--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় ৰে'লৱেই প্রকাশ কৰা মতে, ভাৰা বৃদ্ধিৰ ফলত তেওঁলোকৰ ৬ হাজাৰ কোটি টকাতকৈ অধিক আয় হ'ব বুলি আশা কৰিছে।

ডিজিটেল ডেস্ক : ভাৰতীয় ৰে'লৱেই দীর্ঘ দূৰত্বৰ ভ্ৰমণৰ ভাৰা বৃদ্ধি কৰিছে। কালি ভাৰতীয় ৰে'লৱেই কৰা ঘোষণা অনুসৰি ৰে'লৰ ভাৰা বৃদ্ধি ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। কালি কৰা ঘোষণা অনুসৰি সাধাৰণ শ্ৰেণীৰ টিকটৰ দাম ২১৫ কিল'মিটাৰলৈকে বৃদ্ধি কৰা হোৱা নাই, কিন্তু ২১৫ কিল'মিটাৰতকৈ অধিক ভ্ৰমণ কৰা যাত্ৰীয়ে টিকটৰ ভাৰা প্রতি কিল'মিটাৰত ১-২ পইচা অতিৰিক্ত ভৰিব লাগিব।


ইয়াৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ টিকটৰ দাম ২১৫ কিল'মিটাৰৰ পাছত প্রতি কিল'মিটাৰত ১ পইচাকৈ আৰু মেইল তথা এক্সপ্ৰেছ ৰে'লৰ এ চি আৰু নন এ চি শ্ৰেণীৰ টিকটৰ দাম ২১৫ কিল'মিটাৰ পাছত প্রতি কিল'মিটাৰত ২ পইচাকৈ বৃদ্ধি কৰা হৈছে।


ভাৰতীয় ৰে'লৱেই প্রকাশ কৰা মতে, ভাৰা বৃদ্ধিৰ ফলত তেওঁলোকৰ ৬ হাজাৰ কোটি টকাতকৈ অধিক আয় হ'ব বুলি আশা কৰিছে। কোনো এজন যাত্রীয়ে ২৬ ডিচেম্বৰৰ পাছত নন এ চি শ্রেণীত ৫০০ কিল'মিটাৰতকৈ অধিক ভ্রমণ কৰিলে ১০ টকা অতিৰিক্ত ভৰিব লাগিব।


উল্লেখযোগ্য যে ৰে'লৱেই এই বছৰ দ্বিতীয়বাৰৰ বাবে ৰে'লৰ ভাৰা বৃদ্ধি কৰে। টিকটৰ নতুন নিৰিখ মতে, দিল্লী আৰু মুম্বাইৰ মাজত চি এছ এম টি ৰাজধানী এক্সপ্ৰেছ থ্রী এ চিৰ ভাৰা প্রতি কিল'মিটাৰত ২ পইচা হিচাপত ২৭ টকা বৃদ্ধি পাব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু