--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় ৰে'লৱেই প্রকাশ কৰা মতে, ভাৰা বৃদ্ধিৰ ফলত তেওঁলোকৰ ৬ হাজাৰ কোটি টকাতকৈ অধিক আয় হ'ব বুলি আশা কৰিছে।

ডিজিটেল ডেস্ক : ভাৰতীয় ৰে'লৱেই দীর্ঘ দূৰত্বৰ ভ্ৰমণৰ ভাৰা বৃদ্ধি কৰিছে। কালি ভাৰতীয় ৰে'লৱেই কৰা ঘোষণা অনুসৰি ৰে'লৰ ভাৰা বৃদ্ধি ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। কালি কৰা ঘোষণা অনুসৰি সাধাৰণ শ্ৰেণীৰ টিকটৰ দাম ২১৫ কিল'মিটাৰলৈকে বৃদ্ধি কৰা হোৱা নাই, কিন্তু ২১৫ কিল'মিটাৰতকৈ অধিক ভ্ৰমণ কৰা যাত্ৰীয়ে টিকটৰ ভাৰা প্রতি কিল'মিটাৰত ১-২ পইচা অতিৰিক্ত ভৰিব লাগিব।


ইয়াৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ টিকটৰ দাম ২১৫ কিল'মিটাৰৰ পাছত প্রতি কিল'মিটাৰত ১ পইচাকৈ আৰু মেইল তথা এক্সপ্ৰেছ ৰে'লৰ এ চি আৰু নন এ চি শ্ৰেণীৰ টিকটৰ দাম ২১৫ কিল'মিটাৰ পাছত প্রতি কিল'মিটাৰত ২ পইচাকৈ বৃদ্ধি কৰা হৈছে।


ভাৰতীয় ৰে'লৱেই প্রকাশ কৰা মতে, ভাৰা বৃদ্ধিৰ ফলত তেওঁলোকৰ ৬ হাজাৰ কোটি টকাতকৈ অধিক আয় হ'ব বুলি আশা কৰিছে। কোনো এজন যাত্রীয়ে ২৬ ডিচেম্বৰৰ পাছত নন এ চি শ্রেণীত ৫০০ কিল'মিটাৰতকৈ অধিক ভ্রমণ কৰিলে ১০ টকা অতিৰিক্ত ভৰিব লাগিব।


উল্লেখযোগ্য যে ৰে'লৱেই এই বছৰ দ্বিতীয়বাৰৰ বাবে ৰে'লৰ ভাৰা বৃদ্ধি কৰে। টিকটৰ নতুন নিৰিখ মতে, দিল্লী আৰু মুম্বাইৰ মাজত চি এছ এম টি ৰাজধানী এক্সপ্ৰেছ থ্রী এ চিৰ ভাৰা প্রতি কিল'মিটাৰত ২ পইচা হিচাপত ২৭ টকা বৃদ্ধি পাব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ