--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মণিপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ লক্ষ্য আগন্তুক বিধানসভা নিৰ্বাচন৷ সেয়েহে নৱবৰ্ষৰ প্ৰথম দিনকেইটাতে ভ্ৰমণৰ সিদ্ধান্ত লৈছে মণিপুৰত৷ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ উন্নয়নৰ বাবে আগবঢ়াইছে ৪,৮০০ কোটি টকাৰ পেকেজো৷ ভোটাৰক আকৰ্ষণৰ নানা কৌশল ৰচিছে এতিয়া বিজেপিয়ে৷ প্ৰতিবাৰে নিৰ্বাচনৰ আগতহে ঘোষণা হোৱা আকৰ্ষণীয় পেকেজৰ আশাতেই বন্দী যেন জনতা৷ নিৰ্বাচনৰ পাছত প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনস্বৰূপ৷ খবৰ ল’বলৈও যেন আহৰি নাই চৰকাৰ কিম্বা শীৰ্ষ নেতাৰ৷

প্ৰায় ২বছৰ ৯মাহৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে সময় উলিয়াইছে মণিপুৰৰ উন্নয়নৰ খতিয়ান ল’বলৈ৷ ইয়াৰ পূৰ্বে ২০১৯ চনৰ এপ্ৰিল মাহত মোদী মণিপুৰ ভ্ৰমণত আহিছিল৷ সদা ব্যস্ত প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত দেখা নগ’ল কোনো উন্নয়ন, শিলান্যাসৰ বিশেষ কাৰ্যসূচীত৷ সেয়েহে প্ৰায় দীঘলীয়া বিৰতিৰ পাছত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত স্বাস্থ্য, যাতায়াত-যোগাযোগকে ধৰি বহুকেইটা খণ্ডৰ কাম-কাজত অধিক গুৰুত্ব প্ৰদান কৰিছে৷ অন্যান্য দলেও অৱশ্যে নিৰ্বাচনকেন্দ্ৰিক কিছু প্ৰতিশ্ৰুতি তথা পেকেজৰো ব্যৱস্থা নকৰা নহয়৷

ভাৰতীয় জনতা পাৰ্টীৰ শাসনতে থকা ৰাজ্যখন পুনৰ শাসনলৈ অহাৰ চেষ্টাত এতিয়া উঠিপৰি লাগিছে শাসকীয় দলটোৱে৷ মণিপুৰত অত্যাধুনিক কেন্সাৰ হাস্পতালৰ শিলান্যাস, ২০০খন বিচনাযুক্ত ক’ভিড হাস্পতাল উদ্বোধন, সংখ্যালঘু উন্নয়ন, তাঁতশিল্প শক্তিশালী কৰাকে ধৰি বহুকেইটা নতুন প্ৰতিশ্ৰুতিৰ সম্ভাৰ লৈ উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী৷ কাইলৈ প্ৰধানমন্ত্ৰীৰ আগমন তথা নতুন পেকেজ ঘোষণাই কিদৰে ভোটাৰক আকৰ্ষণ কৰিব সেয়া নিৰ্বাচনৰ ফলাফলতহে প্ৰতিফলিত হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ