--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে "ডিজিটেল বিজ্ঞাপন নীতি, ২০২৩"ত অনুমোদন জনাই এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এই ব্যৱস্থাই এতিয়া ডিজিটেল মিডিয়াৰ ক্ষেত্ৰ খনত  প্ৰচাৰ চলাবলৈ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰো(চিবিচি)ক ক্ষমতা প্ৰদান কৰিব। এই নীতিয়ে তথ্য প্ৰচাৰ কৰা আৰু বিভিন্ন আঁচনি, কাৰ্যসূচী তথা নীতি সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো(চিবিচি)ৰ অভিযানত নতুন মাত্ৰা প্ৰদান কৰিব। ক্ৰমে বিকশিত হোৱা ডিজিটেল মিডিয়াৰ ক্ষেত্ৰ খনত বৰ্ধিত ডিজিটেলকৰণৰ  পদক্ষেপ স্বৰূপে ভাৰত চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

ডিজিটেল বিশ্বত  গ্ৰাহকৰ  সংখ্যা বৃদ্ধি, ডিজিটেল বিজ্ঞাপনৰ জৰিয়তে প্ৰযুক্তি সক্ষম বাৰ্তা প্ৰেৰণ , নাগৰিক কেন্দ্ৰিক বাৰ্তা কাৰ্যকৰীভাৱে আৰু নিৰ্ধাৰিত ভাৱে প্ৰদান কৰাত এই নীতিয়ে  সহায় কৰিব।  ফলত ৰাজহুৱা  প্ৰচাৰত ব্যয়ৰ মিতব্যয়ীতা  বৃদ্ধি পাব।  শেহতীয়া বছৰবোৰত মানুহে  সংবাদ মাধ্যমৰ লগতে  ডিজিটেল মাধ্যমৰ ক্ষেত্ৰতো  গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিছে। ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ ফলত দেশত এতিয়া ইণ্টাৰনেট, সামাজিক আৰু ডিজিটেল মাধ্যমৰ সৈতে সংযুক্ত লোকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। ট্ৰাইৰ ভাৰতীয় টেলিকম সেৱা প্ৰদৰ্শন সূচক জানুৱাৰী-মাৰ্চ ২০২৩ অনুসৰি  মাৰ্চ ২০২৩তে ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৮৮০  নিযুততকৈ অধিক হৈছে । একেদৰে  মাৰ্চ ২০২৩ত  টেলিকম গ্ৰাহকৰ সংখ্যা ১১৭২  নিযুততকৈ অধিক হৈছে।

এই নীতিয়ে কেন্দ্ৰীয় যোগাযোগ ব্যুৰোক  অ'টিটি আৰু ভিডিঅ' অন ডিমাণ্ড ক্ষেত্ৰ খনত  সংস্থা আৰু সংগঠনসমূহক তালিকাভুক্ত কৰিবলৈ  সক্ষম কৰি তুলিব। চিবিচিয়ে ডিজিটেল অডিঅ' প্লেটফৰ্মৰ তালিকাভুক্তিৰ জৰিয়তে পডকাষ্ট আৰু ডিজিটেল অডিঅ' প্লেটফৰ্মত বৰ্দ্ধিত সংখ্যাত শ্ৰোতা-দৰ্শক লাভ কৰিবলৈ সক্ষম হ'ব। এই নীতিয়ে ইণ্টাৰনেট ৱেবছাইটসমূহ তালিকাভুক্ত কৰাৰ প্ৰক্ৰিয়াটো যুক্তিযুক্ত কৰি তোলাৰ উপৰি চিবিচিয়ে এতিয়া প্ৰথমবাৰৰ বাবে ম'বাইল এপ্লিকেচনৰ জৰিয়তে ইয়াৰ ৰাজহুৱা সেৱা সম্পৰ্কীয়  প্ৰচাৰমূলক  বাৰ্তাবোৰ এক নিৰ্দিষ্ট ক্ষেত্ৰলৈ বিয়পাই দিবলৈ সক্ষম হ'ব। ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ ৰাজহুৱা যোগাযোগৰ  অন্যতম জনপ্ৰিয় মাধ্যম  হৈ পৰাৰ সময়তে এই নীতিয়ে  সেই প্ৰক্ৰিয়াটোক অধিক সুশৃংখল কৰি তুলিব।  যাৰ জৰিয়তে চিবিচিয়ে এই প্লেটফৰ্মবোৰত চৰকাৰী গ্ৰাহকৰ বাবে সাৰ্থকভাবে বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰিব। এই নীতিয়ে  চিবিচিক বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ সক্ষম কৰি তোলাৰ লগতে  ইয়াক ডিজিটেল মিডিয়া এজেন্সিসমূহক তালিকাভুক্ত কৰাৰ ক্ষমতা প্ৰদান কৰিব।

এই নীতিয়ে ডিজিটেল পৰিসীমাৰ গতিশীল প্ৰকৃতিক স্বীকৃতি দিছে আৰু চিবিচিক ডিজিটেল ক্ষেত্ৰ খনত  নতুন আৰু অভিনৱ যোগাযোগ মঞ্চত  যথাযথভাৱে ক্ষমতা প্ৰদান কৰিছে। চিবিচিৰ ডিজিটেল বিজ্ঞাপন নীতি, ২০২৩-ৰ ক্ষেত্ৰত নিবিদাৰ উপযুক্ত হাৰ নিৰ্ধাৰণ ,  প্ৰতিযোগিতামূলক নিবিদা প্ৰৱৰ্তন আদিৰ বিষয়ত স্বচ্ছতা আৰু দক্ষতা নিশ্চিত কৰাত সহায় কৰিব। এই প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্ধাৰিত নিবিদাৰ হাৰ তিনি বছৰৰ বাবে বাহাল   থাকিব আৰু সকলো যোগ্য সংস্থাৰ বাবে সেয়া প্ৰযোজ্য হ'ব।

আজিৰ যুগত ভাৰত চৰকাৰৰ প্ৰায় সকলো মন্ত্ৰালয়/বিভাগৰ এক  ছ'চিয়েল মিডিয়া হেণ্ডেল আছে, যিয়ে এক বৃহৎ পৰিমাণৰ ইনফোগ্ৰাফিক্স আৰু ভিডিঅ' প্ৰস্তুত কৰে । যিবোৰৰ প্ৰসাৰ হেণ্ডেলৰ গ্ৰাহকৰ মাজতে সীমাবদ্ধ। চৰকাৰী মন্ত্ৰালয় আৰু বিভাগসমূহৰ নানান তথ্য  প্ৰচাৰৰ বাবে থকা সংস্থা  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মিডিয়া গোট, কেন্দ্ৰীয় যোগাযোগ ব্যুৰো আদিয়ে  নিৰ্ধাৰিত সকলো  মাধ্যমৰ জৰিয়তে তথ্য প্ৰচাৰ কৰি আহিছে।

ডিজিটেল বিজ্ঞাপন নীতি ২০২৩  একাধিক ব্যক্তি-সংস্থা, অংশীদাৰৰ সৈতে এক বিস্তৃত আলোচনাৰ অন্তত   প্ৰস্তুত কৰা হৈছে আৰু ভাৰত চৰকাৰৰ ডিজিটেল প্ৰসাৰ বৃদ্ধি তথা  নাগৰিকসকলৰ বাবে তথ্যৰ প্ৰচাৰ উন্নত কৰি তোলাৰ এক  ৰূপৰেখাও প্ৰস্তুত কৰা হৈছে।

কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)য়ে  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত কাম কৰে আৰু এই সংস্থাটো   বিভিন্ন চৰকাৰী কাৰ্যসূচী, আঁচনি আৰু নীতিৰ বিষয়ে সজাগতা সৃষ্টি আৰু তথ্য প্ৰচাৰ কৰাৰ বাবে দায়বদ্ধ। চিবিচিয়ে  পৰিৱৰ্তনশীল মাধ্যমৰ দৃশ্যপটৰ সৈতে নিজকে খাপ খুৱাবলৈ আৰু তেনে তথ্য আদি  অধিক লোকৰ  ওচৰলৈ লৈ যোৱাৰ  উদ্দেশ্য সময়ে দাবী কৰা  নতুন প্ৰযুক্তি গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক