--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ বিৰ্তকত পাকিস্তানী মডেল ৷ পাকিস্তানী মডেলগৰাকীয়ে কৰতাৰপুৰৰ গুৰুদ্বাৰা দৰবাৰ চাহিবৰ পৱিত্ৰতা বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে৷ কৰতাপুৰৰ গুৰুদ্বাৰ দৰবাৰ ভাৰত-পাকিস্তানৰ আন্তৰ্জাতিক সীমান্তৰ পৰা প্ৰায় ৪.৫কিলোমিটাৰ পাকিস্তানৰ নৰোৱাল জিলাত অৱস্থিত। শিখসকলৰ এই পবিত্ৰ স্থানত এগৰাকী পাকিস্তানী মডেলে মূৰত কোনোধৰণৰ কাপোৰ(উৰণি) নোলোৱাকৈ ফটো লোৱাৰ বাবে বিৰ্তকৰ মাজত সোমাই পৰিছে৷

শিখ সম্প্ৰদায়ৰ লোকসকলে এনেধৰণৰ কাৰ্যৰ দ্বাৰা তেওঁলোকৰ ধৰ্মীয় অনুভূতিক আঘাত হানিছে বুলি মন্তব্য কৰিছে, কিয়নো গুৰুদ্বাৰৰ দৰে পবিত্ৰ স্থানত তেওঁলোকে মূৰত কাপোৰ অবিহনে আনকি প্ৰৱেশ কৰিব নোৱাৰে, তেনেস্থলত মডেলগৰাকীয়ে কৰা এই কাৰ্যক লৈ শিখ সম্প্ৰদায়ৰ লোকসকল ক্ষোভিত হৈ পৰিছে৷


উল্লেখ্য যে, মডেলগৰাকীয়ে এটা কাপোৰৰ ব্ৰেণ্ডেৰ বিজ্ঞাপনৰ বাবে গুৰুদ্বাৰাৰ সন্মুখত ফটোশ্বুট কৰিছিল আৰু তেওঁ সেই ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। অকালি দলৰ মুখপাত্ৰ মনজিন্দৰ সিং চিৰছাই এই সমগ্ৰ বিষয়টোত ক্ষোভ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াৰ যোগেদি তেওঁ কয় যে, গুৰুদ্বাৰাৰ দৰে পবিত্ৰ স্থানত এনে আচৰণ কোনোপ্ৰকাৰে গ্ৰহণযোগ্য নহয়। চিৰছাই এক টুইটযোগে পাক প্ৰধানমন্ত্ৰী ইমৰান খান আৰু পাক চৰকাৰী বিষয়াসকলকো এই বিষয়ে অৱগত কৰিছে। চিৰছাই টুইটযোগে লগতে কয়, শিখসকলৰ পবিত্ৰ মন্দিৰসমূহ কোনো বনভোজস্থলী নহয়।

বিষয়টোক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে মডেল ছৌলেহাই ইনষ্টাগ্ৰামৰ পৰা ছবিবোৰ আতৰাই দিছিল। তাৰ পাছত তেওঁ সামাজিক মাধ্যমত এটা বিবৃতিৰ যোগেদি ক্ষমাও বিচাৰিছিল। ছৌলেহাই সামাজিক মাধ্যমত কয় যে, ‘মই কৰতাৰপুৰত নিজৰ এখন ফটো প’ষ্ট কৰিছিলো। মোৰ এই কাৰ্যৰ দ্বাৰা কোনো ধৰ্মীয় অনুভূতিক আঘাত হনাৰ উদ্দেশ্য নাছিলোঁ। মই মাত্ৰ কৰতাৰপুৰলৈ যাব বিচাৰিছিলো আৰু ঠাইখনৰ ইতিহাসৰ বিষয়ে অধিক জানিব বিচাৰিছিলো, সেয়াই মোৰ উদ্দেশ্য আছিল। তথাপি যদি কোনোবাই মোৰ কামৰ দ্বাৰা আঘাত পাইছে, তাৰ বাবে মই ক্ষমা বিচাৰিছো৷ পাকিস্তান আৰক্ষীয়ে ইতিমধ্যে মডেল আৰু কাপোৰ কোম্পানীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ