--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ বিৰ্তকত পাকিস্তানী মডেল ৷ পাকিস্তানী মডেলগৰাকীয়ে কৰতাৰপুৰৰ গুৰুদ্বাৰা দৰবাৰ চাহিবৰ পৱিত্ৰতা বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে৷ কৰতাপুৰৰ গুৰুদ্বাৰ দৰবাৰ ভাৰত-পাকিস্তানৰ আন্তৰ্জাতিক সীমান্তৰ পৰা প্ৰায় ৪.৫কিলোমিটাৰ পাকিস্তানৰ নৰোৱাল জিলাত অৱস্থিত। শিখসকলৰ এই পবিত্ৰ স্থানত এগৰাকী পাকিস্তানী মডেলে মূৰত কোনোধৰণৰ কাপোৰ(উৰণি) নোলোৱাকৈ ফটো লোৱাৰ বাবে বিৰ্তকৰ মাজত সোমাই পৰিছে৷

শিখ সম্প্ৰদায়ৰ লোকসকলে এনেধৰণৰ কাৰ্যৰ দ্বাৰা তেওঁলোকৰ ধৰ্মীয় অনুভূতিক আঘাত হানিছে বুলি মন্তব্য কৰিছে, কিয়নো গুৰুদ্বাৰৰ দৰে পবিত্ৰ স্থানত তেওঁলোকে মূৰত কাপোৰ অবিহনে আনকি প্ৰৱেশ কৰিব নোৱাৰে, তেনেস্থলত মডেলগৰাকীয়ে কৰা এই কাৰ্যক লৈ শিখ সম্প্ৰদায়ৰ লোকসকল ক্ষোভিত হৈ পৰিছে৷


উল্লেখ্য যে, মডেলগৰাকীয়ে এটা কাপোৰৰ ব্ৰেণ্ডেৰ বিজ্ঞাপনৰ বাবে গুৰুদ্বাৰাৰ সন্মুখত ফটোশ্বুট কৰিছিল আৰু তেওঁ সেই ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। অকালি দলৰ মুখপাত্ৰ মনজিন্দৰ সিং চিৰছাই এই সমগ্ৰ বিষয়টোত ক্ষোভ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াৰ যোগেদি তেওঁ কয় যে, গুৰুদ্বাৰাৰ দৰে পবিত্ৰ স্থানত এনে আচৰণ কোনোপ্ৰকাৰে গ্ৰহণযোগ্য নহয়। চিৰছাই এক টুইটযোগে পাক প্ৰধানমন্ত্ৰী ইমৰান খান আৰু পাক চৰকাৰী বিষয়াসকলকো এই বিষয়ে অৱগত কৰিছে। চিৰছাই টুইটযোগে লগতে কয়, শিখসকলৰ পবিত্ৰ মন্দিৰসমূহ কোনো বনভোজস্থলী নহয়।

বিষয়টোক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে মডেল ছৌলেহাই ইনষ্টাগ্ৰামৰ পৰা ছবিবোৰ আতৰাই দিছিল। তাৰ পাছত তেওঁ সামাজিক মাধ্যমত এটা বিবৃতিৰ যোগেদি ক্ষমাও বিচাৰিছিল। ছৌলেহাই সামাজিক মাধ্যমত কয় যে, ‘মই কৰতাৰপুৰত নিজৰ এখন ফটো প’ষ্ট কৰিছিলো। মোৰ এই কাৰ্যৰ দ্বাৰা কোনো ধৰ্মীয় অনুভূতিক আঘাত হনাৰ উদ্দেশ্য নাছিলোঁ। মই মাত্ৰ কৰতাৰপুৰলৈ যাব বিচাৰিছিলো আৰু ঠাইখনৰ ইতিহাসৰ বিষয়ে অধিক জানিব বিচাৰিছিলো, সেয়াই মোৰ উদ্দেশ্য আছিল। তথাপি যদি কোনোবাই মোৰ কামৰ দ্বাৰা আঘাত পাইছে, তাৰ বাবে মই ক্ষমা বিচাৰিছো৷ পাকিস্তান আৰক্ষীয়ে ইতিমধ্যে মডেল আৰু কাপোৰ কোম্পানীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু