--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল ৰাজহুৱা পৰিবহন ব্যৱস্থাত  যুগ্ম-অযুগ্ম  নীতি প্ৰৱৰ্তন কৰি প্ৰদূষণ হ্ৰাস কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে  শুকুৰবাৰে দিল্লীৰ চৰকাৰক এই কথা স্পষ্ট কৰি দিয়ে৷  উচ্চতম ন্যায়ালয়ৰ এনে মন্তব্যৰ পিছতে  দিল্লীৰ চৰকাৰে পূৰ্বৰ  সিদ্ধান্ত সলনি কৰি কৈছে  যে বৰ্তমানৰ বাবে বাহনৰ যুগ্ম-অযুগ্ম  নীতি কাৰ্যকৰী কৰা নহ'ব। অৰবিন্দ কেজৰিৱালৰ চৰকাৰে কৈছে যে বৃহস্পতিবাৰে নিশা আৰু শুক্ৰবাৰে পুৱা হোৱা বৰষুণে প্ৰদূষণ হ্ৰাস কৰিছে। 

সেয়েহে অড-ইভেন নীতিটো বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে।উল্লেখ্য যোৱা সপ্তাহত দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে ঘোষণা কৰিছিল যে প্ৰদূষণ হ্ৰাস কৰাৰ বাবে যুগ্ম-অযুগ্ম নম্বৰ প্লেট বাহনৰ নিয়মবোৰ প্ৰৱৰ্তন কৰা  হ'ব। দেৱালীৰ পিছতে  ১৩-২০ নৱেম্বৰৰ ভিতৰত এই নিষেধাজ্ঞা বলবৎ কৰা হ’ব বুলি তেওঁ ঘোষণা কৰিছিল৷ ৰাস্তাত বাহনৰ সংখ্যা হ্ৰাস হ’লেই  প্ৰদূষণো হ্ৰাস হ'ব বুলি তেওঁ আশা কৰিছিল৷ কিন্তু  গোপাল ৰায়  শুক্ৰবাৰে কয়  যে বৰষুণৰ বাবে প্ৰদূষণৰ পৰিস্থিতি উন্নত হৈছে। সেয়েহে, অড-ইভেন নীতিটো বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে।

শুক্ৰবাৰৰ বৰষুণে প্ৰকৃততে দিল্লীৰ প্ৰদূষণ সামান্য হ্ৰাস কৰিছে। বৰষুণৰ পিছতে শুক্ৰবাৰে দিল্লীৰ  আকাশ পৰিষ্কাৰ আছিল। কিন্তু এয়া  কোনো স্থায়ী  সকাহ নহয়।  শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদূষণক লৈ দিল্লী চৰকাৰক তীব্ৰ সমালোচনা কৰে। উচ্চতম ন্যায়ালয়ে কয়  যে প্ৰদূষণ নিয়ন্ত্ৰণ কেৱল বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰিয়েই সম্ভৱ নহয়। এনেদৰে প্ৰদূষণ মাত্ৰ ১৩ শতাংশ মানহে হ্ৰাস হ’ব। সেয়ে এনে ব্যৱস্থাই কোনো  সহায় নকৰে। ন্যায়ালয়ে লগতে কয় যে যদি দিল্লীৰ সকলো বিভাগে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে  সঠিকভাৱে কাম নকৰে, তেন্তে অনাগত দিনত সকলো বিভাগৰ  সচিবকে মাতি পঠোৱা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক