--°C
Loading...
Listen to Article
2 min read
80%

মানুহৰ জন্ম, মৃত্যু আৰু বিবাহ ঈশ্বৰৰ হাতত বুলি কোৱা হয়। যিদৰে মানুহৰ জন্ম কেতিয়া হ’ব আৰু মৃত্যু কেতিয়া হ’ব ঈশ্বৰে নিজে ঠিক কৰি থৈ দিয়ে, তেনেকৈয়ে বিবাহো ঈশ্বৰৰ আদেশ অনুসৰিয়ে হয় বুলি আমাৰ সমাজে বিশ্বাস কৰে৷ কিন্তু বৰ্তমান সময়ত আমাৰ সমাজত এটা ডাঙৰ সমস্যা হৈ ধৰা দিছে বিবাহ বিচ্ছেদ। বিয়া হোৱাৰ কিছুদিনৰ পাছত বা দুই-তিনি বছৰৰ ভিতৰতে সংসাৰ গৈ আদালতৰ মজিয়া পায়। পৰিয়াল তথা সমাজৰ আশীৰ্বাদ তথা নীতি-নিয়মৰ মাজেৰে সমাপন হোৱা বৈবাহিক সম্পৰ্কসমূহ আজিকালি বৰ ঠুনুকা হোৱা দেখা গৈছে।

পাৰিবাৰিক আদালতত দিনক দিনে বৃদ্ধি পাইছে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা লোকৰ সংখ্যা। বিবাহ এক পৱিত্র বান্ধোন কিন্তু এই পৱিত্ৰ বান্ধোন কিয় আজিকালি আইনী মেৰপাকত সঘনাই সোমাবলৈ ধৰিছে সেয়া নিশ্চয়কৈ চিন্তনীয় বিষয়। আজিৰ সমাজখনত সততে দেখি থকা বা শুনি থকা বিবাহ বিচ্ছেদৰ কাহিনীবোৰে সকলোকে চিন্তাত পেলায়৷ আগতে বিবাহ বিচ্ছেদ পশ্চিমীয়া দেশসমূহতহে সংঘটিত হোৱাৰ কথা শুনা গৈছিল়, কিন্তু ই বর্তমান আমাৰ সমাজখনতো দকৈ শিপাই গাঁও পৰ্যন্ত পালেহি৷ হোমৰ জুইক সাক্ষী কৰি বা ভিন্ন বৈবাহিক নিয়ম পালন কৰি জীৱনে মৰণে এক হৈ থকাৰ অংগীকাৰ কৰা যুৱচামৰ হঠাতে অংগীকাৰ ভংগ হয়। মৰম-ভালপোৱাৰ ঠাই দখল কৰেহি সন্দেহ, ঘৃণাই।

এই লেখাত সেই বিবাহ বিচ্ছেদৰ কথা কোৱা হোৱা নাই য'ত পতি বা পত্নীয়ে জীৱনসংগীৰ পৰা তীব্ৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ পৰা মুক্তি বিচাৰি বিবাহ বিচ্ছেদ বিচাৰে। নিজৰ জীৱনটো সুন্দৰকৈ জীয়াবলৈ সকলোৱে বিচাৰে, কোনোবাই কাৰোবাৰ জীৱন বিষময় কৰি তুলিব সেই অধিকাৰ কাৰো নাই। এই লেখাত সেই বিবাহ বিচ্ছেদৰ কথা কোৱা হৈছে য'ত সামান্য কথাতেই দুয়ো দুয়োৰে পৰা বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লয়।

আজিকালি বৈবাহিক সম্বন্ধ স্থাপন কৰা বহু সহজ হ'ল৷ ঘৰৰ পৰা ঠিক কৰা বিবাহতকৈ প্ৰেম বিবাহৰ সংখ্যা বাঢ়িল। বর্তমানৰ মানুহবোৰৰ চিন্তাধাৰা প্রগতিশীল হ'ল, ফলত জাত-পাত, বর্ণ-সম্প্রদায়ক একাষৰীয়াকৈ থৈ যুৱক-যুৱতীসকলে পৰিয়াল তথা সমাজৰ সন্মতিত বিবাহপাশত আৱদ্ধ হ'ব পাৰিছে। কেৱল ৰাজ্যৰ বাহিৰতে নহয় বিদেশৰ ল’ৰা-ছোৱালীৰ সৈতেও অসমৰ ল’ৰা-ছোৱালীৰ সুন্দৰকৈ বিবাহ সম্পন্ন হৈছে। ইয়াৰ পাছৰ যাত্ৰা কিন্তু বৰ সহজ নহয়। বৈবাহিক জীৱন সুন্দৰভাৱে চলাই নিবলৈ স্বামী আৰু পত্নী দুয়োজনৰে মাজত থাকিব লাগিব বুজাবুজি৷ কেৱল এজন বুজন হৈ আনজন অবুজন হ'লে সংসাৰত সমস্যাই গা কৰি উঠে৷ দুয়োজনৰ মাজত থাকিব লাগিব প্রেম আৰু ভালপোৱা৷ সুখ আৰু দুখ দুয়ো সমানে ভগাই ল'বলৈ জানিব লাগিব।

চিন্তা, কষ্ট, ত্যাগ বলিদান আদিৰেহে এখন সংসাৰ পৰিপূৰ্ণ হয়, কিছুমানে তাকে নুবুজি বিচ্ছেদ হোৱাৰ কথা বেছিকৈ ভাবিবলৈ লয়। এগৰাকী ভাল পত্নী অথবা এজন ভাল স্বামী হোৱাটো বৰ কঠিন৷ আগৰ যুগ আৰু এতিয়াৰ যুগৰ মাজত বহু পাৰ্থক্য৷ আগৰ সংসাৰবোৰতো কাজিয়া আছিল কিন্তু আগতে এজনৰ খং উঠিলে আনজনে সহ্য কৰিছিল বা ধৈৰ্য ধৰিছিল। ফলত কাজিয়া নিমিষতে পলাই ফাঁট মেলিছিল কিন্তু আজিকালিৰ সংসাৰবোৰত যেন ধৈর্য শক্তি আৰু বুজাবুজিৰ বৰ অভাৱ। সেয়েহে কাজিয়া বাঢ়ি বাঢ়ি চৰম সীমা পায়গৈ। এনে অৱস্থাত ইজনে সিজনৰ গাত হাত তুলিবলৈও কুণ্ঠাবোধ নকৰা হ'ল। বৰ্তমানৰ পৰিয়ালত বেমেজালি বা অশান্তি আৰম্ভ হয় সৰু সৰু কাজিয়াৰ দ্বাৰা৷ সৰু সুৰা কথা গৈ ডাঙৰ ৰূপ পায়গৈ৷ মৰম-ভালপোৱাৰে সকলো সমস্যাৰে সমাধান কৰিব পাৰি কিন্তু সেই কথা বুজোতে বুজোতে আজিকালিৰ সংসাৰবোৰত ভাঙোনেই আৰম্ভ হৈ যায়।

এটা সময় আছিল, তেতিয়া কেৱল পুৰুষ জনেহে উপাৰ্জন কৰিছিল আৰু মহিলাগৰাকীয়ে ঘৰ চম্ভালিছিল। ঘৰখন পৰিচালনা কৰাত প্ৰতিটো ক্ষেত্ৰতে মহিলাগৰাকীয়ে মুখ্য ভূমিকা পালন কৰিছিল কিন্তু এতিয়া সময় সলনি হ'ল। বৰ্তমান সময়ত পুৰুষৰ সমানে সমানে মহিলাসকলো কাম কৰিবলৈ বাহিৰলৈ ওলাই আহিল, তেওঁলোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ল।ইয়াৰ লগে লগে বাঢ়িল ইগ' প্ৰব্লেমো। কোনোবাই কাৰোবাৰ কথা এষাৰ মানি ল'লেই যেন তল পৰি যাব এনেকুৱা মনোভাৱে গা কৰি উঠিল।

এনেবোৰ কথাত হয়তো সমিল-মিল, এৰা-ধৰাৰ মনোভাব অথবা সহনশীলতা গুণ কিছু পৰিমাণে হ্রাস পালে সংসাৰবোৰত৷ কিছুমান সাধাৰণ কথা বিবেক, বুদ্ধি অথবা ধৈর্যৰে সমাধান কৰিবলৈ হয়তো টান পায়৷ স্ত্রীয়ে যেনেকৈ স্বামীক শ্রদ্ধা বা মান-সন্মান কৰে, সেইদৰে স্বামীয়েও স্ত্রীৰ কাম-কাজ, ভাব-অনুভূতিক সন্মানৰ চকুৰে চোৱাটো নিতান্তই বাঞ্ছনীয়৷ কেতিয়াবা আকৌ অলাগতিয়াল কথাত ধৰি থাকি স্বামী-স্ত্ৰীয়ে বিবাহ বিচ্ছেদৰ দৰে পদক্ষেপ লৈ পেলায়। বিবাহ বিচ্ছেদ এক ব্যাধি৷ গতিকে ইজনে সিজনক বুজি বিবাহ বিচ্ছেদৰ দৰে ভয়ংকৰ সিদ্ধান্ত নলৈ কিদৰে সমস্যা সমাধান কৰি জীৱনটো সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰি সেই বিষয়েহে গুৰুত্ব দিয়া উচিত৷বিবাহ বিচ্ছেদে কেৱল স্বামী বা পত্নীৰে ভৱিষ্যৎ অন্ধকাৰ নকৰে, এনে কৰিলে সন্তানৰো ভৱিষ্যৎ নষ্ট হোৱাৰ সম্ভাৱনা থাকে আৰু দুটা পৰিয়াল সম্পূৰ্ণৰূপে ভাঙি পৰে। কোনো পিতৃ-মাতৃয়েই সন্তানক বিবাহ বিচ্ছেদ হ'বৰ বাবে বিয়া পাতি নিদিয়ে।

বিবাহ বিচ্ছেদ যেন বৰ্তমান তৰুণ প্ৰজন্মৰ বাবে ফেশ্বনত পৰিণত হৈছে। মন গ'লেই বিয়া পাতিছে, মন গলেই বিবাহ বিচ্ছেদ দিছে। নিজৰ সংসাৰখন সুন্দৰকৈ চলি থকাৰ পাছতো অন্য পুৰুষ-নাৰীৰ প্ৰতি প্ৰেম ওপজা, আসক্তি বঢ়া আদিও বৰ্তমান সময়ৰ বিবাহ বিচ্ছেদৰ অন্যতম কাৰণ। ছ'চিয়েল মিডিয়াই বিশেষকৈ এইবোৰ বিস্তাৰত সাৰ-পানী যোগালে। বিবাহ বিচ্ছেদৰ দৰে মহা ব্যাধিয়ে একোটা পৰিয়াল, একোটা জীৱন, এখন সমাজত বিৰূপ প্ৰভাৱ পেলায়। সন্তান থকা স্বামী-স্ত্রীৰ বিবাহ বিচ্ছেদে সন্তানৰ জীৱনলৈ গভীৰ অমানিশা নমাই আনে৷দুই মহৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে হয় সন্তানটোৰ অৱস্থা৷ সেই সন্তানসকল কিমান একাকীকত্ব বা অসহায়বোধত ভুগে সেই চিন্তা প্ৰতিজন অভিভাৱকে অনুধাৱন কৰা উচিত।পিতৃ–মাতৃয়ে যিয়েই কৰক সেই প্রভাৱ সন্তানৰ ওপৰত পৰিবই৷ তেওঁলোকে এটা কথা ভাবিয়েই ডাঙৰ হব যে বৈবাহিক সম্পৰ্কবোৰ হয়তো এনেকুৱাই। সন্তানক গঢ় দি সুনাগৰিক কৰি তোলাৰ দায়িত্ব পিতৃ–মাতৃৰ৷ বিবাহ বিচ্ছেদে কাৰো ভাল নকৰে। গতিকে বিবাহৰ বান্ধোন হওক দীৰ্ঘস্থায়ী…ক্ষণস্থায়ী নহয়।

-কস্তুৰী বৰঠাকুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ