--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পদপথত কোহলী! সামাজিক মাধ্যমত কোন মুহূৰ্তত কাৰ ছবি, কাৰ কথা কেতিয়া কেনেকৈ ভাইৰেল হৈ পৰে ধৰিবই নোৱাৰি। শেহতীয়াকৈ তেনে এক কথাই সৰ্বত্ৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। সামজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে এগৰাকী তাৰকাৰ আলোকচিত্ৰ। ভাইৰেল হোৱা তাৰকাজন আন কোনো নহয়। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ছবি ভাইৰেল হৈ পৰিছে। দেখাত হুবহু বিৰাট কোহলীৰ দৰে এখন ছবিয়ে এতিয়া আলোড়নৰ সৃষ্টি কৰিছে। ছবিখন ভাইৰেল হোৱাৰ লগে লগে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। সাধাৰণতে নেতাৰ পৰা অভিনেতালৈ যিকোনো সময়তে, যিকোনো ঠাইতে একে মুখাৱয়বৰ মানুহ বিচাৰি পোৱা যায়।

কিছুদিন পূৰ্বে গোৱালিয়ৰৰ পদপথত এজন চাট ৱালাইয়ো তেনেদৰে সংবাদ শিৰোনাম দখল কৰিছিল। নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দৰে হ’বলৈ মন আছিল হেনো তেওঁৰ। ছ'চিয়েল মিডিয়াত এনে বহুতো চেলিব্ৰিটি আছে যাৰ মুখাৱয়বৰ সৈতে সাধাৰণ মানুহৰ মিলি দেখা যায়। যাক দেখা পালে হতবাকো হৈ পৰে প্ৰত্যক্ষদৰ্শী। এতিয়া তেনে এজন ব্যক্তিৰে ফটো ভাইৰেল হৈছে। য'ত মানুহে বিৰাট কোহলীক দেখিবলৈ পাইছে। ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ছবিখন দেখি মানুহজনৰ নাম থৈছে 'চাট ৱালা কোহলী' । জানিবলৈ পোৱা মতে, ছবিখন 'ইয়ো ইয়ো ফানী সিং' নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে। ফটোখনৰ কেপচনত লিখিছে- বিৰাট কৰ্ণলী। ফটোখন সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত শ্বেয়াৰ হোৱা দেখা গৈছে। এতিয়ালৈকৈ টুইটটোৱে ২,৫০০ তকৈও অধিক লাইক আৰু ১১৮ টা ৰিটুইট লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন