--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতিৰিক্ত ওজন থকা লোকসকলে জীৱনত বহুতো সমস্যাৰ সন্মুখীন হয়। সেইসকল লোক অধিক এক্টিভ হৈ থাকিব নোৱাৰে। কাপোৰৰ ফিটিং ঠিক নহয়। ভাগৰ সোনকালে লাগে। বহু ৰোগে আগুৰি থাকে। আত্মবিশ্বাসৰ অভাৱ ঘটে ইত্যাদি। যদি কাৰোবাৰ ওজন বেছি হয়, তেন্তে ই কেৱল শাৰীৰিক স্বাস্থ্যই নহয় মানসিক স্বাস্থ্যতো যথেষ্ট প্ৰভাৱ পেলায়। অতিৰিক্ত ওজন থকা লোকসকলে ওজন কমাবলৈ ডায়েটৰ পৰা আৰম্ভ কৰি জিমত ব্যায়ামলৈকে প্ৰতিটো পদ্ধতি গ্ৰহণ কৰে। 

শেহতীয়াকৈ এটা খবৰ পোহৰলৈ আহিছে য’ত এজন ল’ৰাৰ মুঠ ওজনৰ আধা কমি গৈছে। ল’ৰাজনৰ ওজন কমি যোৱাৰ কৃতিত্ব আওপকীয়াকৈ অৱশ্যে তেওঁৰ প্ৰেয়সীলৈ যায়। ওজন কমি যোৱা ল’ৰাটোৰ নাম পুৱী। আগতে তেওঁৰ ওজন আছিল প্ৰায় ১৩৯ কিলোগ্ৰাম। 

ওজন কমোৱাৰ পিছত এতিয়া তেওঁৰ ওজন প্ৰায় ৬৯ কেজি। বৰ্তমান তেওঁৰ ওজন আগৰ ওজনৰ আধা। পুৱীয়ে টিকটকত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ নিজৰ ফিটনেছ যাত্ৰাৰ কথা কৈছিল। ওজন বেছি হোৱাৰ তেওঁৰ প্ৰেমিকাই তেওঁক এৰি থৈ গৈছিল। প্ৰেমিকাই পুৱীক কৈছিল- তুমি ইমান শকত, মোৰ তোমাক ভাল নলগা হৈ আহিছে। এনেদৰে কৈ প্ৰেমিকাই ত্যাগ কৰিছিল পুৱীক। এই ঘটনাৰ পাছতেই পুৱীৰ হৃদয় ভাঙি গৈছিল আৰু তেওঁ নিজকে ফিট কৰি তুলিবলৈ সংকল্প লৈছিল। ইয়াৰ বাবে পুৱীয়ে নিজৰ জীৱনশৈলী সলনি কৰিছিল। ওজন কমাবলৈ পুৱীয়ে জিমত যোগদান কৰিলে। 

একাগ্ৰচিত্তে নিজৰ শৰীৰৰ ওপৰত ধ্যান দিয়াত লাহে লাহে তেওঁ ৰিজাল্ট পাবলৈ ধৰিলে। বৰ্তমান পুৱী ফিট আৰু তেওঁৰ এবছো আছে। পুৱীয়ে আগতে XXXL চাইজৰ কাপোৰ পিন্ধিছিল কিন্তু তেওঁ এতিয়া Lচাইজৰ কাপোৰ পিন্ধে। 

পুৱীৰ শৰীৰৰ চৰ্বি বহু পৰিমাণে হ্ৰাস পোৱাৰ লগতে মাংসপেশী আটিল হৈ পৰিছে। পুৱীয়ে নিজকে সম্পূৰ্ণ ৰূপে সলাই পেলালে। মানুহে বিশ্বাস কৰিব নোৱাৰে যে সেই শকত পুৱীয়ে এতিয়া ইমান ফিজিকেলি ফিট হৈ পৰিল। জিমত ব্যায়াম কৰাৰ সমান্তৰালভাৱে পুৱীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ গুৰুত্ব দিছিল কাৰণ ৱৰ্কআউটতকৈ ডায়েটত অধিক মনোযোগ দিব লাগে। ডায়েটত পুৱীয়ে হাই প্ৰটিন ডায়েট গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ খাদ্য তালিকাত আছিল সেউজীয়া শাক-পাচলি, কাৰ্ব, কুকুৰা, কণী, ৰুটি আদি।

পুৱীক সকলোৱে এতিয়া প্ৰেৰণাৰ উৎস হিচাপে লৈছে। বিশেষকৈ হৃদয় ভঙা ল’ৰাবোৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement