--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দুত্ববাদী চাবমোহৰ গাত লাগি থকা বিজেপিয়ে দেশৰ প্ৰায় ভাগ ৰাজ্যতে জনজাতীয় ভোটাৰক আকৃষ্ট  কৰিব পৰা নাই। ইয়াৰ প্ৰমাণ বহু ৰাজ্যৰ বিগত কেইবাটাও বিধানসভা নিৰ্বাচনতেই পোৱা গৈছে। অহা এক-দুই বছৰৰ ভিতৰত দেশৰ কেইবা খনো ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। সেয়ে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য সমূহত জনজাতীয় ভোটাৰসকলক আকৃষ্ট কৰাৰ বাবে বিজেপিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই প্ৰচেষ্টাৰে অংশবিশেষ হিচাবে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতিৰ পদত প্ৰক্ষেপ কৰা হৈছে বুলি বহুতে ধাৰণা কৰিছে।

যোৱা ২১ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ সংসদীয় কমিটিৰ বৈঠকৰ পিছত মুৰ্মুৰ নাম ঘোষণা কৰা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই জানিবলৈ দিয়া অনুসৰি বৈঠকত ২০ গৰাকী লোকৰ নাম আলোচনা কৰাৰ পিছত সকলোৱে সৰ্বসন্মতিক্ৰমে জনজাতীয় মহিলা নেত্ৰী তথা ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ নাম এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰিবলৈ সহমত ব্যক্ত কৰিছিল।শাসকীয় পক্ষৰ এই সিদ্ধান্তৰ পূৰ্বে বিৰোধী দলসমূহে যশোৱন্ত সিনহাক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল।

 জানিব পৰা মতে যশোৱন্ত সিনহাই ২৭ জুনত মনোনয়ন দাখিল কৰিব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৯ জুন।

 বিজেপিৰ ভিতৰত জনজাতীয় লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ সমগ্ৰ ভাৰততে নেতাৰ অভাৱ , এয়া দলটোৰ শীৰ্ষ নেতাসকলেও অনুভৱ কৰি আহিছে। সেয়ে  ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক বিজেপিয়ে ৰাষ্ট্ৰপতি পদত প্ৰক্ষেপ কৰিছে। বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকৰ পাছত মঙলবাৰে দলৰ সভাপতি জে পি নাড্ডাই দ্ৰৌপদী মুৰ্মুৰ প্ৰাৰ্থীত্ব ঘোষণা কৰে। 

ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হ’লে জনজাতীয় সম্প্ৰদায়ৰ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ব দ্ৰৌপদী মুৰ্মু।জনজাতীয় ভোট বেছিভাগ কংগ্ৰেছ আৰু আঞ্চলিক দল যেনে ঝাৰখণ্ডৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু গুজৰাট আৰু ৰাজস্থানত ভাৰতীয় জনজাতীয় দলেই ইমান দিনে লাভ কৰি আহিছে। সেয়ে মুৰ্মুক ৰাষ্ট্ৰপতি পদত প্ৰক্ষেপ কৰাৰ আঁৰত বিজেপিৰ দ্বাৰা এক ডাঙৰ অংক থাকিব পাৰে। এই বছৰৰ শেষৰ ফালে গুজৰাট আৰু অহা বছৰ ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত  নিৰ্বাচন অনুষ্ঠিত হ’ব। 

মুৰ্মুৰ প্ৰাৰ্থিত্বই সেয়ে সেই ৰাজ্য সমূহৰ নিৰ্বাচনত বিজেপিক সহায় কৰিব বুলি গেৰুৱা শিবিৰে ধাৰণা কৰিছে।   যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে গুজৰাট, ৰাজস্থান,  ছত্তীশগড়ৰ ১২৮ খন অনুসূচীত জনজাতি সংৰক্ষিত আসনৰ ভিতৰত ৮৬ খনত জয়লাভ কৰিছিল। ২০১৭ চনত, কংগ্ৰেছে গুজৰাটৰ ২৭ খন এছটি আসনৰ ভিতৰত ১৫ খন আৰু বিজেপিয়ে ৯ খন আসন লাভ কৰিছিল। পৰৱৰ্তী বছৰত ৰাজস্থানত কংগ্ৰেছে ২৫ খন এছটি আসনৰ ভিতৰত ১৩ খন আৰু বিজেপিয়ে আঠখন আসন লাভ কৰিছিল। মধ্য প্ৰদেশৰ ৪৭ খন এছটি আসনৰ ভিতৰত  ৩১ খন কংগ্ৰেছে লাভ কৰাৰ লগতে ১৬ খন বিজেপিলৈ গৈছিল। 

ছত্তীশগড়ত  কংগ্ৰেছে ২৯ খন এছটি আসনৰ ভিতৰত ২৭ খন আসন লাভ কৰিছিল, বিজেপিৰ বাবে মাত্ৰ দুখন আসন বাকী ৰৈছিল। ঝাৰখণ্ড (২৮), উৰিষ্যা (২৪), কৰ্ণাটক (১৫), মহাৰাষ্ট্ৰ (১৪), তেলেংগানা (৯) আৰু অন্ধ্ৰ প্ৰদেশ (৭)ত বিয়পি থকা ৯৭ খন এছ টি আসনত দলটোৰ মাত্ৰ চাৰিজন বিধায়ক আছে। সেয়ে এতিয়া দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ কৰি বিজেপিয়ে জনজাতীয় ভোটাৰৰ মন জয় কৰিব বিচাৰিছে বুলি চৰ্চা হৈছে। নিৰ্বাচনত মুৰ্মুৰ জয় প্ৰায় নিশ্চিত। 

কাৰণ শাসকীয় দলে প্ৰক্ষেপ কৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়েই প্ৰতিটো ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈ আহিছে। এইবাৰো হয়তো তাৰ ব্যতিক্ৰম নঘটিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement