--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল ৰাজহুৱা পৰিবহন ব্যৱস্থাত  যুগ্ম-অযুগ্ম  নীতি প্ৰৱৰ্তন কৰি প্ৰদূষণ হ্ৰাস কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে  শুকুৰবাৰে দিল্লীৰ চৰকাৰক এই কথা স্পষ্ট কৰি দিয়ে৷  উচ্চতম ন্যায়ালয়ৰ এনে মন্তব্যৰ পিছতে  দিল্লীৰ চৰকাৰে পূৰ্বৰ  সিদ্ধান্ত সলনি কৰি কৈছে  যে বৰ্তমানৰ বাবে বাহনৰ যুগ্ম-অযুগ্ম  নীতি কাৰ্যকৰী কৰা নহ'ব। অৰবিন্দ কেজৰিৱালৰ চৰকাৰে কৈছে যে বৃহস্পতিবাৰে নিশা আৰু শুক্ৰবাৰে পুৱা হোৱা বৰষুণে প্ৰদূষণ হ্ৰাস কৰিছে। 

সেয়েহে অড-ইভেন নীতিটো বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে।উল্লেখ্য যোৱা সপ্তাহত দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে ঘোষণা কৰিছিল যে প্ৰদূষণ হ্ৰাস কৰাৰ বাবে যুগ্ম-অযুগ্ম নম্বৰ প্লেট বাহনৰ নিয়মবোৰ প্ৰৱৰ্তন কৰা  হ'ব। দেৱালীৰ পিছতে  ১৩-২০ নৱেম্বৰৰ ভিতৰত এই নিষেধাজ্ঞা বলবৎ কৰা হ’ব বুলি তেওঁ ঘোষণা কৰিছিল৷ ৰাস্তাত বাহনৰ সংখ্যা হ্ৰাস হ’লেই  প্ৰদূষণো হ্ৰাস হ'ব বুলি তেওঁ আশা কৰিছিল৷ কিন্তু  গোপাল ৰায়  শুক্ৰবাৰে কয়  যে বৰষুণৰ বাবে প্ৰদূষণৰ পৰিস্থিতি উন্নত হৈছে। সেয়েহে, অড-ইভেন নীতিটো বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে।

শুক্ৰবাৰৰ বৰষুণে প্ৰকৃততে দিল্লীৰ প্ৰদূষণ সামান্য হ্ৰাস কৰিছে। বৰষুণৰ পিছতে শুক্ৰবাৰে দিল্লীৰ  আকাশ পৰিষ্কাৰ আছিল। কিন্তু এয়া  কোনো স্থায়ী  সকাহ নহয়।  শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদূষণক লৈ দিল্লী চৰকাৰক তীব্ৰ সমালোচনা কৰে। উচ্চতম ন্যায়ালয়ে কয়  যে প্ৰদূষণ নিয়ন্ত্ৰণ কেৱল বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰিয়েই সম্ভৱ নহয়। এনেদৰে প্ৰদূষণ মাত্ৰ ১৩ শতাংশ মানহে হ্ৰাস হ’ব। সেয়ে এনে ব্যৱস্থাই কোনো  সহায় নকৰে। ন্যায়ালয়ে লগতে কয় যে যদি দিল্লীৰ সকলো বিভাগে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে  সঠিকভাৱে কাম নকৰে, তেন্তে অনাগত দিনত সকলো বিভাগৰ  সচিবকে মাতি পঠোৱা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক