--°C
Loading...
Listen to Article
2 min read
80%
জনকল্যাণমূলক আঁচনিয়ে আপক সহায় কৰিব পাৰিবনে গুজৰাট আৰু হিমাচলত? 

 : পঞ্জাৱলৈকে নিজৰ ৰাজনৈতিক পৰিসৰ শক্তিশালীভাৱে বিস্তৃত কৰাৰ পাছত, গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত আপৰ ভূমিকা কেনে হ’ব তাক এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে। অৰবিন্দ কেজৰিৱালৰ লক্ষ্য এতিয়া স্পষ্ট আৰু শক্তিশালী৷ বিজেপি আৰু কংগ্ৰেছে প্ৰভাৱ বিস্তাৰ কৰা প্ৰতিটো নিৰ্বাচনতে আপৰ উপস্থিতিয়ে এক তিনিকোণীয়া যুঁজৰ জন্ম দিছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহৰাজ্য গুজৰাটত  যোৱা তিনিটা দশক ধৰি বিজেপি দলে শাসন ক্ষমতা লাভ কৰি আহিছে৷ বৰ্তমান গুজৰাটৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিৰোধী দল কংগ্ৰেছেও  যথেষ্ট চেষ্টা কৰি আছে৷ হিমাচল প্ৰদেশত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই সমানে প্ৰভাৱ বিস্তাৰ কৰি আছে৷আম আদমী পাৰ্টিয়ে এনে পৰিস্থিতিত বিজেপিক পৰাজিত কৰিব নোৱাৰিলে কংগ্ৰেছৰ সৈতে একত্ৰিত হৈ গুজৰাটত বিজেপিৰ ভোট হ্ৰাস কৰাৰ সম্ভাৱনা আছে। ৰাজনৈতিক বিষয়া অমিতাভ তিৱাৰীয়ে মন্তব্য কৰি যে আম আদমী দলৰ ৰাজনৈতিক নীতি সমূহ বাওঁমুখী হ’বলৈ ধৰিছে৷ 

গুজৰাটত কেজৰিৱালে ঘোষণা কৰে নিৰ্বাচনত জয়যুক্ত হ’লে ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যু যোগান ধৰা হ’ব৷ লগতে যদি ভগৱানে ক্ষমতা দিয়ে তেন্তে দেশৰ সকলো ঠাইতে শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থা বিনামূলীয়া কৰা হ’ব বুলিও কথা দিয়ে অৰবিন্দ কেজৰিৱালে৷

ভোট লাভৰ বাবে নৰেন্দ্ৰ মোডীয়ে অনুসৰণ কৰা “ৰেৱাদী সংস্কৃতি”ক  সমালোচনা কৰে কেজৰিৱালে ৷আনহাতে মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা, স্বাস্থ্য সেৱা আৰু শিক্ষাৰ ব্যৱস্থা কৰাহে প্ৰয়োজনীয় আছিল বুলিও মন্তব্য কৰে কেজৰিৱালে। 

যি কৌশলৰে কেজৰিৱালে দিল্লীৰ শাসন ক্ষমতা লাভ কৰিছিল সেই কৌশল অৱলম্বন কৰি গুজৰাট বা হিমাচলত সফল নহ’বও পাৰে কেজৰিৱাল৷কাৰণ হিমাচলৰ সৰ্বমুঠ ঘৰুৱা উৎপাদন দেশৰ ভিতৰতে বেছি আৰু গুজৰাট উদ্যোগিক ক্ষেত্ৰত দেশৰ ভিতৰতে সফল ৷এই দুই ৰাজ্যত প্ৰভাৱ বিস্তাৰ কৰিবলৈ হ’লে আপে নিজৰ কৌশল সলনি কৰিব লাগিব বুলিও মন্তব্য কৰে অমিতাভ তিৱাৰীয়ে। 

আনহাতে হিমাচল আৰু গুজৰাটত ক্ষমতা এৰাত নাই বিজেপি৷ কিন্তু একেসময়তে ভোট লাভৰ বাবে বিজেপিয়ে আপৰ দৰে বিনামূলীয়া সেৱা প্ৰদানৰ কৌশল অনুসৰণ কৰা দেখা গৈছে৷ চৰকাৰে ৪০০০খন গাৱত বিনামূলীয়া ৱাই -ফাইৰ যোগান, প্ৰতি মাহে ১ কেজিকৈ বিনামূলীয়া ৰহৰ দাইল, গৰ্ভৱতী মহিলাৰ বাবে ২ কেজি বুটৰ দাইল ১ লিটাৰ তেল যোগান ধৰাৰ কথা কৈছে৷ অনুন্নত অঞ্চলত অৱস্থিত কস্তুৰবা বিদ্যালয়ৰ ২৭০০০ ছাত্ৰীৰ বিনামূলীয়া থকা -খোৱাৰ ব্যৱস্থা , বিনামূলীয়া কিতাপ ,কৃষকৰ বাবে ড্ৰাম আৰু প্লাষ্টিক বাচনৰ যোগান আদি আঁচনিক আপৰ সৈতে যুঁজ দিবলৈ হাতত লোৱা হৈছে বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশেষজ্ঞ সকলে৷ 

আনহাতে , হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ অবিহনেই তিনি দশকৰ ভিতৰত প্ৰথবাৰৰ বাবে নিৰ্বাচনী যুদ্ধত নামিব৷ আনহাতে কংগ্ৰেছ আৰু বিজেপিৰ নিৰ্বাচনী যুঁজখনত আপৰ প্ৰভাৱ তেনেই নিশকতীয়া হ’ব বুলিও মন্তব্য কৰিছে বহু ৰাজনৈতিক বিশেষজ্ঞয়ে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান