--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দলৰ ভিতৰত অন্তঃকন্দল। চৰকাৰখনৰো বৰ্তমান স্থিতি খুবেই সংকটজনক। শিৱসেনাৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে শেষ পৰ্যন্তলৈকে চৰকাৰখন বচাবলৈ চেষ্টা কৰি আছে। তেওঁ দলৰ কৰ্মীসকলৰ সমৰ্থকসকললৈ এটা বাৰ্তাও প্ৰেৰণ কৰিছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে যদি শিৱ সৈনিকসকলে তেওঁক অযোগ্য বুলি ভাবে আৰু দল টো চলাবলৈ বিফল হোৱা বুলি ভাৱে তেন্তে তেওঁ দল আৰু মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ সাজু। অৱশ্যে, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কয়, "উদ্ধৱ ঠাকৰেয়ে পদত্যাগ নকৰে। প্ৰয়োজন হ'লে সকলো শিৱ সৈনিক ৰাজপথলৈ ওলাই আহিব। "

মহাৰাষ্ট্ৰত মিত্ৰজোঁট চৰকাৰৰ সংকট অব্যাহত আছে। মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে শুকুৰবাৰে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰৰ সৈতে চৰকাৰক বচোৱাৰ পৰিত্ৰাণ  বিচাৰি এখন বৈঠকো কৰিছে। ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে বিদ্ৰোহী নেতা একনাথ চিন্দেৰ বিৰুদ্ধে মুখ খুলি দলৰ কৰ্মী আৰু সমৰ্থকসকললৈ এক আৱেগিক বাৰ্তা প্ৰেৰণ কৰে।

এক ভিডিঅ' বাৰ্তাত উদ্ধৱ ঠাকৰেয়ে কয়, "যদি আপুনালোকে ভাবে যে মই অক্ষম, তেন্তে মই এই মুহূৰ্তত দলৰ পৰা পদত্যাগ কৰিম। যদি আপুনালোকে ভাবে যে মই দলটো চলাবলৈ বিফল হৈছো, তেন্তে মই নিজকে দলৰ পৰা পৃথক কৰিম। ভিডিঅ' বাৰ্তাটোত উদ্ধৱে বিদ্ৰোহী নেতা একনাথ চিন্দেকো লক্ষ্য কৰি কয়। শিৱসেনা এতিয়াও শেষ হোৱা নাই। যিসকলে বিজেপিৰ পক্ষ লৈছে তেওঁলোকে দলটোৰ ক্ষতি কৰিছে। 

দলীয় কৰ্মী আৰু সমৰ্থকসকললৈ প্ৰেৰণ কৰা বাৰ্তাত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে লগতে কয়, "কিছুদিনৰ আগতে মই সন্দেহ কৰিছিলো যে এনেধৰণৰ কিবা ঘটিব পাৰে। তেতিয়া মই সিন্দেক ফোন কৰিছিলো আৰু শিৱসেনাৰ দায়িত্ব ল'বলৈ প্ৰস্তাৱ দিছিলো। শিন্দে মোক কৈছিল যে এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটে আমাক আৰু বিধায়কসকলক শেষ কৰিবলৈ চেষ্টা কৰি আছে। আমি বিজেপিৰ সৈতে যাব বিচাৰো। বিদ্ৰোহী বিধায়কসকলক সম্বোধন কৰি তেওঁ কয়, "যদি কোনোবাই বিজেপিলৈ যাব বিচাৰে, তেন্তে সেই বিধায়ক বা নেতাই মোক ক'ব লাগে আৰু তাৰ পাছত হে তেওঁলোকে পদক্ষেপ লব লাগে।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি