰায় ৯ বছৰৰ পাছত অৰ্থাৎ ২০০৮ চনত তেওঁৰ টাটা মটৰ্ছে বিশ্বব্যাপী বজাৰত আধিপত্য বিস্তাৰ কৰিছিল আৰু কোম্পানীটোৰ গাড়ীসমূহে বেষ্ট ছেলিং কেটেগৰীত শীৰ্ষস্থান দখল কৰিছিল। অৱশেষত ফৰ্ড কোম্পানীৰ গাড়ীৰ বজাৰত স্থবিৰতা অহাত বিল ফৰ্ডে হাত মিলাবলৈ বাধ্য হৈছিল ৰতন টাটাৰ লগত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement