--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ সফল উদ্যোগপতি ৰতন টাটাৰ আজি জন্মদিন। আজি ৮৫ বছৰত ভৰি দিলে ৰতন টাটাই। ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল উদ্যোগপতিগৰাকীয়ে। এজন সফল ব্যৱসায়ী, এজন উদাৰ ব্যক্তি, ৰতন টাটা অতি শান্ত স্বভাৱৰ। তেওঁ সদায় জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি আহিছে। মানুহৰ হৃদয়ত ৰতন টাটাৰ প্ৰতি সুকীয়া স্থান আছে। ৰতন টাটাই কিদৰে নিজৰ জীৱন গঢ়িছিল সেই কাহিনী আজি তেওঁৰ জন্মদিনত জানো আহক। এক অপমানে সলাই পেলাইছিল ৰতন টাটাৰ জীৱন। 

ঘটনাটো ৯০ৰ দশকৰ। টাটা মটৰ্ছে TATA Sonsৰ অধ্যক্ষ ৰতন টাটাৰ নেতৃত্বত নিজা গাড়ী টাটা ইণ্ডিকা মুকলি কৰিছিল। কিন্তু, সেই সময়ত ৰতন টাটাৰ চিন্তা অনুসৰি টাটা কাৰৰ বিক্ৰী হোৱা নাছিল। টাটা ইণ্ডিকাৰ প্ৰতি গ্ৰাহকৰ সঁহাৰি বেয়া আছিল আৰু নিত্য বৃদ্ধি পোৱা লোকচানৰ বাবে এটা সময় আহিল যেতিয়া তেওঁলোকে যাত্ৰীবাহী গাড়ী বিভাগটো বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে। ইয়াৰ বাবে তেওঁ আমেৰিকাৰ গাড়ী নিৰ্মাতা কোম্পানী ফৰ্ড মটৰ্ছৰ সৈতে কথা পাতিছিল।

ৰতন টাটাই নিজৰ যাত্ৰীবাহী গাড়ীৰ ব্যৱসায় ফৰ্ড মটৰছক বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি তেওঁ বিলাসী গাড়ী নিৰ্মাতা ফৰ্ডৰ অধ্যক্ষ বিল ফৰ্ডৰ সৈতে কথা পাতে। বিল ফৰ্ডে তেওঁক ঠাট্টা কৰিছিল। ফৰ্ডে অপমান কৰি ক’লে, ‘‘আপুনি একো নাজানে, যাত্ৰীবাহী গাড়ী বিভাগটো আপুনি একো নজনাকৈ কিয় আৰম্ভ কৰিলে? যদি মই এই চুক্তিখন কৰো তেন্তে আপোনাৰ বাবে ই এক ডাঙৰ উপকাৰ হ’ব।’’

ফৰ্ডৰ অধ্যক্ষৰ এই কথাবোৰে ৰতন টাটাৰ অন্তৰত কাঁড়ে বিন্ধাদি বিন্ধিছিল। কিন্তু তেওঁ সেই ভাব মুখমণ্ডলত ফুটাই নুতুলিলে। ৰতন টাটাই বিল ফৰ্ডৰ কথা ভদ্ৰভাৱে শুনি মনতে এটা ডাঙৰ সিদ্ধান্ত ল’লে। আমেৰিকাত অপমানিত হোৱাৰ পাছত ৰতন টাটাই গাড়ী বিভাগ বিক্ৰীৰ সিদ্ধান্ত পিছুৱাই দি নিজাকৈ কিবা এটা কৰাৰ কথা চিন্তা কৰে।

অপমানৰ পিছতো ৰতন টাটাই শান্ত হৈ থাকিল আৰু সোনকালে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। সেই নিশাই তেওঁ মুম্বাইলৈ উভতি আহিছিল। এই অপমানৰ কথা তেওঁ কেতিয়াও কাকো কোৱা নাছিল, বৰঞ্চ টাটা কোম্পানীৰ গাড়ী বিভাগটোক বহু উচ্চতালৈ লৈ যোৱাতহে মনোযোগ কেন্দ্ৰীভূত কৰিছিল। তেওঁ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিলে আৰু প্ৰায় ৯ বছৰৰ পাছত অৰ্থাৎ ২০০৮ চনত তেওঁৰ টাটা মটৰ্ছে বিশ্বব্যাপী বজাৰত আধিপত্য বিস্তাৰ কৰিছিল আৰু কোম্পানীটোৰ গাড়ীসমূহে বেষ্ট ছেলিং কেটেগৰীত শীৰ্ষস্থান দখল কৰিছিল। অৱশেষত ফৰ্ড কোম্পানীৰ গাড়ীৰ বজাৰত স্থবিৰতা অহাত বিল ফৰ্ডে হাত মিলাবলৈ বাধ্য হৈছিল ৰতন টাটাৰ লগত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ