--°C
Loading...
Listen to Article
2 min read
80%
জনকল্যাণমূলক আঁচনিয়ে আপক সহায় কৰিব পাৰিবনে গুজৰাট আৰু হিমাচলত? 

 : পঞ্জাৱলৈকে নিজৰ ৰাজনৈতিক পৰিসৰ শক্তিশালীভাৱে বিস্তৃত কৰাৰ পাছত, গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত আপৰ ভূমিকা কেনে হ’ব তাক এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে। অৰবিন্দ কেজৰিৱালৰ লক্ষ্য এতিয়া স্পষ্ট আৰু শক্তিশালী৷ বিজেপি আৰু কংগ্ৰেছে প্ৰভাৱ বিস্তাৰ কৰা প্ৰতিটো নিৰ্বাচনতে আপৰ উপস্থিতিয়ে এক তিনিকোণীয়া যুঁজৰ জন্ম দিছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহৰাজ্য গুজৰাটত  যোৱা তিনিটা দশক ধৰি বিজেপি দলে শাসন ক্ষমতা লাভ কৰি আহিছে৷ বৰ্তমান গুজৰাটৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিৰোধী দল কংগ্ৰেছেও  যথেষ্ট চেষ্টা কৰি আছে৷ হিমাচল প্ৰদেশত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই সমানে প্ৰভাৱ বিস্তাৰ কৰি আছে৷আম আদমী পাৰ্টিয়ে এনে পৰিস্থিতিত বিজেপিক পৰাজিত কৰিব নোৱাৰিলে কংগ্ৰেছৰ সৈতে একত্ৰিত হৈ গুজৰাটত বিজেপিৰ ভোট হ্ৰাস কৰাৰ সম্ভাৱনা আছে। ৰাজনৈতিক বিষয়া অমিতাভ তিৱাৰীয়ে মন্তব্য কৰি যে আম আদমী দলৰ ৰাজনৈতিক নীতি সমূহ বাওঁমুখী হ’বলৈ ধৰিছে৷ 

গুজৰাটত কেজৰিৱালে ঘোষণা কৰে নিৰ্বাচনত জয়যুক্ত হ’লে ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যু যোগান ধৰা হ’ব৷ লগতে যদি ভগৱানে ক্ষমতা দিয়ে তেন্তে দেশৰ সকলো ঠাইতে শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থা বিনামূলীয়া কৰা হ’ব বুলিও কথা দিয়ে অৰবিন্দ কেজৰিৱালে৷

ভোট লাভৰ বাবে নৰেন্দ্ৰ মোডীয়ে অনুসৰণ কৰা “ৰেৱাদী সংস্কৃতি”ক  সমালোচনা কৰে কেজৰিৱালে ৷আনহাতে মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা, স্বাস্থ্য সেৱা আৰু শিক্ষাৰ ব্যৱস্থা কৰাহে প্ৰয়োজনীয় আছিল বুলিও মন্তব্য কৰে কেজৰিৱালে। 

যি কৌশলৰে কেজৰিৱালে দিল্লীৰ শাসন ক্ষমতা লাভ কৰিছিল সেই কৌশল অৱলম্বন কৰি গুজৰাট বা হিমাচলত সফল নহ’বও পাৰে কেজৰিৱাল৷কাৰণ হিমাচলৰ সৰ্বমুঠ ঘৰুৱা উৎপাদন দেশৰ ভিতৰতে বেছি আৰু গুজৰাট উদ্যোগিক ক্ষেত্ৰত দেশৰ ভিতৰতে সফল ৷এই দুই ৰাজ্যত প্ৰভাৱ বিস্তাৰ কৰিবলৈ হ’লে আপে নিজৰ কৌশল সলনি কৰিব লাগিব বুলিও মন্তব্য কৰে অমিতাভ তিৱাৰীয়ে। 

আনহাতে হিমাচল আৰু গুজৰাটত ক্ষমতা এৰাত নাই বিজেপি৷ কিন্তু একেসময়তে ভোট লাভৰ বাবে বিজেপিয়ে আপৰ দৰে বিনামূলীয়া সেৱা প্ৰদানৰ কৌশল অনুসৰণ কৰা দেখা গৈছে৷ চৰকাৰে ৪০০০খন গাৱত বিনামূলীয়া ৱাই -ফাইৰ যোগান, প্ৰতি মাহে ১ কেজিকৈ বিনামূলীয়া ৰহৰ দাইল, গৰ্ভৱতী মহিলাৰ বাবে ২ কেজি বুটৰ দাইল ১ লিটাৰ তেল যোগান ধৰাৰ কথা কৈছে৷ অনুন্নত অঞ্চলত অৱস্থিত কস্তুৰবা বিদ্যালয়ৰ ২৭০০০ ছাত্ৰীৰ বিনামূলীয়া থকা -খোৱাৰ ব্যৱস্থা , বিনামূলীয়া কিতাপ ,কৃষকৰ বাবে ড্ৰাম আৰু প্লাষ্টিক বাচনৰ যোগান আদি আঁচনিক আপৰ সৈতে যুঁজ দিবলৈ হাতত লোৱা হৈছে বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশেষজ্ঞ সকলে৷ 

আনহাতে , হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ অবিহনেই তিনি দশকৰ ভিতৰত প্ৰথবাৰৰ বাবে নিৰ্বাচনী যুদ্ধত নামিব৷ আনহাতে কংগ্ৰেছ আৰু বিজেপিৰ নিৰ্বাচনী যুঁজখনত আপৰ প্ৰভাৱ তেনেই নিশকতীয়া হ’ব বুলিও মন্তব্য কৰিছে বহু ৰাজনৈতিক বিশেষজ্ঞয়ে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি