--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পদপথত কোহলী! সামাজিক মাধ্যমত কোন মুহূৰ্তত কাৰ ছবি, কাৰ কথা কেতিয়া কেনেকৈ ভাইৰেল হৈ পৰে ধৰিবই নোৱাৰি। শেহতীয়াকৈ তেনে এক কথাই সৰ্বত্ৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। সামজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে এগৰাকী তাৰকাৰ আলোকচিত্ৰ। ভাইৰেল হোৱা তাৰকাজন আন কোনো নহয়। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ছবি ভাইৰেল হৈ পৰিছে। দেখাত হুবহু বিৰাট কোহলীৰ দৰে এখন ছবিয়ে এতিয়া আলোড়নৰ সৃষ্টি কৰিছে। ছবিখন ভাইৰেল হোৱাৰ লগে লগে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। সাধাৰণতে নেতাৰ পৰা অভিনেতালৈ যিকোনো সময়তে, যিকোনো ঠাইতে একে মুখাৱয়বৰ মানুহ বিচাৰি পোৱা যায়।

কিছুদিন পূৰ্বে গোৱালিয়ৰৰ পদপথত এজন চাট ৱালাইয়ো তেনেদৰে সংবাদ শিৰোনাম দখল কৰিছিল। নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দৰে হ’বলৈ মন আছিল হেনো তেওঁৰ। ছ'চিয়েল মিডিয়াত এনে বহুতো চেলিব্ৰিটি আছে যাৰ মুখাৱয়বৰ সৈতে সাধাৰণ মানুহৰ মিলি দেখা যায়। যাক দেখা পালে হতবাকো হৈ পৰে প্ৰত্যক্ষদৰ্শী। এতিয়া তেনে এজন ব্যক্তিৰে ফটো ভাইৰেল হৈছে। য'ত মানুহে বিৰাট কোহলীক দেখিবলৈ পাইছে। ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ছবিখন দেখি মানুহজনৰ নাম থৈছে 'চাট ৱালা কোহলী' । জানিবলৈ পোৱা মতে, ছবিখন 'ইয়ো ইয়ো ফানী সিং' নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে। ফটোখনৰ কেপচনত লিখিছে- বিৰাট কৰ্ণলী। ফটোখন সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত শ্বেয়াৰ হোৱা দেখা গৈছে। এতিয়ালৈকৈ টুইটটোৱে ২,৫০০ তকৈও অধিক লাইক আৰু ১১৮ টা ৰিটুইট লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব