--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:উচ্চতম ন্যায়ালয়ে Prevention of Money Laundering Act ৰ দৰে ED (Enforcement Directorate) য়ে লাভ কৰা অধিকাৰসমূহক আজি বৈধ ঘোষণা কৰে৷ আজিৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় যে পি এম এল এ আইনৰ সংশোধন সমূহ সঠিক আৰু ED ৰ গ্ৰেপ্তাৰৰ বাবে থকা অধিকাৰসমূহো বৈধ। এই ৰায়দান বৰ্তমান কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত   হৈ পৰিছে৷ উল্লেখযোগ্য যে, কংগ্ৰেছৰ লগতে আন ২৪২ খন আবেদনৰ বিশ্লেষণ কৰি উচ্চতম ন্যায়ালয়ে এই ৰায়দান দিছে। ন্যয়াধীশ এ এম খানবিলকৰ, ৰবি কুমাৰ, আৰু দিনেশ মাহেশ্বৰীৰ উপস্থিতত এই ৰায়দান দিয়া হয়৷ 

উচ্চতম ন্যায়ালয়ে পিএ এম এ আইনৰ দৰে অবৈধভাৱে আহৰণ কৰা ধন, তেনে ধনৰ তালাচী আৰু জব্দ, লগতে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ আছে বুলি সাৱধান বাণী শুনায়। 
ধনৰ অবৈধ লেনদেন লগত জড়িত কোনো ব্যক্তিক গ্ৰেপ্তাৰ অবৈধ নহয় বুলি কয়৷ অৰ্থাৎ ED ৰ গ্ৰেপ্তাৰক উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰিছে৷ সুপ্ৰিম ক’ৰ্টে কয় যে মানী লেণ্ডিং এক অপৰাধ ৷ ধাৰা ৫, ধাৰা ১৮, ধাৰা ১৯,ধাৰা ২৪ আৰু ধাৰা ৪৪ ৰ সৈতে সংযোজিত কৰা উপধাৰা সমূহো বৈধ বুলি স্পষ্ট কৰে উচ্চতম ন্যায়ালয়ে৷ উল্লেখ্য যে এই পাঁচটা ধাৰাক বৈধ বুলি উচ্চতম ন্যায়ালয়ে স্বীকৃতি দিছে৷

ধনৰ অবৈধ লেনদেন সম্পৰ্কীয়  আইন ভাৰতত ২০০২ চনতেই বলৱৎ কৰা হৈছিল৷ কিন্তু ২০০৫,২০০৯ আৰু ২০১২ চনত এই আইন সংশোধন কৰা হৈছিল৷ ২০১৩ চনত ৰাষ্ট্ৰপতিৰ অনুমতি সাপেক্ষে ১৫ ফেব্ৰুৱাৰীৰ পৰা গই আইন কাৰ্যকৰী হৈছিল । Prevention of Money Laundering Act , ২০১২ য়ে অপৰাধীয়ে ধন বাজেয়াপ্ত কৰিলে লগতে  তেনে ধন সংগ্ৰহ ,সঞ্চয়ক অপৰাধ বুলি চিনাক্ত কৰিছিল

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি