--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মণিপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ লক্ষ্য আগন্তুক বিধানসভা নিৰ্বাচন৷ সেয়েহে নৱবৰ্ষৰ প্ৰথম দিনকেইটাতে ভ্ৰমণৰ সিদ্ধান্ত লৈছে মণিপুৰত৷ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ উন্নয়নৰ বাবে আগবঢ়াইছে ৪,৮০০ কোটি টকাৰ পেকেজো৷ ভোটাৰক আকৰ্ষণৰ নানা কৌশল ৰচিছে এতিয়া বিজেপিয়ে৷ প্ৰতিবাৰে নিৰ্বাচনৰ আগতহে ঘোষণা হোৱা আকৰ্ষণীয় পেকেজৰ আশাতেই বন্দী যেন জনতা৷ নিৰ্বাচনৰ পাছত প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনস্বৰূপ৷ খবৰ ল’বলৈও যেন আহৰি নাই চৰকাৰ কিম্বা শীৰ্ষ নেতাৰ৷

প্ৰায় ২বছৰ ৯মাহৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে সময় উলিয়াইছে মণিপুৰৰ উন্নয়নৰ খতিয়ান ল’বলৈ৷ ইয়াৰ পূৰ্বে ২০১৯ চনৰ এপ্ৰিল মাহত মোদী মণিপুৰ ভ্ৰমণত আহিছিল৷ সদা ব্যস্ত প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত দেখা নগ’ল কোনো উন্নয়ন, শিলান্যাসৰ বিশেষ কাৰ্যসূচীত৷ সেয়েহে প্ৰায় দীঘলীয়া বিৰতিৰ পাছত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত স্বাস্থ্য, যাতায়াত-যোগাযোগকে ধৰি বহুকেইটা খণ্ডৰ কাম-কাজত অধিক গুৰুত্ব প্ৰদান কৰিছে৷ অন্যান্য দলেও অৱশ্যে নিৰ্বাচনকেন্দ্ৰিক কিছু প্ৰতিশ্ৰুতি তথা পেকেজৰো ব্যৱস্থা নকৰা নহয়৷

ভাৰতীয় জনতা পাৰ্টীৰ শাসনতে থকা ৰাজ্যখন পুনৰ শাসনলৈ অহাৰ চেষ্টাত এতিয়া উঠিপৰি লাগিছে শাসকীয় দলটোৱে৷ মণিপুৰত অত্যাধুনিক কেন্সাৰ হাস্পতালৰ শিলান্যাস, ২০০খন বিচনাযুক্ত ক’ভিড হাস্পতাল উদ্বোধন, সংখ্যালঘু উন্নয়ন, তাঁতশিল্প শক্তিশালী কৰাকে ধৰি বহুকেইটা নতুন প্ৰতিশ্ৰুতিৰ সম্ভাৰ লৈ উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী৷ কাইলৈ প্ৰধানমন্ত্ৰীৰ আগমন তথা নতুন পেকেজ ঘোষণাই কিদৰে ভোটাৰক আকৰ্ষণ কৰিব সেয়া নিৰ্বাচনৰ ফলাফলতহে প্ৰতিফলিত হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন