--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসপ্তাহৰ পূৰ্বে সম্পন্ন হৈছিল বিয়া। নতুন পত্নীয়ে তেওঁৰ স্বামীক হাতৰ চুড়ি দিবলৈ অনুৰোধ কৰিছিল। স্বামীয়েও তেওঁৰ পত্নীৰ দাবী মানি লৈছিল। কিন্তু, চুৰিৰ দোকানলৈ যোৱাটো আছিল এক ডাঙৰ বিপদ। জনা যায় যে দম্পতীৰ ঘৰটো পোদ্দাৰ কলনীত আছিল। যুৱতীগৰাকীৰ নাম মনা আৰু তেওঁৰ স্বামীৰ নাম বিবেক পোদ্দাৰ। তেওঁলোকে ১৪ জুনত বিবাহ পাশত আৱদ্ধ হৈছিল । নিয়ম অনুসৰি মনাই অষ্টংগালাত থকা দেউতাকৰ ঘৰলৈও গৈছিল। ১৮ জুনত তেওঁ দেউতাকৰ ঘৰলৈ গৈ দুদিনৰ বাবে তেওঁৰ শহুৰেকৰ ঘৰলৈ উভতি আহে।

ঘৰলৈ উভতি অহাৰ পাছত, তেওঁ  স্বামীক ওচৰত চুৰি কিনিবলৈ অনুৰোধ কৰিছিল। বিবেকে তেতিয়া তেওঁৰ পত্নী মনাক দিনদয়াল চকৰ এখন চুৰিৰ দোকানলৈ লৈ গৈছিল। কিন্তু, সেই সময়ত, মনাই আন এজন ব্যক্তিৰ হাত ধৰি পলাই গৈছিল। যুৱতীগৰাকী তেওঁৰ সন্মুখতে  গাড়ীত উঠি, পলাই গল। 

বিবেকে তেতিয়া গাড়ীখন পিছে-পিছে দৌৰ ললে তেতিয়া পত্নীয়ে জোৰেৰে ক'লে, "মোক অনুসৰণ কৰাৰ প্ৰয়োজন নাই। এই লৰা জন মোৰ প্ৰেমিক। মই তেওঁৰ সৈতে থাকিব বিচাৰো। 
বিবেকে তাৰ পিছত ঘৰলৈ উভতি আহিছিল আৰু গোটেই বিষয়টো আৰক্ষীক জনাইছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে,  মনা ইতিমধ্যে যুৱকজনৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত আছিল। 

এই ক্ষেত্ৰত, বিবাহ পৰিয়ালৰ হেঁচাত হৈছিল নে বিয়াৰ পিছত মনাই গহনাবোৰ লৈ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল, তাৰ ওপৰত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। জানিব পৰা গৈছে যে বিবেকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে যে তেওঁৰ পত্নীক অপহৰণ কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। বিয়াৰ সাত দিনৰ ভিতৰত এইটো কিয় হৈছিল? সেই সকলোবোৰ বিষয় এতিয়া তদন্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ